Logo
image

একেদিনাই প্ৰদ্যুতৰ হৈ নামিল তিনি গগৈ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু মৰিগাঁৱৰ প্ৰতিনিধি, ২৫ এপ্ৰিল : নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ বুধবাৰে নগাঁও, মৰিগাঁৱত জোৰদাৰ প্ৰচাৰ চলায় গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে৷ নগাঁৱৰ জুৰিয়াত আগদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা খেলপথাৰখনতে কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ সভাক প্ৰত্যাহ৩ান জনাই বিশাল জনসভাক সম্বোধন কৰে শিৱসাগৰৰ বিধায়ক তথা বিৰোধী ঐক্যমঞ্চৰ মুখ্য মুখপাত্ৰ অখিল গগৈয়ে৷ বিধায়ক গগৈয়ে ২০ সহস্ৰাধিক নাগৰিকক বিজেপিক প্ৰতিহত কৰাবলৈ শপত খুৱায়৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা নগাঁও চহৰত কংগ্ৰেছে বিশাল শোভাযাত্ৰা উলিয়ায় যি শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে সাংসদ গৌৰৱ গগৈ, বিধায়ক অখিল গগৈ, বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ তেওঁলোকক সংগ দিয়ে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন, বিধায়ক শিৱামণি বৰ আদিয়ে৷ উল্লেখ্য, বুধবাৰে বিয়লি সামৰণি পৰিল ২৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ৷ ৰাজপথত নিৰ্বাচনী গীত বজাই প্ৰাৰ্থীৰ প্ৰচাৰ চলাই ফুৰা গাড়ী বোৰ বন্ধ হোৱাৰ লগে লগে স্তব্ধ হৈ পৰিল হুলস্থূলীয়া পৰিৱেশ৷ প্ৰচাৰ সভা সমাপ্ত কৰি এতিয়া প্ৰাৰ্থীৰ হৈ দলৰ কৰ্মীয়ে ঘৰে ঘৰে গৈ ভোট বিচাৰিব৷ আৰম্ভ হৈছে শেষ নিশাৰ খেল৷ আজিৰ পৰা চলিব ভোট কিনাৰ অঘোষিত প্ৰতিযোগিতা৷ তাৰ লগতে নিশাৰ অন্ধকাৰত চলিব ভয়-ভাবুকি, শক্তি প্ৰদৰ্শনৰ প্ৰচেষ্টা৷ আজি অন্তিম দিনা নগাঁও চহৰত এক বিশাল নিৰ্বাচনী সমদল উলিয়াই কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰে৷ নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই সমদলত কেইবা হাজাৰ কংগ্ৰেছী কৰ্মী-সমৰ্থকে অংশ গ্ৰহণ কৰি কংগ্ৰেছ জিন্দাবাদ, প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ ধবনিৰে নগাঁৱৰ ৰাজপথ মুখৰ কৰে৷ সমদলত প্ৰদু্যৎ বৰদলৈৰ লগতে অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, বিধায়ক শিৱামনি বৰা, ৰাইজৰ দলৰ নেতা-বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ আদিয়ে৷ এই সমদলৰ গীত-মাতে, শ্লোগানেৰে ৰাজপথ মুখৰ হৈ পৰে৷ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়, বিভিন্ন জাতি- জনগোষ্ঠী, ভাষা- ধৰ্মালম্বী লোক উবুৰি খাই পৰা ৰাজপথৰ এই পৰিৱেশত মই ভাষাহীন হৈ পৰিছোঁ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয়- বিজেপিয়ে ভয় ভীতিৰে বহু মানুহক নিজৰ ফলীয়া কৰাৰ মাজতে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ভয়-ভীতি এৰি মানুহ কংগ্ৰেছৰ সমদলত ৰাজপথলৈ ওলাই আহিছে৷ মানুহে বিজেপি প্ৰাৰ্থী জনক ভোট দি পাপৰ ভাগ নলয়৷ নগাঁৱৰ স্বাভিমানী মানুহে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ভোট দিব৷ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, মই শিলচৰ, কৰিমগঞ্জ ঘূৰি আজি নগাঁৱলৈ আহিছোঁ৷ ৰাইজে কৈছে উপযুক্ত মানুহক দিল্লীৰ সদনত দেখা পাব লাগিব৷ ৰাইজে উপযুক্ত মানুহক নিৰ্বাচন কৰিব৷ আমাৰ দল আৰু প্ৰাৰ্থীৰ অৱস্থা যথেষ্ট ভাল৷ আমি স্বাভিমান ৰক্ষাৰ বাবে, গণতন্ত্ৰ ৰক্ষাৰ বাবে নিৰ্বাচনত নামিছোঁ৷ শেষত গণতন্ত্ৰ জিকিব৷ ৰাইজ জিকিব৷ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কয়– বিজেপিৰ কফিনত শেষ গজাল মাৰিবৰ বাবে আহিছোঁ৷ নগাঁৱত বিজেপি বহু ভোটত পৰাস্ত হ’ব৷  প্ৰদু্যৎ বৰদলৈ বহু ভোটত জিকিব৷ অখিল গগৈয়ে কয়– উজনিত অসমীয়া মানুহে বিজেপি পৰিত্যাগ কৰিছে৷ ইয়াতো খিলঞ্জীয়া মানুহে বিজেপি প্ৰত্যাখ্যান কৰিব৷ এতিয়া হিমন্ত বিশ্ব শৰ্মাই উপায় নাপাই মুছলমানৰ শৰণাপন্ন হৈছে৷ তেওঁলোকৰ শেষ আশ্ৰয় হৈছে মুছলমান ভোট৷ যিজন হিমন্ত বিশ্ব শৰ্মাই কৈছিল বিজেপিক মুছলমানৰ ভোট নালাগে বুলি সেইজনেই এতিয়া মুছলমানক কৈছে– যেনে তেনে আমাক বচাই দিয়ক বুলি৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা জুৰীয়াত কংগ্ৰেছ দলৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা পিছদিনাই একেখন জুৰীয়াৰ খেল পথাৰত কংগ্ৰেছে দেখুৱালে চমক৷ মুখ্যমন্ত্ৰীৰ সভাকো চেৰ পেলাই এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হ’ল অন্তিম দিনাৰ প্ৰচাৰ সভাখন৷ লোকে লোকাৰণ্য হৈ পৰে নিৰ্বাচনী জুৰীয়া খেলপথাৰ৷ নিৰ্বাচনী সভাখনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাই বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে৷ হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণৰে অনুষ্ঠিত এই সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে কয়– যোৰহাটত গৌৰৱ গগৈ জিকিব বাবে মুখ্যমন্ত্ৰীৰ মাথা বেয়া হৈ গৈছে৷ সেইবাবে এতিয়া নগাঁৱত আহি মিঞা মুছলমানৰ ভোট ভিক্ষা কৰি আছে৷ হিমন্ত চৰকাৰ প্ত বছৰত মোক তিনিবছৰ জে’লত থৈছিল৷ জে’লৰ পৰা ওলাই বিধানসভা কঁপাই দিছোঁ৷ মই বিধানসভাত থাকিলে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি থাকে৷ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰি আছে৷ এইখন দুই নম্বৰী ফৰ্ম৷ এতিয়া তিনি গগৈৰ নাম শুনিলে হিমন্ত টোপনিৰ পৰা জাঁপ মাৰি উঠে৷ তিনি গগৈয়ে উজনিৰ পৰা হিমন্তক চাফা কৰি দিছোঁ৷ যদি আপোনালোকে সহযোগিতা কৰে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু আজমলক ব্ৰহ্মপুত্ৰত উটুৱাই দিম৷ হিমন্ত বিশ্ব শৰ্মাৰ পিঠি খজুৱালে চাচাক মাতি দিয়ে৷ চাচাই খজুৱাই দিয়ে৷ চাচা আৰু মামাক খেদিব পাৰিলে আমি শান্তিত থাকিব পাৰিম৷ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাক নাকত ধৰি চাকত ঘূৰাই আছে৷ অসমৰ আটাইতকৈ মিছলীয়া মানুহজন হ’ল হিমন্ত বিশ্ব শৰ্মা৷ বিধায়ক গগৈয়ে বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধেও কটূ মন্তব্য প্ৰদান কৰে৷ তেওঁ কয়– সুৰেশ বৰাৰ অতীত অতি বেয়া৷ বহুতো ধন দাবীৰ অভিযোগ আছে এইজন বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে৷ নগাঁৱৰ ৰাইজে এইবাৰ প্ৰদু্যৎ বৰদলৈকে বিপুল ভোটত জয়ী কৰিব৷ নিৰ্বাচনী সভাখনত ছয় গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু স্থানীয় বিধায়ক নুৰুল হুদায়ো নিজৰ ভাষণত বিজেপি দলক তীক্ষ্ণ সমালোচনা কৰে৷ 

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ হৈ আজি মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ কাঠনিত প্ৰচাৰ চলাবলৈ আহি সাংসদ গৌৰব গগৈয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰে৷ পীয়ুষ হাজৰিকাই গৌৰৱ গগৈয়ে বিজেপিত যোগদান কৰিবলৈ যোগাযোগ কৰিব বিচৰা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত তেওঁ কয়– পীয়ুষ হাজৰিকাই দুবছৰৰ পিছত ৰাজনীতি এৰি ভাল চিনেমা বনাওক৷ কাৰণ তেওঁৰ ডায়লগ ভাল আৰু স্ক্ৰিপ্ট ভাল৷ দিল্লী দিছপুৰত শাসন কৰা বিজেপিয়ে চাৰিউলফালে ভয় আৰু ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰি গাঁৱে ভূঞে মদৰ দোকান খুলিছে৷ কংগ্ৰেছ চৰকাৰৰ দিনত বৃদ্ধ পেঞ্চন দিছিলোঁ, তেওঁলোকে পেঞ্চন বঢ়াব নোৱাৰিলে কিন্তু দৰবৰ দাম বৃদ্ধি কৰিলে৷ বিজেপি আৰু এআইডিইউএফক মিলি আছে, কাৰণ মই নামাজ পঢ়িব যোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই বেয়া পালে বাবে বদৰুদ্দিন আজমলেও বেয়া পায় মোক সমালোচনা কৰিলে৷ উক্ত সভাত গৌৰব গগৈৰ লগত উপস্থিত থাকে সাংসদ আব্দুল খালেক, বটদ্ৰৱাৰ বিধায়ক শিবামণি বৰা আৰু লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ নজৰ৷ এই নিৰ্বাচনী সভাখনত প্ৰখৰ ৰদৰ মাজটো কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে৷ এই সভাতেই বাংলাত ভাষণ প্ৰদান কৰে সাংসদ আব্দুল খালেকে৷

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : নগাঁও লোকসভা সমষ্টিৰ ইণ্ডিয়া মিত্ৰজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মৰিগাঁও জিলাৰ মৈৰাবাৰীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়– নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা আলফাত থকাৰ সময়ত বহু মানুহক হত্যা কৰিছিল৷ ব্যৱসায়ী সকলক হাৰাশাস্তি কৰিছিল সেয়ে নগাঁৱৰ মানুহে সুৰেশ বৰাক ভোট নিদিয়ে৷ সুৰেশ বৰাই ভালকৈ বন্দুক চলাব পাৰে কিন্ত ৰাইজৰ আস্থা কেতিয়াও লাভ কৰিব নোৱাৰে৷ মৈৰাবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰি নিৰ্মাণ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই মিঞাৰ ভোট বিচাৰিছে৷ চৰকাৰী আঁচনিৰ ধন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বাপেকৰ নে মুখ্যমন্ত্ৰীৰ বাপেকৰ বুলি প্ৰশ্ন কৰে অখিল গগৈয়৷ মৈৰাবাৰীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত সভাখনত পাঁচ হেজাৰৰো অধিক লোক উপস্থিত থাকে৷ 

মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰ সামৰিলে মন্ত্ৰী পীয়ূষ হাজিৰকাই

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই আজি মৰিগাঁও আৰু জাগীৰোড বিধান সভাৰ সমষ্টিত ৪ খনকলৈ নিৰ্বাচনী প্ৰচাৰ সভা চলাই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভা সামৰণি পেলায়৷ মৰিগাঁও জিলাৰ নেলী, ঝাৰগাঁও, দন্দুৱাৰ পাছত ঔজাৰীত সামৰণি পেলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীয়ূষ হাজৰীকাই কয় আঁঠুৱা, কম্বল, সূতা পাৰ্টীৰ মানেই হৈছে কংগ্ৰেছ পাৰ্টী৷ আঁঠুৱা, কম্বল পাৰ্টীৰ প্ৰাৰ্থী জনক ৰাইজে চিনি নাপাই৷ প্ৰদ্যুত বৰদলৈৰ ঘৰ হৈছে মাৰ্ঘেৰিটাত৷ দুটাকৈ বিধানসভা নিৰ্বাচনত ৬০ হাজাৰকৈ ভোটত পৰাজিত হৈ তাৰ পৰা পলাই আহি যোৱাবাৰ নগাঁও পালেহি৷ যোৱাবাৰ লাহৰীঘাটৰ ৰাইজে ভোট দিলে৷ লাহৰীঘাটলৈ তেওঁ এদিনো নগ’ল৷ এইবাৰ লাহৰীঘাটত এখনো মিটিং পাতিব পৰা নাই৷ আজি মুখ্যমন্ত্ৰীৰ সভাত ২৫ হাজাৰ মানুহ হৈছে৷ সেয়ে এইবাৰ নগাঁৱত আমাক ৰাখিব নোৱাৰে৷ এইবাৰ আমাক সংখ্যালঘু ৰাইজেও ভোট দিব৷ গতিকে আমাৰ প্ৰাৰ্থী জিকিব আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব আৰু কংগ্ৰেছক ৰাইজে বাই বাই দিব৷ ইফালে, মন্ত্ৰী হাজৰীকাই জাগীৰোড বিধানসভা সমষ্টিৰ উন্নয়নৰ কাম কাজ ৰাইজৰ আগত দাঙি ধৰি কয়– মই আমাৰ সমষ্টিবাসী ৰাইজক নিজৰ পৰিয়ালৰ দৰে ভাবো৷ সেয়ে প্ৰতিটো উৎসৱ, বিপদ বা সমস্যাত সহায় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ৷ জাগীৰোডত আগতে ৰাস্তা পথ সমূহ একেবাৰে বেয়া আছিল৷ এতিয়া ৰাস্তাৰ ৯৫ শতাংশ আৰু জাগীৰোডৰ নলা ৭০ শতাংশ উন্নয়ন হৈছে৷ জাগীৰোডত নিৰ্মাণ কৰা আই বিটো জালুকবাৰীৰ পিছতেই অসমৰ সকলোতকৈ ধুনীয়া আই বি৷ জাগীৰোডত ৭ কোটি টকা ব্যয়ৰে এটা শীত তাপ নিয়ন্ত্ৰিত অডিটিএম, ১২ কোটি টকা ব্যয়ৰে জাগীৰোডত মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি পুনৰ অহা দুই বছৰৰ ভিতৰত আৰু ৫০ হাজাৰ ল’ৰা-ছোৱালীক চাকৰি দিব৷ মহিলা সকলক ১০ হাজাৰকৈ লাখপতি বাইদেউ টকা দিয়া হৈছে৷ এইবছৰত অহা দুইমাহৰ ভিতৰত ৪০ লাখ মহিলাক পুনৰ ১০ হাজাৰকৈ টকা দিয়া হ’ব৷ তাৰ পাছতেই ২৫ হাজাৰকৈ টকা দিয়া হ’ব ৪০ লাখ মহিলাক৷ যিসকল ল’ৰা ছোৱালীয়ে চাকৰি পোৱা নাই তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে ২ পৰা ৫ লাখকৈ টকা দিয়া হ’ব৷ ইয়াৰ জৰিয়তে তেওঁলোকে স্বাবলম্বী হবলৈ কাম কৰিব৷ তাৰ কাৰণে আমি কাম কৰি আছোঁ৷ মন্ত্ৰী হাজৰীকাই কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় অসমত কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ ৭খন বিশ্ববিদ্যালয় আছিল, কিন্তু আমি ১৫খন বিশ্ববিদ্যালয় বনালো৷ খেতিয়কৰ উৎপাদিত সামগ্ৰী বিশেষকৈ ধানৰ মূল্য চাৰিশ টকাৰ পৰা দুগুণলৈ বৃদ্ধি কৰা হ’ল৷ কংগ্ৰেছৰ ৬০ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত চাৰিখন দলং আছিল৷ আমি ৯খন দলং নিৰ্মাণ কৰিবলৈ সক্ষম হ’লোঁ৷ কাজিৰঙাত আজিৰে পৰা ৪ বছৰৰ পিছত ওপৰে ওপৰে যাব পৰা ৰাস্তাৰ ওপৰত ৩২ কিলোমিটাৰ দৈৰ্ঘ্য এখন দলং হ’ব৷ য’ত জন্তু বোৰে তলেৰে আহ যাহ কৰিব পাৰিব৷ কংগ্ৰেছে এইকথা ভাবিবই পৰা নাছিল৷ তদুপৰি গঢ়পুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগৰ নিৰ্মাণ হ’ব, চাৰিলেনৰ ৰাস্তাৰ দৰে হ’ব৷ সেই কাম কৰিছে নৰেন্দ্ৰ মোদী আৰু হিমন্তবিশ্ব শৰ্মাই৷ নিৰ্বাচনী প্ৰচাৰ সভাত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, কাৰ্যবাহী সদস্য খগেন বৰদলৈ, জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধী আদি কৰি বিজেপি দলৰ নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে৷