কম বয়সতে চুলি পকিছে?এইবোৰ খাদ্য খাওক
অকালতে চুলি পকাটো কোনেও কামনা নকৰে৷ কিন্তু আজি কালি ভেজাল খাদ্য আৰু অনিয়মীয়া জীৱন প্ৰণালীৰ বাবে বহুতৰে চুলি অকালতে অথবা কম বয়সতে পকিবলৈ ধৰা দেখিবলৈ পোৱা যায়৷ কিন্তু কিছুমান খাদ্যই চুলি পকা সমস্যা নিৰাময় কৰাত সহায় কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই অকালতে চুলি পকা সমস্যা নিৰাময় কৰে–
[১] বাদাম : আখৰুট, আমণ্ড বা যিকোনো ধৰণৰ বাদামত থাকে প্ৰচুৰ পৰিমাণৰ ক’পাৰ৷ চুলিৰ বাবে ক’পাৰ অতি উপকাৰী৷ সেয়ে অকালতে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুলিত বাদাম তেল ঘঁহিব পাৰে৷
[২] সেউজীয়া পাচলি : যিকোনো সেউজীয়া পাচলিত প্ৰচুৰ পৰিমাণে ফলিক এচিদ থাকে৷ ফলিক এচিদে চুলিৰ গুৰি মজবুত কৰাৰ লগতে চুলি পকা সমস্যা বন্ধ কৰাত সহায় কৰে৷
[৩] বুট : বুট মাহত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন বি-৯ বা ফলিক এচিদ থাকে৷ সেয়ে সদায় বুট খোৱা কৰক৷ নিতৌ বুট খালে চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব৷
[৪] মুৰ্গীৰ মাংস : মুৰ্গীৰ মাংসত ভিটামিন বি-১২ আৰু ফলিক এচিদ থাকে৷ এই দুবিধ উপাদানে চুলি পকা বন্ধ কৰে৷
[৫] ছাগলীৰ লিভাৰ : খাহী মাংসৰ লিভাৰ বা কলিজাত থকা ভিটামিন বি-১২ য়েও অকালতে চুলি পকা সমস্যা বন্ধ কৰাত সহায় কৰে৷
[৬] মিছামাছ : মিছামাছ খালেও চুলি পকা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ মিছামাছত প্ৰচুৰ পৰিমাণে থাকে জিংক৷ এইবিধ উপাদানে