Logo
image

সোমবাৰে গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ বাবে ২৯ এপ্ৰিল সোমবাৰে গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাব৷ বিজেপিৰ সূত্ৰই সদৰী কৰা অনুসৰি সোমবাৰে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ ৰোড শ্ব’ কৰিব৷ এই ৰোড শ্ব’ত ভাগ লৈয়ে অমিত শ্বাহ ঘূৰি যোৱাৰ সম্ভাৱনা আছে৷ শুকুৰবাৰে নিশা বাজপেয়ী ভৱনত অমিত শ্বাহৰ আগমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন হাইভল্টেজ বৈঠক অনুষ্ঠিত হয়৷ ইয়াতে ৰোড শ্ব’ৰ সবিশেষ ৰূপৰেখা প্ৰস্তুত কৰে বিজেপিয়ে৷ উল্লেখ্য, গুৱাহাটীবাসীৰ অসুবিধা হোৱাৰ অজুহাতত ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলী গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল৷ ৰাহুল গান্ধীৰ যাত্ৰাত বেৰিকেট বান্ধি চৰকাৰে বাধা দিয়াৰ বিপৰীতে বলপূৰ্বক প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ অভিযোগত বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছিল৷ ৰাহুল গান্ধী তথা কংগ্ৰেছৰ বাবে নিষিদ্ধ সেই একেই ৰোড শ্ব’ মোদী, অমিত শ্বাহৰ বাবে কেনেকৈ বৈধ– ইয়াক লৈ বিৰোধী শিবিৰে প্ৰশ্ন উত্থাপন কৰিছে৷ ইতিপূৰ্বে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহুৰ মাজতে বৃহৎ ৰোড শ্ব’ কৰি গৈছে৷ ডিব্ৰুগড়ত অমিত শ্বাহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ হৈ ৰোড শ্ব’ কৰিছিল৷ ইফালে, পহিলা মে’ত ধুবুৰীত ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী৷