Logo
image

দ্বিতীয় পৰ্যায়ত ৰাজ্যত ৭৬% ভোট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ এপ্ৰিল : দ্বিতীয় পৰ্যায়ত শুকুৰবাৰে দেশৰ আন আন ঠাইৰ লগতে অসমৰো পাঁচটা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হয়৷ নগাঁও, দৰং-ওদালগুৰি, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ সমষ্টিৰ ৬১ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত৷ এইসকলৰ ভিতৰত প্ৰদ্যুৎ বৰদলৈ, পৰিমল শুক্লবৈদ্য, দিলীপ শইকীয়া, হাফিজ ৰছিদ আহমেদ চৌধুৰী, কৃপানাথ মাল্লা, জয়ৰাম ইংলেং, সুৰেশ বৰা, আমিনুল ইছলাম, মাধৱ ৰাজবংশী, দুৰ্গাদাস বড়ো আদি হ’ল অন্যতম চৰ্চিত প্ৰাৰ্থী৷ শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ কৰা হয়৷ নিশাৰ ভাগলৈ অহা খবৰ মতে, দ্বিতীয় পৰ্যায়ৰ পাঁচোটা সমষ্টিত প্ৰায় ৭৬ শতাংশ ভোটদান হৈছে৷ অৱশ্যে গোটেই প্ৰক্ৰিয়াটো নিশাপৰ্যন্ত সম্পন্ন হোৱা নাই৷ কাজেই ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা নুই কৰা নাই নিৰ্বাচন আয়োগৰ সূত্ৰই৷ শুকুৰবাৰে নিশাপৰ্যন্ত অহা খবৰ মতে, দৰং-ওদালগুৰিত প্ৰায় ৭৬ শতাংশ, ডিফু সমষ্টিত প্ৰায় ৭৭ শতাংশ, কৰিমগঞ্জত প্ৰায় ৭৬ শতাংশ, নগাঁৱত প্ৰায় ৭৮ শতাংশ আৰু শিলচৰ সমষ্টিত প্ৰায় ৭৫ শতাংশ ভোটদান হৈছে৷ উল্লেখ্য, ১৯ এপ্ৰিলত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিত সামগ্ৰিকভাৱে ৭৯.২৫ শতাংশ ভোটদান হৈছিল৷ শুকুৰবাৰে অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ পাঁচটা সমষ্টিৰ ৯,১৩৩টা ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা ৭ বজাৰ পৰা বিয়লি পাঁচ বজালৈ ভোটগ্ৰহণ কৰা হয়৷ ইয়াৰ ভিতৰত দুৰ্গম এলেকাৰ ৯৩৭টা ভোটকেন্দ্ৰও আছে৷ ৯০টা মডেল ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে ছেলফি ল’ব পৰাৰো ব্যৱস্থা কৰিছিল নিৰ্বাচন আয়োগে৷ শুকুৰবাৰে নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যৰ পাঁচটা সমষ্টিৰ ভিতৰত ৬নং দৰং-ওদালগুৰি সমষ্টিত সৰ্বাধিক ২১,০৯,৩১৪গৰাকী ভোটাৰ থকাৰ বিপৰীতে ৬নং ডিফু [এছ টি] সমষ্টিত সৰ্বনিম্ন ৯,০১,০৩২গৰাকী ভোটাৰ আছে৷

নগাঁৱত ভোটাৰৰ সঁহাৰি উৎসাহজনক 

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : নগাঁও লোকসভা সমষ্টিত আজি দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়৷ ভোটাৰ ৰাইজৰ সঁহাৰি আছিল ব্যাপক উৎসাহজনক৷ সমষ্টিটোত পুৱাৰে পৰা ভোটাধিকাৰ সাৱ্যস্ত কৰিবৰ বাবে ৰাইজ ওলাই আহে৷ আনকি নব্বৈ বছৰ ঊধবৰ্ৰ বৃদ্ধ-বৃদ্ধাইও নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহে৷ ভোটদানৰ বাবে নিৰ্বাচনী আয়োগে বিশেষভাৱে সক্ষম লোকৰ গ্ৰহণ কৰা ব্যৱস্থাৰ পৰিপ্ৰেক্ষিত সাংসদীয় সমষ্টিটোত বহু বিশেষ ভাৱে সক্ষম লোকেও ভোটদান কৰাৰ সুযোগ লাভ কৰে৷ এশ শতাংশ ভোটদান সফল কৰাৰ লক্ষ্যৰে বিশেষভাৱে সক্ষম লোকৰ বাবে সাংসদীয় সমষ্টিটোত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক নিয়োজিত কৰাৰ লগতে কেতবোৰ ভোট গ্ৰহণ কেন্দ্ৰত গাড়ীৰ ব্যৱস্থা কৰাত সাংসদীয় সমষ্টিটোত গৰিষ্ঠ সংখ্যক বিশেষ ভাৱে সক্ষম লোকে নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে৷ সংসদীয় সমষ্টিটোৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ পুৱাৰে পৰা ভোটদাতা ৰাইজৰ সোঁত ব’বলৈ ধৰে৷ বিশেষকৈ জিলা খনৰ ধৰ্মীয় সংখ্যালঘু অধ্যূষিত অঞ্চল সমূহৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত পুৱা সাত বজাৰ পৰাই পুৰুষ-মহিলা ভোটাৰে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়৷ আজি সন্ধিয়া পাঁচ বজা পৰ্যন্ত নগাঁও জিলাত ভোটদানৰ হাৰ আছিল ৭১.১৪ শতাংশ৷ জিলাখনত ভোটদানৰ হাৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ নগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, আজি সন্ধিয়া পাঁচ বজা পৰ্যন্ত নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰ ধিং বিধানসভা সমষ্টিত ৭২.৩ শতাংশ, ৰূপহীহাট সমষ্টিত ৭১.৬ শতাংশ, চামগুৰি সমষ্টিত ৭১.৪ শতাংশ, নগাঁও-বটদ্ৰৱা সমষ্টিত ৭০.ৰ শতাংশ আৰু ৰহা [অনুসূচিত জাতি]৭১.২ শতাংশ৷ উল্লেখ্য, পুৱাতে নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই উৰিয়াগাঁও মজলীয়া বালিকা বিদ্যালয়ৰ ৭৭ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজা ভোটাধিকাৰ সাব্যস্ত কৰে৷ আনহাতে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী  প্ৰদ্যুৎ বৰদলৈয়ে মৰিকলং উচ্ছ মাধ্যমিক বিদ্যালয়ৰ[উত্তৰ খণ্ড] কেন্দ্ৰত আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে পৰমাইভেটি এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে৷ আনহাতে, নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কিৰণবালা বালিকা বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু চামগুৰি সমষ্টিটিৰ বিধায়ক তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে চামগুৰিৰ কৰৈগুৰী মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে৷

মাতৃ-পত্নীৰ সৈতে ভোট দিলে মন্ত্ৰী পীয়ূষে

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক : ভাৰতবৰ্ষৰ দৰে এখন দেশৰ সুস্থ গণতন্ত্ৰ তথা বিকশিত অসম আৰু বিকশিত ভাৰতৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত থকাৰ স্বাৰ্থত আজি পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ আজি নিজা সমষ্টি জাগীৰোডৰ আঁহতগুৰি মৰাকলং প্ৰথামিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত মাতৃ আৰু পত্নী আইমী বৰুৱাৰ সৈতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সকলোকে গণতান্ত্ৰিক কৰ্তব্য পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ অনন্য যাত্ৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ৩ান জনালে মন্ত্ৰী হাজৰিকাই৷ দিনৰ ১১.৩০ বজাত ভোটকেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ ভোটকেন্দ্ৰটোত এক উখলমাখল পৰিৱেশ সৃষ্টি হয়৷ উল্লেখ্য, মন্ত্ৰীজনক সন্মান জনাই শাৰীত পূৰ্বৰ পৰা থিয়হৈ থকা ভোটাৰে তেওঁক আগবঢ়াই দিব বিচাৰিছিল যদিও মন্ত্ৰী হাজৰিকাই শাৰী পাতি সাধাৰণ ভোটাৰৰ দৰেই ভোটদান প্ৰক্ৰিয়া সমাপন কৰে৷ পাছত ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত উপস্থিত থকা সংবাদ মাধ্যমৰ সাংবাদিকে নিৰ্বাচনী ফলাফলক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰতৰ ১৩ সমষ্টিতে নিশ্চিতভাৱে বিজেপি জয়ী হ’ব৷ কিয়নো, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ দ্বাৰা দেশৰ সৰ্বসাধাৰণ ৰাইজ যথেষ্ট উপকৃত হৈছে৷ তদুপৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে সকলো শ্ৰেণী ৰাইজক সামৰি লৈ উন্নয়নমূলক কামসমূহ কৰিবলৈ সক্ষম হৈছে৷ বিজেপি মিত্ৰজোঁট চৰকাৰে ৰাইজৰ কাম কৰিছে৷ আমাৰ চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক এক লাখ চাকৰি দিবলৈ সক্ষম হৈছে৷ পূৰ্বতে কংগ্ৰেছ চৰকাৰে নিজে চাকৰি দিছিল আৰু সেইবোৰ কেৱল ধনীক শ্ৰেণী লোকেহে পাইছিল৷ কিন্তু বিজেপি চৰকাৰখনে চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া মেধা ভিত্তিত দিয়াৰ ব্যৱস্থা কৰাত, দালালৰাজ নোহোৱা কৰি দিয়াত কোনোবা ঠেলাচালকৰ ঘৰৰ দুজনে পুলিচত চাকৰি পাইছে, কোনোবা চৰত বসবাস কৰা লোকৰ সন্তানে বিডিঅ’ চাকৰি পাইছে আৰু সৰ্বসাধাৰণলোকৰ সন্তানেও চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি পাইছে৷ তাতে বিৰোধী কংগ্ৰেছ দলে বেয়া পালে একো ক্ষতি নহয় বুলি মন্তব্য কৰে৷ কংগ্ৰেছ চৰকাৰে যিটো কাম কৰিব পৰা নাছিল সেইটো কাম বিজেপি চৰকাৰে দুগুনতকৈ বেছি কাম কৰিছে আৰু সেই বাবে পূৰ্বতে ৰাইজক ঠগাই চলোৱা কংগ্ৰেছ দলৰ বিৰুদ্ধে আজি সংখ্যালঘু, সংখ্যাগুৰু সকলো হিলদল ভাঙি ভোট দিবলৈ ওলাই আহিছে বুলি মন্তব্য কৰে৷ তদুপৰি কংগ্ৰেছৰ শাসনকালত কেৱল সংখ্যালঘু ৰাইজক ভোটবেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল৷ কিন্তু বিজেপি চৰকাৰে সকলোকে চৰকাৰী আঁচনি প্ৰদান কৰি সমমৰ্যাদা প্ৰদানৰ চেষ্টা কৰিছে আৰু বিজেপি দলে ৰাইজৰ বাবে কাম কৰিছে আৰু কৰি যাব বুলি মন্তব্য কৰি এই নিৰ্বাচনত দেশত পুনৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব সেয়া এশ শতাংশ নিশ্চিত আৰু নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী হ’ব সেয়াও নিশ্চিত বুলি কয়৷ ইয়াৰ লগতে ৮০ শতাংশ মুছলমান ভোটাৰ সন্নিৱিষ্ট নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰে অভূতপূৰ্বভাৱে এইবাৰ বিজেপিক ভোটদান কৰিব বুলি মন্তব্য কৰি কংগ্ৰেছৰ প্ৰাৰ্থী  প্ৰদ্যুৎ বৰদলৈক এইবাৰ নগাঁৱৰ ৰাইজে বিদায় দিব বুলি দাবী কৰি মন্ত্ৰী¸হাজৰিকাই কয় যে, ভাৰাঘৰত থাকি নগাঁৱৰ ৰাইজৰ সুখ-দুখৰ অংশীদাৰ নোহোৱা, বিপদৰ সময়ত সহায় নকৰা নেতাক ইতিমধ্যে চিনি পালে আৰু নিৰ্বাচনত তেওঁৰ বিপৰীতে ভোটদান কৰি তেওঁক বিদায় দিব বুলি দাবী কৰে৷ লগতে মন্ত্ৰীজনৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাইয়ো ভোটদান কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰিবলৈ সকলো ভোটাৰকে আহ্বান জনায়৷ তদুপৰি অসম তথা ভাৰতবৰ্ষৰ উন্নয়নৰ স্বাৰ্থত বিজেপি ভোটদান কৰিবলৈ আহ্বান জনায়৷

আঢ়ৈ লক্ষ বেছি ভোটত জয়ী হম : পৰিমল 

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি :শুকুৰবাৰে বৰাক উপত্যকাৰ শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টি দুটাত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়৷ শিলচৰ লোকসভা সমষ্টিৰ ১৫৫১টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে ভোটদান কৰে৷ বিয়লি পাঁচ বজালৈ শিলচৰ লোকসভা কেন্দ্ৰত সৰ্বমুঠ ৬৫.৫৭ শতাংশ ভোটদান সম্পন্ন হয়৷ কৰিমগঞ্জ লোকসভা সমষ্টিত বিয়লি পাঁচ বজালৈ ৬৯.৬২ শতাংশ ভোটদান সম্পন্ন হয়৷ কাছাৰ জিলাৰ শিলচৰ চহৰকে ধৰি গ্ৰামাঞ্চলৰ প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে৷ অৱশ্যে দুই এটা ভোটগ্ৰহণ কেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷ শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই ১৮৮ নং আইৰংমাৰা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা সাতমান বজাতেই উপস্থিত হৈ ভোট দান কৰে৷ তেওঁ কয়–কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ ১০ বছৰ আৰু ৰাজ্যত ২০১৬ চনৰ পৰা ছাৰে ৭ বছৰ বিজেপি চৰকাৰৰ কাৰ্যকালৰ বিভিন্ন উন্নয়ন মূলক কাম-কাজৰ বাবে ৰাইজে আমাক ভোট দিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গেৰাণ্টীৰ প্ৰতি ৰাইজৰ আস্থা আছে বাবে ৰাইজে তেওঁক ভোট দিব৷ আঢ়ৈ লক্ষ ভোটত জয়ী হ’ব৷ নৃত্যময়ী প্ৰাথমিক বিদ্যালয়ৰ শিলচৰ কালিমোহন ৰোডত ভোটদান কৰে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, প্ৰাক্তন বিধায়িকা বিথীকা দেৱ আৰু ভাৰতী ডুবেই৷ সুস্মিতা দেৱে কয়– গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাইজে তৃণমূল কংগ্ৰেছক ভোটদান কৰিব৷ এই দিনা ভোট দি সাংবাদিকৰ আগত ৰাধেশ্যাম বিশ্বাসে কয়– বিজেপিয়ে ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হৈছে৷ ইয়াৰ বাবে বিকল্প হিচাপে তৃণমূল কংগ্ৰেছক ৰাইজে ভোট দি জয়যুক্ত কৰিব৷ শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে এনেদৰে কয়৷ তেওঁ কয়–বিজেপিয়ে শিলচৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু প্ৰতিশ্ৰুতি বাস্তৱায়ন নহ’ল৷  তেওঁ বৰাক উপত্যকাৰ প্ৰতি বছৰে বানপানীৰ সমস্যা আৰু ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত কৃষকসকলক সহায় কৰিবলৈ বিজেপি চৰকাৰে কোনোধৰণৰ কাম কৰা নাই বুলিও উল্লেখ কৰে তেওঁ৷  ১১৮ শিলচৰ এল এ চিৰ অধীনত ভোটগ্ৰহণ কেন্দ্ৰ ৫৬ নম্বৰত শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে পৰিয়ালসহ শ্যামা প্ৰসাদ দেৱ বিদ্যাপিঠ বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে৷ সন্ধিয়া চ্ছ্ৰ বজালৈ শান্তিপূৰ্ণভাৱে চলি আছে শিলচৰ লোকসভাৰ ভোটগ্ৰহণ৷ শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে মাতৃৰ সৈতে শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত কয় যে, এইবাৰ কংগ্ৰেছ জয়ী হ’ব৷  তেওঁ এজন সাধাৰণ কৰ্মী হিচাপে ৰাইজৰ সৈতে কাম কৰিব আৰু  সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰে৷ ইফালে জিলা সভাপতি অভিজিৎ পালে কয় যে এইবাৰৰ নিৰ্বাচন শিলচৰ চহৰত শান্তিপূৰ্ণভাৱে চলি আছে আৰু বিজেপিয়ে যিদৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰীৰ সৈতে ৰোড শ্ব’ কৰিছে, সেয়া স্পষ্ট যে এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত, কাৰণ তেওঁলোকে কংগ্ৰেছ প্ৰাৰ্থীক ভয় কৰে, ডাঙৰ ডাঙৰ নেতাই মন্ত্ৰীজনৰ বাবে প্ৰচাৰ চলাইছিল৷  এইবাৰ জয়ী হ’ব কংগ্ৰেছ৷ শিলচৰ লোকসভা আসনৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰ দেৰ লাখ ভোটৰ ব্যবধানত জয়ী হ’ব বুলি দাবী উত্থাপন কৰে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ পৰ্যৱেক্ষক আমিনুল হক লস্কৰে৷ ইপিনে শিলচৰ ৰাঙ্গিখাৰীৰ চিত্তৰঞ্জন লেনৰ ১১০ গৰাকী ভোটাৰে বৰ্জন কৰিছে ভোটদান৷ এলেকাৰ ৰাস্তা আৰু নলা মেৰামতি নোহোৱাৰ বাবে ভোট বৰ্জন কৰে তেওঁলোকে৷ ইপিনে দিনৰ বাৰোমান বজাত কাটিগৰা সমষ্টিৰ বাবুৰবাজাৰ ৫১২নং এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰ দুবাৰকৈ দুই বিৰোধী দলৰ সদস্যৰ মাজত হতাহতি আৰু ভয়-ভাবুকিৰ সৃষ্টি হয়৷ কটকটীয়া নিৰাপত্তাৰ মাজতো কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহাৰৰ সমীপৰ ৫১২ নং বাবৰ বজাৰত পুৱা প্ৰায় ৯ বজাত বিজেপিৰ কাৰ্যালয় ভঙাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷  পিছত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে৷ কিছু সময়ৰ বাবে পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ভোটদানৰ সময়ত পুনৰ সমগ্ৰ পৰিস্থিতিৰ অৱনতি ঘটে৷ বিৰোধী দল দুটাৰ মাজত হতাহতি আৰু ভাবুকি দিয়াৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰত তীব্ৰ উত্তেজনা সৃষ্টি হয়৷  ফলত ভোট দিবলৈ অহা শান্তিপূৰ্ণ ভোটাৰসকলে ভয় খায়৷ অৱশেষত কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰৰ উপস্থিতিত পৰিস্থিতি শান্ত হয়৷  তেওঁ ভোটাৰসকলক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ৩ান জনায়৷  অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে বিধায়ক খলিল উদ্দিনে৷ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিধানসভা সমষ্টি ধলাইত বিয়লি ৩ বজালৈকে ভোটদানৰ হাৰ ৪৯.৮০ শতাংশ,  সৰ্বোচ্ছ আছিল লক্ষ্মীপুৰ কেন্দ্ৰত ৫৭.১৯ শতাংশ৷  ইয়াৰ উপৰিও সোণাইত ৫৫.৭৮ শতাংশ, বৰখলাত ৫৩.১০ শতাংশ, কাটিগৰা ৫২.২৮ শতাংশ, উধাৰবন্দ ৫৪.১২ শতাংশ আৰু শিলচৰ কেন্দ্ৰত ৫১.১০ শতাংশ ভোট পৰিছে৷ ইপিনে শিলচৰ লোকসভাৰ আসনত ১ লাখ ৫০ হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰ জয়ী হ’ব বুলি প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে মন্তব্য কৰিছে৷  ইপিনে বুথ চেণ্টাৰ সলনি কৰাৰ বাবে সোণাই সমষ্টিত ৰাইজে ভোট বৰ্জন কৰে৷ বুথ চেণ্টাৰ সলনি হোৱাৰ বাবে সোণাইৰ বাৰাভাউৰীত ভোটাৰসকলে ভোটদান বৰ্জন কৰে৷  ৮৬৭ নং বাৰাভাউৰী এল পি স্কুলৰ নতুন কেন্দ্ৰটোত ভোটদান কৰিবলৈ যোৱা নাছিল ভোটাৰে৷  শুকুৰবাৰে পুৱাৰে পৰা নিৰ্বাচন বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷  খবৰ পোৱাৰ লগে লগে চক্ৰ বিষয়াৰ সৈতে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে লৰালৰিকৈ কেন্দ্ৰটোলৈ আহে৷  তেওঁলোকে দাবী কৰে যে, এই কেন্দ্ৰটো নিৰাপদ নহয়৷  গতিকে ভোট বৰ্জন কৰিছে৷  চক্ৰ বিষয়া মাৰিয়া টানিমে ভোটগ্ৰহণ আৰম্ভ কৰিবলৈ ৰাইজক অনুৰোধ কৰে যদিও বিফল হয়৷ ইফালে, পুৱা এই খবৰ পাই আই ইউ ডি এফৰ সোণাই বিধানসভাৰ সভাপতি খালেদ হাছান লস্কৰে ভোটকেন্দ্ৰত উপস্থিত হয় যদিও ক্ষুব্ধ ভোটাৰে তেওঁক খেদি পঠিয়ায়৷ পিছত আজিয়েই জিলা দণ্ডাধীশ আৰু ৰিটাৰ্ণিং অফিচাৰে ছেপ্টেম্বৰ মাহত কেন্দ্ৰটো পূৰ্বৰ স্থানলৈ স্থানান্তৰ কৰা হ’ব বুলি লিখিতভাৱে অৱগত কৰে যদিও ভোটাৰসকলে নিজৰ সিদ্ধান্তক লৈ অটল হৈ থাকে৷ ভোটাৰসকলৰ মতে, তেওঁলোকে আগতে স্বাধীন বজাৰ হাইস্কুলত ভোটদান কৰিছিল৷  এইবাৰ তেওঁলোকৰ ১৮০ নং বুথটো প্ৰায় ৫ কিলোমিটাৰ নিলগৰ ৮৬৭ নং এল পি স্কুললৈ স্থানান্তৰ কৰা হয়৷ বাৰে বাৰে সঠিক ঠাইত ৰাখিবলৈ দাবী জনাইছিল যদিও কোনো ফল পোৱা নাই৷ ভোটাৰসকলে লগতে কয় যে ভোট কেন্দ্ৰ সলনিৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু খবৰ পোৱাৰ পিছত ইউডিএফৰ প্ৰতিনিধি অৰ্থাৎ সোণাইৰ সভাপতি আদিয়ে আহি বুথ চেণ্টাৰটো যথাযথ স্থানলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল৷  কিন্তু শেষত একো কাৰ্যকৰী নহয়৷  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ হাইলাকান্দিত ভোটকেন্দ্ৰৰ ভিতৰতে মৃত্যু হৈছে এজন পোলিং এজেণ্টৰ৷ মৃত্যু হৈছে ফাৰুক আহমদ নামৰ এগৰাকী ব্যক্তিৰ৷ মৃত ফাৰুক আহমেদ এআইইউডিএফৰ পোলিং এজেণ্ট আছিল বুলি জানিব পৰা গৈছে৷ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তবৰ্তী ৬২৯ নম্বৰ ঝালনাছেৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা৷ খবৰ অনুসৰি, নিজ কৰ্ম সম্পাদন কৰি থকা অৱস্থাত হঠাতে মাটিত ঢলি পৰি তৎক্ষণাত মৃত্যু হয় তেওঁৰ৷ ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি ধাৰণা কৰিছে স্থানীয় লোকে৷