Logo
image

ঘৃণা ভাষণ! মোদী-ৰাহুলক জাননী নিৰ্বাচন আয়োগৰ

নতুন দিল্লী, ২৬ এপ্ৰিল : অৱশেষত প্ৰচাৰৰ নামত ঘৃণা ভাষণেৰে আচৰণ বিধি ভংগ কৰাৰ অভিযোগত নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননীৰ সন্মুখীন হ’ব লগা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ সেই অনুসৰি আয়োগে বিজেপি আৰু কংগ্ৰেছৰ সভাপতিক জাননী প্ৰেৰণ কৰি দুয়োটা দলৰ ‘ষ্টাৰ কেম্পেইনাৰ’ দুজনক সাৱধান কৰি দিয়াৰ নিৰ্দেশ দিয়ে৷ তদুপৰি মোদী আৰু ৰাহুলক কি বুলি সাৱধান কৰি দিয়া হ’ল সেই বিষয়ে ২৯ এপ্ৰিলৰ পুৱা ১১ বজাৰ ভিতৰত পত্ৰযোগে আয়োগক জনাবলৈ কোৱা হৈছে৷ একেটা নিৰ্দেশ যোগে আয়োগে লগতে দল দুটাই আন আন ষ্টাৰ কেম্পেইনাৰ সকলেও যাতে প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ চেষ্টা নচলায় তাৰ বাবে সংশ্লিষ্ট সকলক সতৰ্ক কৰি দিবলৈও কয়৷

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী দুয়োৰে বিৰুদ্ধে ধৰ্মৰ নামত সাম্প্ৰদায়িক মন্তব্যৰে ভোট বিচৰাৰ অভিযোগ উত্থাপন হৈছিল৷ এই সন্দৰ্ভত আয়োগত বিভিন্ন পক্ষৰ পৰা অভিযোগ দাখিল হয়৷ যাৰ ফলত বিষয়টোক গুৰুত্ব সহকাৰে লৈ অৱশেষত আয়োগে মোদী আৰু ৰাহুলক শ্ব’ক’জ কৰিবলৈ বাধ্য হয়৷ যোৱা দেওবাৰে মোদীয়ে ৰাজস্থানৰ বাঁশৱাৰাত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্য কৰে৷ মোদীয়ে নিজৰ ভাষণত কয়–‘কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰত দেশৰ সম্পদ মুছলমান সকলৰ মাজত বিলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷’ তেওঁ এই ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ প্ৰসংগ উল্লেখ কৰি কয় যে মনমোহন সিঙে পূৰ্বে দেশৰ সম্পদত মুছলমানসকলৰ সকলোতকৈ অগ্ৰাধিকাৰ থকা বুলি কৈছিল৷ যাৰবাবে কংগ্ৰেছে দেশবাসীৰ কষ্টোপাৰ্জিত সম্পদ মুছলমান আৰু অনুপ্ৰৱেশকাৰীসকলৰ মাজত বিলাই দিয়াৰ পৰিকল্পনা হাতত লৈছে৷ মোদীৰ এই ভাষ্যৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কিন্তু ইয়াৰ পাছতো নৰেন্দ্ৰ মোদীয়ে ইখনৰ পাছত সিখন সভাত সাম্প্ৰদায়িক ভাষণ দি থাকে৷ ৰাজস্থানৰ বাঁশৱাৰাৰ সভাখনৰ পাছত সোমবাৰে তেওঁ উত্তৰ প্ৰদেশৰ আলীগড়ত আন এখন সমাৱেশত প্ৰচাৰ চলায়৷ তাতো তেওঁ সাম্প্ৰদায়িক মন্তব্যৰে ভাষণ দিয়ে৷ আলীগড়ত মোদীয়ে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে তেওঁলোকে আনকি দেশবাসীৰ মাতৃ-ভগ্নীসকলৰ মংগলসূত্ৰও কাঢ়ি ল’ব৷ মোদীৰ এনে সাম্প্ৰদায়িক ঘৃণাৰে ভৰা ভাষণক লৈ সৰব হৈ উঠে কংগ্ৰেছ আৰু বামপন্থী দলসমূহ৷ যাৰ বাবে তেওঁলোকে মোদীয়ে সাম্প্ৰদায়িক ভাষণেৰে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ কৰি আয়োগৰ দ্বাৰস্থ হ’বলৈ বাধ্য হয়৷ কংগ্ৰেছ আৰু বাঁওদলসমূহৰ উপৰি আন ১৭,৪০০ সাধাৰণ নাগৰিকেও আয়োগত মোদীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷

ইপিনে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আয়োগত ঘৃণাভাষণেৰে আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ কৰে৷ ৰাহুলৰ বিৰুদ্ধে বিজেপিৰ অভিযোগ–‘হায়দৰাবাদৰ এখন সভাত ৰাহুল গান্ধীয়ে কংগ্ৰেছ ক্ষমতালৈ আহিলে কোনটো শ্ৰেণী কিমান সম্পত্তিৰ গৰাকী সেই বিষয়ে আৰ্থ সামাজিক সমীক্ষা চলাব বুলি উল্লেখ কৰি দেশত বিভাজনৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে৷ ভাৰতত দৰিদ্ৰতাৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীয়ে ভোটাৰৰ মাজত ভুল বাৰ্তাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি অভিযোগ কৰে গেৰুৱা দলটোৱে৷ এনে ক্ষেত্ৰত মোদী আৰু ৰাহুল দুয়োৰে বিৰুদ্ধে দাখিল হোৱা অভিযোগক গুৰুত্ব সহকাৰে লৈ অৱশেষত নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে৷