Logo
image

ডিব্ৰুগড় জে’লৰ পৰাই নিৰ্বাচন খেলিব খালিস্তানী অমৃতপালে

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৫ এপ্ৰিল : ডিব্ৰুগড় জে’লৰ পৰাই নিৰ্বাচন খেলিব খালিস্তানী অমৃতপাল সিঙে৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খালিস্থানী সমৰ্থিত তথা ৱাৰিছ পঞ্জাবৰ প্ৰমুখ অমৃতপাল সিঙে৷ অমৃতপাল সিঙে ৰাজদেৱ সিং খালছাক মুখ্য মুখপাত্ৰ হিচাপে নিযুক্তি দিছে৷ নিৰ্বাচনৰ সকলো কাম-কাজ পৰিচালনাৰ বাবে দায়িত্ব  অৰ্পন কৰা হৈছে জ্যেষ্ঠ অধিবক্তা ৰাজদেৱ সিং খালছাক৷ ইফালে, অমৃতপাল সিঙে বিশেষ এটা ৰাজনৈতিক দলৰো সমৰ্থন লাভ কৰা বুলি জানিবলৈ দিছে অধিবক্তা খালছাই৷ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই অমৃতপাল সিঙে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলাই থকাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছে৷ অৱশ্যে এই খবৰ পোনছাটে নস্যাৎ কৰিছে অমৃতপাল সিঙৰ মাতৃয়ে৷ মাতৃয়ে আজি সংবাদ মাধ্যমক দিয়া ভাষ্য অনুসৰি অমৃতপাল সিঙে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো পৰিকল্পনা নাই৷ এই খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে অমৃতপাল সিঙৰ মাতৃয়ে৷ উল্লেখযোগ্য যে, অমৃতপাল সিঙে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ওলোৱা খবৰে দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিগত বৰ্ষৰ ২৩ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী তথা খালিস্তানপন্থী বিদ্ৰোহী নেতা অমৃতপাল সিঙক৷ পঞ্জাৱৰ মগা গুৰুদ্বাৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অমৃতপালক বাথিন্দ্ৰা বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ অনা হৈছিল৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এনএছএৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে৷ ২০২৩ চনৰ ১৮ মাৰ্চৰ পৰা পলাতক হৈ থকা অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিছিল৷ বিদেশলৈ গৈ থকা অৱস্থাত অমৃতপালৰ পত্নীকো গ্ৰেপ্তাৰ কৰিছিল পঞ্জাৱ আৰক্ষীয়ে৷ ইয়াৰ পিছতে ২৩ এপ্ৰিলত পঞ্জাৱৰ মগা নামৰ গাঁওখনৰ পৰা গ্ৰেপ্তাৰ কৰে বিদ্ৰোহী নেতাজনক৷ উল্লেখযোগ্য যে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানপন্থী সমৰ্থকৰ সংখ্যা জ্ঝ জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰৰ ১৩ নং চেলত ৰখা হৈছে৷ ২০২৩ চনৰ ১৯ মাৰ্চত অমৃতপাল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়লৈ অনা হৈছিল৷ দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিঙক অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ৷ ২১ মাৰ্চত পুনৰ ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পিছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱাণ্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ অমৃতসৰৰ পৰা বায়ুসেনাৰ বিশেষ বিমানেৰে কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে অনা হৈছিল অমৃতপাল সিঙৰ দেহৰক্ষীক৷ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে পঞ্জাৱ আৰক্ষী আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দলে কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানপন্থী আটাইকেইজন নেতাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে কঠোৰ আইন৷