Logo
image

ৰৈ ৰৈ আমনি লগা নিৰ্বাচন

উজনিৰ মানুহে ১৯ এপ্ৰিলতেই ভোট দিলে, এতিয়া তেওঁলোকে ফলাফল পাবলৈ ৪ জুনলৈ ৰ’ব লাগিব৷ ৰৈ ৰৈ আমনি লাগি যাব, অধৈৰ্য হ’ব৷ বহুতে হয়তো কাক ভোট দিছিল, কিয় ভোট দিছিল তাকো পাহৰি যাব৷ এনেয়ে বিহুৱে-নিৰ্বাচনে একাকাৰ হৈছে, কোনখিনি বিহু কোনখিনি নিৰ্বাচন মনত ৰখাই মুস্কিল৷ সভা-সমিতি হৈছে, প্ৰচাৰ হৈছে, ৰোড শ্বো হৈছে, ৰঙালী বিহু হৈছে৷ বেছ আনন্দ-ফূৰ্তি হৈছে৷ অসমৰ মানুহে ১৯ এপ্ৰিলৰ পৰা ৭ মে’লৈকে নিৰ্বাচন কৰিব৷ নামনিৰ মানুহে ৭ মে’ত ভোট দিয়ালৈ ১৯ এপ্ৰিলতেই ভোট দিয়া উজনিৰ মানুহে কোনটো দলে কি কথা কৈ ভোট বিচাৰিছিল পাহৰিবই৷ দলবোৰৰ বাবে ভাল তেওঁলোকে উজনিত কোৱাটোৰ সম্পূৰ্ণ বিপৰীতটো নামনিত ক’ব পাৰিব৷ কিছুমান ‘সমাজ সচেতন’ মানুহে তোমালোকে দেখোন উজনিত এনেকৈ কৈছিলা বুলি ‘সচেতনতা’ প্ৰকাশ কৰিব, কিন্তু ৱাটছএপ, ফেচবুক, ইউটিউবে অনবৰত সচেতন কৰি অচেতন কৰি ৰখা বেছিভাগ মানুহে উজনিত কোনে কি কৈছিল মনত নাৰাখে৷ আজিকালি অনবৰতে ইমান মজাৰ পোষ্ট আৰু ভিডিঅ’ আহি থাকে যে আগদিনাখনৰ কথাবোৰো মনত ৰখাৰ কোনো প্ৰয়োজন নাই৷ ননষ্টপ মনোৰঞ্জন হৈ থাকে৷ গতিকে তিনিটা পৰ্যায়ত নিৰ্বাচন হোৱাৰ বাবে দল আৰু নেতাসকলে উজনি, মধ্য অসম আৰু নামনিত স্থানীয় মাটিৰ গোন্ধ থকা তিনিটা বেলেগ বেলেগ ৰণকৌশল বা নিৰ্বাচনী কৌশল ল’ব পাৰে৷ বহু পৰ্যায়ত নিৰ্বাচন হোৱাৰ এইটো এটা সুবিধা৷ একেদিনাই তিনিখন ঠাইত তিনিটা কথা কোৱা দিগদাৰ, কিন্তু দুসপ্তাহৰ মূৰে মূৰে তিনিখন ঠাইত তিনিটা কথা ক’লে কাৰো চকুত নপৰে, কাৰণ ইমান দীঘলীয়াকৈ কথাবোৰ মনত ৰাখিবলৈ কাৰো আহৰি নাই৷ আন এটা সুবিধা হ’ল ষ্টাৰ প্ৰচাৰকৰ৷ ভাৰতত ৭টা পৰ্যায়ত ডেৰ মাহ নিৰ্বাচন হ’ব৷ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ৷ গতিকে ষ্টাৰ প্ৰচাৰকসকলে প্ৰায় সমগ্ৰ ভাৰতত প্ৰচাৰ কৰাৰ সুবিধা পাব৷ বিজেপিয়ে এইবাৰ মোদী গেৰাণ্টী দিছে৷ স্বয়ং নৰেন্দ্ৰ মোদী নিজে উপস্থিত হৈ নিজ মুখেৰে গেৰাণ্টী দিলে তাৰ প্ৰভাৱ সুকীয়া হ’ব৷ ষ্টাৰ প্ৰচাৰকৰ কথাই বেলেগ৷ মোদী বা ৰাহুল গান্ধীৰ প্ৰচাৰে আন নেতাৰ প্ৰচাৰতকৈ বেছি মনোযোগ আকৰ্ষণ কৰে৷ মোদী আৰু ৰাহুল যিমান বেছি সমষ্টিলৈ যাব সিমানেই ভাল৷ আমাৰ বিহুতলীবোৰলৈ মন কৰক, ‘স্থানীয় শিল্পী’সকলে ‘লোককৃষ্টি’ প্ৰদৰ্শন কৰি থাকিলে বিহুতলী প্ৰায় উদং৷ কিন্তু জুবিন-পাপনৰ অনুষ্ঠান থকাৰ দিনা বিহুতলীত বিৰ দি বাট পাবলৈ নাই৷ বিহুবলীয়া নতুন পুৰুষ প্ৰায় বিহু উন্মাদ হৈ পৰে৷ আন্দোলনকাৰীক চম্ভালাৰ দৰে পুলিচে এই বিহু উন্মাদনা চম্ভালিবলৈ লাঠীচালনাও কৰিবলগীয়া হয়৷ আৰু এই ‘পপুলাৰ আৰ্টিষ্ট’সকল আহিব পৰা তাৰিখ অনুসৰি বিহুতলীবোৰে ৰঙালী বিহু উদ্‌যাপনৰ তাৰিখ নিৰ্ধাৰণ কৰে৷ গতিকে আমাৰ পপুলাৰ আৰ্টিষ্টসকল আহিব পৰাকৈ আমাৰ জাতীয় উৎসৱ, বাপতি সাহোন ৰঙালী বিহু আমি যেতিয়া কেইবাটাও পৰ্যায়ত পাতিব পাৰোঁ নিৰ্বাচননো কি কথা? জুবিন-পাপন যেতিয়া আহিব পাৰে, তেতিয়াই ৰঙালী বিহু৷ ষ্টাৰ প্ৰচাৰক যেতিয়া আহিব পাৰে তেতিয়াই নিৰ্বাচন৷ 

কিন্তু সমস্যা হ’ল ডিব্ৰুগড়ত কোনে কৈ কৈছিল গুৱাহাটীৰ মানুহে ইতিমধ্যে পাহৰিলে৷ কাৰণ ইতিমধ্যে মানুহৰ অলেখ ৰীল, অলেখ সস্তীয়া কমেডী, অলেখ ৱাটছ্‌এপ জীৱন-দৰ্শনৰ ভিডিঅ’ আৰু পোষ্ট চালে৷ গুৱাহাটীৰ মানুহক আকৌ নতুনকৈ উৎসাহ জগাব লাগিব, ক্ষুব্ধ কৰিব লাগিব, উত্তেজিত কৰিব লাগিব, বিদ্বেষ জগাব লাগিব, যাতে জ্জ মে’ত কাৰোবাৰ পক্ষে বা কাৰোবাৰ বিপক্ষে ভোট দিয়ে৷ আমাৰ মঞ্চৰ ৰঙালী বিহুবোৰে, জুবিন-পাপনে একেখিনি কৰি থকাৰ দৰেই৷ কিন্তু ষ্টাৰ প্ৰচাৰকসকলৰ সুবিধা হ’ল তেওঁলোকে ডিব্ৰুগড়ত কোৱাখিনিকেই ইয়াতো ক’ব লাগিববুলি কোনো ধৰাবন্ধা নিয়ম নাই৷ কোনেও মনত ৰখা নাই [সমাজ সচেতন কেইজনমানক বাদ দি] ডিব্ৰুগড়ত কোনে কি কৈছিল৷ এঠাইত এটা সম্প্ৰদায়ৰবিৰুদ্ধে কৈ আন এঠাইত সেই সম্প্ৰদায়টোৰেই ভোট বিচাৰিব পাৰি৷ ছেগ চাই কঠীয়া পাৰিব পাৰি৷ 

দুটা পৰ্যায় হ’ল৷ আৰু পাঁচটা পৰ্যায় বাকী৷ দেশৰ ৫৭টা সমষ্টিত মে’ৰ ১৪ তাৰিখলৈ মনোনয়ন দাখিলৰ সময় আছে৷ সেইবোৰ সমষ্টিৰ ৰাইজ এতিয়ালৈ নিৰ্বাচনী মেজাজলৈ অহাই নাই৷ এইবেলি নিৰ্বাচনত মানুহে এনেয়েও বেছি উৎসাহ প্ৰদৰ্শন কৰা নাই৷ ৰাইজৰ মনোভাব জানিব পৰা হোৱা নাই৷ ৰৈ ৰৈ আমনি লাগিলেও ফলাফল জানিবলৈ আমি ৪ জুনলৈ ৰ’ব লাগিব৷