Logo
image

বদৰুদ্দিন আজমল প্ৰকৃত মুছলমান নহয়, তেওঁ মুছলমানৰ শত্ৰুহেঃ মন্ত্ৰী অতুল বৰা

'আমাৰ অসম'ৰ বাঘবৰৰ প্ৰতিবেদক,২৭ মাৰ্চঃ "বদৰুদ্দিন আজমল মুছলমানৰ শত্ৰু৷ কংগ্ৰেছে মুছলমানক প্ৰতাৰণা কৰি আহিছে।"- শনিবাৰে মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আবেলি ২ বজাত অগপৰ বৰপেটা জিলা সভাপতি গুনিন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই।  

ভাষণ প্ৰসঙ্গত মন্ত্ৰী বৰাই কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনক ক্ষুৰধাৰ সমালোচনা কৰি মুছলমানসকলক কংগ্ৰেছে প্ৰতাৰণা কৰা বুলি কয়।  তেওঁ আৰু কয় যে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল প্ৰকৃত মুছলমান নহয়, ৰাজনীতিত তেওঁ মুছলমানৰ শত্ৰুহে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনমুখী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি আগন্তুক দিনত উন্নয়নৰ স্বাৰ্থত সকলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়৷ লগতে মন্ত্ৰী বৰাই ধুবুৰী লোকসভা সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জাভেদ ইছলাম জয়ী হ'ব বুলি দাবী কৰে। তেওঁ কয় যে  কংগ্ৰেছ আৰু এআইইউডিএফ দলে স্থানীয় উপযুক্ত প্ৰাৰ্থী বিচাৰি নাপালে। 

এই সভাত উপস্থিত থাকি অগপৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ মুছলমান বিৰোধী নহয় বুলি কয়৷ তেওঁ কয় য়ে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে হিন্দু-মুছলমান, সংখ্যালঘু-সংখ্যাগুৰু উভয়েৰেই উন্নয়নৰ বাবে কাম কৰি আহিছে।  

নিৰ্বাচনী সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অগপ কেন্দ্ৰীয় কমিটীৰ উপ-সভাপতি ডা: তাৰা প্ৰসাদ দাস,  কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয় উপস্থিত থাকি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি উন্নয়নৰ স্বাৰ্থত ধুবুৰী লোকসভাৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক সমৰ্থন কৰিবলৈ আহ্বান জনায়। ২নং ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ শাসকীয় মিত্ৰদলৰ অগপৰ প্ৰাৰ্থী জাভেদ ইছলামেও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।