Logo
image

গুৱাহাটীৰ বাৰত আৰক্ষীক আক্ৰমণ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২২ এপ্ৰিল: ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰী সম্প্ৰতি মায়া নগৰীত পৰিণত হৈছে৷ নিশাৰ আন্ধাৰ নামি অহাৰ লগে লগে যেন মাতাল হৈ পৰে গুৱাহাটী মহানগৰী৷ এটাৰ পিছত আনটো অপৰাধ জনিত ঘটনা সংঘটিত হোৱাৰ পাছতো স্মাৰ্ট আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে৷ ইতিমধ্‌য়ে চুৰি, ডকাইতি আদিৰ দৰে ঘটনাই অপৰাধীৰ ৰম্যভূমি হিচাপে পৰিচয় দিছে গুৱাহাটী মহানগৰীক৷ সমানে বৃদ্ধি পাইছে সুৰাপায়ীৰ উপদ্ৰৱ৷ একাংশ পাব, বাৰত পুৱতি নিশালৈকে চলা সুৰাৰ আড্ডাই বিনষ্ট কৰিছে মহানগৰীৰ সামাজিক সুস্থ বাতাবৰণ৷ এইবাৰ সুৰাপায়ীৰ হাতৰ পৰা সাৰি নগ’ল অসম আৰক্ষীৰ জোৱানো৷ পুৱতি নিশা গুৱাহাটী মহানগৰীৰ বশিষ্ঠত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ সাধাৰণ জনতাক নিৰাপত্তা দিয়া আৰক্ষীকে নিৰাপত্তাহীনতাত ভোগালে মহানগৰীৰ এখন বাৰে৷ বাৰ কতৃৰ্পক্ষই একাংশ যুৱক যুৱতীৰ সহযোগত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি ম’বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে বশিষ্ঠ আৰক্ষী থানাৰ এজন কৰ্তব্যৰত জোৱানক৷ প্ৰদীপ বসুমতাৰী নামৰ এজন আৰক্ষী জোৱানক প্ৰহাৰ এটা দুৰ্বৃত্তৰ দলৰ৷ জানিব পৰা মতে, বশিষ্ঠ থানাৰ আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰী কালি নিশা প্ৰায় ১০ মান বজাত প্ৰৱেশ কৰিছিল বশিষ্ঠস্থিত দ্য ইকো নামৰ পাবখনত৷ পিছে হঠাৎ আৰক্ষী জোৱানজনক বাৰ কতৃৰ্পক্ষৰ সৈতে এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে৷ কেৱল প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে ম’বিল ঢালি জ্বলাই দিবলৈ উদ্যত হোৱা বুলি অভিযোগ কৰে প্ৰদীপ বসুমতাৰী নামৰ আৰক্ষী জোৱানজনে৷ ওজাগৰে নিশা আক্ৰমণৰ বলি হৈ কোনোমতে প্ৰাণৰক্ষা কৰি পুৱা উভতি আহে আৰক্ষী জোৱানজন৷ দুৰ্বৃত্তৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰী৷ ঘটনা সন্দৰ্ভত বাৰৰ ভিতৰৰ পৰা এজন লোকে বশিষ্ঠ থানাত খবৰ দিয়ে৷ এই খবৰৰ ভিত্তিত ঘটনা স্থলীত উপস্থিত হয় উপ পৰিদৰ্শক ৰঞ্জন ৰয় নেতৃত্বত আৰক্ষীৰ এটা দল৷ ঘটনা স্থলীত উপস্থিত হোৱাৰ পিছতেই উদণ্ড যুৱকৰ দলটোৱে আৰক্ষী বিষয়া ৰঞ্জন ৰয়কো আক্ৰমণ কৰে৷ পিছত আৰক্ষী বিষয়া ৰঞ্জন ৰয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰীক উদ্ধাৰ কৰি থানা লৈ নিয়ে৷ মূলত আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰীয়ে যুৱতীক অশ্লীল ইংগিত দিয়াৰ বাবেই কাজিয়াৰ সূত্ৰ পাত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ সুৰাৰ ৰাগিত মাতাল হৈ থকা অংকুৰ দত্ত, দেৱানন্দ্ৰ দেৱ, কৃষানু লহকৰ, অভিনেত্ৰী কৰৱী শৰ্মা, ময়ূৰী কলিতা লগত থকা কেইবা গৰাকী যুৱতীৰে সামান্য কথাক লৈ কাজিয়া হৈছিল৷ আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰী বিৰুদ্ধে অশ্লীল ইংগিত দিয়াৰ অভিযোগ তুলিছে বাৰত থকা যুৱতী সকলে৷ ঘটনা সন্দৰ্ভত উদণ্ড যুৱকৰ দলটোৰ সৈতে থকা ময়ূৰী কলিতাই এজাহাৰ দাখিল কৰিছে৷ একেদৰে আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰীৰ পত্নী বিউটী পাটোৱাৰীয়েও থানাত এজাহাৰ দাখিল কৰে৷ উদণ্ড যুৱকৰ আক্ৰমণৰ বলি হোৱা উপ পৰিদৰ্শক ৰঞ্জন ৰয়ো পৃথকে থানাত এজাহৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ২৬৭/২৪, ২৬৮/২৪ আৰু ২৬৯/২৪ নম্বৰত তিনিটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে জোৱানক আক্ৰমণ কৰা বাৰৰ মালিক অংকুৰ দত্ত, কৰ্মচাৰী দেৱানন্দ্ৰ দেবনাথ আৰু কৃষানু লহকৰক গ্ৰেপ্তাৰ কৰাৰ লগতে কৰৱী শৰ্মা আৰু ময়ূৰী কলিতাক আটক কৰি জেৰাৰ অন্তত মুকলি কৰি দিয়ে৷ আনহাতে দ্যঁা ইকোঁ নামৰ পাবখনত পুৱতি নিশালৈকে সুৰাৰ আড্ডা চলাই যোৱাৰ অভিযোগো দীৰ্ঘদিনীয়া৷ তৎসত্ত্বেও কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই বাৰখনৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷