Logo
image

অভিনেত্ৰী তামান্নাক তলব আৰক্ষীৰ

অনলাইনৰ কাণ্ডত নাম সাঙোৰ খাই পৰিছে অভিনেত্ৰী তামান্না ভাৰ্টিয়াৰ নাম৷ মহাৰাষ্ট্ৰ আৰক্ষীৰ চাইবাৰ অপৰাধ নিৰ্মূল শাখাৰ তৰফৰ পৰা ‘বাহুবলী’খ্যাত অভিনেত্ৰীগৰাকীক তলৱ কৰিছে৷ ২৯ এপ্ৰিলত মহাৰাষ্ট্ৰ আৰক্ষীৰ ওপৰত বাহিৰ হ’ব লাগিব অভিনেত্ৰী তামান্না৷ বিগত বৰ্ষত ফেয়াৰ প্লে’ নামৰ এটা এনে বেআইনীভাৱে আইপিএল সম্প্ৰচাৰ কৰাৰ অভিযোগ উঠে৷ ইয়াৰ পূৰ্বেও মহাদেৱ বেটিং এপ কাণ্ড প্ৰকাশ্যে তদন্তত পোহৰলৈ আহিছিল৷ এই এপৰ প্ৰচাৰৰ সৈতে জড়িত থকাৰ কাৰণে ৰণবীৰ কাপুৰ, জেকলিন ফাৰ্ণাণ্ডেজ, সংগীত শিল্পী বাদশ্বাহসহ একাধিকক আৰক্ষীয়ে সন্দেহৰ আওতাত ৰাখিছিল৷ এইবাৰ ‘ফেয়াৰ প্লে’ এপৰ সূত্ৰেই অভিনেত্ৰী তমন্নাক সন্দেহ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে৷ এই ঘটনাৰ জেৰ টানিয়ে অভিনতা সঞ্জয় দত্তক আৰক্ষীয়ে মাতি পঠাইছিল৷ অৱশ্যে দেশৰ বাহিৰত থকাৰ বাবে তেওঁ উপস্থিত হ’ব নোৱাৰিলে৷ উল্লেখ্য, বলীউডৰ তাৰকা শিল্পীৰ লগতে ‘ফেয়াৰ প্লে’ এপ প্ৰচাৰত  ২০ জনমান সামাজিক মাধ্যমৰ প্ৰভাৰীকো আৰক্ষীয়ে সন্দেহৰ দৃষ্টিৰে চাইছে আৰু তেওঁলোকক ওপৰত চোকা দৃষ্টি ৰাখিছে৷ বে-আইন প্ৰচাৰৰ বাবে সংস্থাৰ ১০০  কোটি টকাৰো অধিক লোকচান হোৱা বুলি সূত্ৰত প্ৰকাশ৷