Logo
image

নিৰ্বাচনী সভাৰ মাজতে বেহুঁচ হৈ ঢলি পৰিল গাডকাৰি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ এপ্ৰিল : দেশৰ অধিকাংশ ৰাজ্যত আগতীয়া তাপপ্ৰবাহ আৰম্ভ হৈ যোৱাৰ ফলত প্ৰচণ্ড গৰমত নিৰ্বাচনী সভাত ভাগ লৈ কাহিল হৈ পৰিছে সাধাৰণতে শীত-গ্ৰীষ্মৰ অত্যাচাৰৰ পৰা হাত সাৰি থকা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আৰু প্ৰচাৰক৷ তেনে গৰমৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি মহাৰাষ্ট্ৰৰ য়াভাটমালৰ এখন নিৰ্বাচনী সভাত মঞ্চতে অচেতন হৈ বাগৰি পৰে৷দেশৰ অধিকাংশ ৰাজ্যত আগতীয়া তাপপ্ৰবাহ আৰম্ভ হৈ যোৱাৰ ফলত প্ৰচণ্ড গৰমত নিৰ্বাচনী সভাত ভাগ লৈ কাহিল হৈ পৰিছে সাধাৰণতে শীত-গ্ৰীষ্মৰ অত্যাচাৰৰ পৰা হাত সাৰি থকা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আৰু প্ৰচাৰক৷ তেনে গৰমৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি মহাৰাষ্ট˜ৰ য়াভাটমালৰ এখন নিৰ্বাচনী সভাত মঞ্চতে অচেতন হৈ বাগৰি পৰে৷ তেওঁক তৎপৰতাৰে দলীয় কৰ্মীয়ে মঞ্চৰ পৰা আঁতৰাই নি চিকিৎসা সাহায্য প্ৰদান কৰি চিকিৎসালয়ত ভৰ্তি কৰে৷ কেইঘণ্টামান পাছত গাডকাৰি সুস্থ হৈ উঠিলেও তেওঁ পুনৰ সেই নিৰ্বাচনী সভাত ভাগ ল’বলৈ সক্ষম নহ’ল৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণতে তেওঁৰ নাগপুৰ সমষ্টিত ৰাজনৈতিক ভাগ্য ইভিএমত বন্দী হৈছিল৷ গাডকাৰিয়ে বুধভাৰে য়াভাটমালৰ পুচাড়ত শিৱসেনাৰ একনাথ সিন্দে গোটৰ প্ৰাৰ্থী ৰাজাশ্ৰী পাটিলৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল৷