Logo
image

মে’ৰ প্ৰথম সপ্তাহত উচ্ছতৰ মাধ্যমিকৰ ফলাফল : শিক্ষামন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ এপ্ৰিল : মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে এতিয়া উচ্ছতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ সকলোৰে উৎকণ্ঠা বৃদ্ধি পাইছে৷ অৱশ্যে এই সকলো উৎকণ্ঠাৰ অন্ত পেলাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে ৫ মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্ছতৰ মাধ্যমিকৰ ফলাফল৷ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে ইতিমধ্যে ফলাফল ঘোষণাৰ বাবে সাজু হৈছে কাউন্সিল৷ উল্লেখ্য, যোৱা ২০ এপ্ৰিলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ ইফালে, ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজায়ে আজি এক নিৰ্দেশযোগে ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকৃত স্কুল-কলেজসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত বছৰি ২ লাখ টকাৰ কম আয়ৰ পৰিয়ালৰ সন্তানৰ বাবে চলিত বৰ্ষতো নামভৰ্তিকে ধৰি সকলো ধৰণৰ মাচুল ৰেহাইৰ কথা ঘোষণা কৰিছে৷ তাৎক্ষণিকভাৱে এই নিৰ্দেশ কাৰ্যকৰী হ’ব বুলি জাননীত উল্লেখ কৰা হৈছে৷ আনহাতে, উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষত অনলাইনত নামভৰ্তিৰ বাবে কালি মুকলি হৈছে দৰ্পন পৰ্টেল৷ নামভৰ্তিৰ প্ৰ-পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ২ মে’৷ ৩-৪ মে’ত শিক্ষানুষ্ঠানসমূহে মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট প্ৰস্তুত কৰিব লাগিব৷ ৫মে’ৰ মাজনিশা প্ৰকাশ পাব মেধাৰ তালিকা৷ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ বাবে ৬-৮ মে’ত নিশ্চিত কৰিব লাগিব শিক্ষানুষ্ঠানৰ নাম৷ ৯-১০ মে’ত অনলাইন পদ্ধতিৰে সম্পন্ন হ’ব নামভৰ্তিৰ প্ৰক্ৰিয়া৷