Logo
image

৮ জনৰ মনোনয়ন নাকচ কাণে কাণ মাৰি সাৰিল মীৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ এপ্ৰিল: গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ মনোনয়ন নাকচ কৰাৰ দাবী উত্থাপিত হলেও নিৰ্বাচনী বিষয়াই প্ৰাৰ্থীগৰাকীৰ মনোনয়নপত্ৰ বৈধ বুলি সোমবাৰে ঘোষণা কৰে৷ ফলত কানে কান মাৰি সাৰিগ’ল কংগ্ৰেছ প্ৰাথীগৰাকী৷ উল্লেখ্য যে মীৰা বৰঠাকুৰ গোস্বামীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰা মনোনয়ন পত্ৰ আৰু শপতনামাত ব্যাপক আসোৱাহ থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুই প্ৰাৰ্থী অমিতাভ শৰ্মা আৰু কাজি নেকিব আহমেদে৷ তেওঁলোকে অভিযোগ কৰি কয়–২০ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ সময়ত ৰহস্যজনকভাৱে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ মনোনয়ন পত্ৰ আৰু শপতনামাত গুৰুতৰ আসোৱাহ থকা স্বত্বেও তেওঁৰ মনোয়নন পত্ৰ নাকচ নকৰিলে৷ মীৰা বৰঠাকুৰ গোস্বামীয়ে দুবাৰকৈ শপতনামা দাখিল কৰিছিল আৰু দুয়োখনেই আছিল যথেষ্ট আসোৱাহপূৰ্ণ৷ আমি লগে লগেই জিলা ৰিটাৰ্ণিং বিষয়াক এই বিষয়ে লিখিত অভিযোগ দাখিল কৰাৰ লগতে তাৰ প্ৰতিলিপি কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া আৰু নিৰ্বাচন আয়োগে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষকলৈ প্ৰেৰণ কৰিছো৷ আসোৱাহমুক্ত শপতামা দাখিল কৰা বাবে মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰাৰ্থিত্ব নাকচ কৰাৰ বাবে আমি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো৷ দুয়োজন প্ৰাৰ্থীৰ এই অভিযোগৰ পাছতো সোমবাৰে নিৰ্বাচনী বিষয়াই মীৰা বৰঠাকুৰ গোস্বামীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰাত কোনোমতে ৰক্ষা পৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী৷ উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া চ্ছ্ৰটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি  ৮জন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়৷ কোকৰাঝাৰ সমষ্টিৰ এজন, ধুবুৰী সমষ্টিৰ ৪জন, বৰপেটা সমষ্টিৰ এজন আৰু গুৱাহাটী সমষ্টিৰ ২জন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়৷ পৰীক্ষাৰ অন্তত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সৰ্বমুঠ ৫২জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত কৰা হয়৷ আনহাতে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ আজি অন্তিম দিন আছিল৷ কোকৰাঝাৰ সমষ্টিৰ ৩জন প্ৰাৰ্থী আৰু ধুবুৰী সমষ্টিৰ ২জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে৷ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ ৪৭জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰে কোকৰাঝাৰ সমষ্টিত ১২জন, ধুবুৰী সমষ্টিত ১৩জন, বৰপেটা সমষ্টিত ১৪জন আৰু গুৱাহাটী সমষ্টিত ৮জন প্ৰাৰ্থীৰ মনোয়ন বৈধ ঘোষণা কৰা হয়৷

মই যি কাম কৰিব পাৰিম, আমিনুলে কৰিব নোৱাৰে : প্ৰদু্্যৎ বৰদলৈ

‘আমাৰ অসম’ৰ লাহৰীঘাটৰ প্ৰতিবেদক : কংগ্ৰেছ চৰকাৰৰ দিনত দলৰ শ্ল’গান আছিল ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ৷ বিজেপিৰ শ্ল’গান হৈছে ৰাইজৰ পদূলিত মদৰ দোকান– এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ আজি নগাঁও জিলা কংগ্ৰেছ আৰু মৈৰাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ধিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়া সাপ্তাহিক বজাৰ প্ৰাংগণত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত বৰাই কয়– উজনি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৫৬ ইঞ্চিৰ প্ৰধান মন্ত্ৰীৰ বুকু কপি গৈছে৷ এই সভাত চৰাঞ্চলৰ ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদু্যৎ বৰদলৈ দ্বিতীয়বাৰলৈ সাংসদ হ’বলৈ গৈ আছে৷ নগাঁৱৰ পৰা দিল্লীলৈ আকৌ যাব প্ৰদু্্যৎ বৰদলৈ৷ উজনিত কংগ্ৰেছ, মধ্য অসমত কংগ্ৰেছ আৰু নামনিত কংগ্ৰেছ দেখি মুখ্যমন্ত্ৰী কম্পমান হৈছে৷ দিল্লীত কংগ্ৰেছ চৰকাৰ হ’লে আমি অসমত ৫০০ টকাত গেছ ছিলিণ্ডাৰ দিম৷ মই আমাৰ নেতা ৰাহুল গান্ধীক কৈ দিম প্ৰদু্যৎ বৰদলৈ জিকি গ’ল৷ উজনিৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, কাজিৰঙাত মানুহে বিজেপিৰ পদুমফুলক প্ৰত্যাখ্যান কৰিলে৷ এতিয়া বিজেপিয়ে আপোনালোকৰ ভড়িত ধৰিছে নগাঁৱৰ চুকে-কোণে ঘূৰি ফুৰিছে৷ চ্ছ তাৰিখে প্ৰদু্যৎ বৰদলৈক হাতত চিনত ভোট দি মুখ্যমন্ত্ৰী দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ভাষা বুজাই দিব লাগিব৷ সভাত প্ৰদু্যৎ বৰদলৈয়ে ভাষণত কয়– মৰিগাঁৱৰ খহনীয়াৰ বাবে এছিয়ান ডেভলপমেণ্ট বেংকৰ পৰা ৭৫০ কোটি টকা আনি অসম চৰকাৰৰ দিছো৷ মই যি কাম কৰিব পাৰিম আমিনুল ইছলামে কৰিব নোৱাৰে৷ সভাত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ভাষণ ৰাখে৷