Logo
image

দেশৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ সপোন বনাম বাস্তৱৰ প্ৰতিচ্ছবি

২০১৪ চনত বিজেপিৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে৷ ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক দিশৰ লগতে নিৰাপত্তাজনিত দিশৰ পৰা উত্তৰ-পূবৰ অপৰিসীম গুৰুত্ব থকাৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত অসমৰ লগতে বাকী ৭খন ৰাজ্যৰ আন্তঃগাঁথনি আৰু অন্যান্য বিষয়ত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ কেন্দ্ৰ চৰকাৰ বাধ্য৷ সেইমৰ্মে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ উত্তৰ-পূব অঞ্চলক অষ্টলক্ষ্মী বুলি অভিহিত কৰি দেশৰ বিকাশৰ ইঞ্জিন বুলি বহুবাৰ দোহাৰি থকাটো তাৎপৰ্যপূৰ্ণ৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীৰ পদাংক অনুসৰণ কৰি অসমতো পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূবৰ দুৱাৰমুখ তথা দক্ষিণ-পূব এছিয়াৰে যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ দ্বাৰা তথা কেন্দ্ৰীয় চৰকাৰৰ সবল সহযোগিতাৰ দ্বাৰা অসম বিকাশৰ ইঞ্জিনৰূপে পৰিগণিত হ’ব বুলি বহুবাৰ দোহাৰিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলত অসমৰ প্ৰায়বোৰ বিভাগৰ প্ৰশাসনিক দক্ষতা বৃদ্ধি, ডিজিটেলাইজেশ্যন, দুৰ্নীতি নিয়ন্ত্ৰণ, প্ৰকল্প-আঁচনিৰ খৰতকীয়া ৰূপায়ণ আদিৰ ক্ষেত্ৰত নতুনত্ব আৰু কিছু সংস্কাৰ সাধন হৈছে যদিও কেন্দ্ৰত দহবছৰীয়া নিজা চৰকাৰ আৰু ৰাজ্যত প্ৰায় আঠ বছৰীয়া বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো দেশৰ বিকাশৰ ইঞ্জিনৰূপে অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যই সফলতা অৰ্জন কৰা নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ ঠিক পিছতেই ঘোষণা কৰিছিল যে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম  হিচাপে গঢ়ি তোলা হ’ব৷ বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়তো তেওঁ সেই কথা ক’বলৈ পাহৰা নাই৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ সবল নেতৃত্বৰ দ্বাৰা নিজৰ ৰাজ্যখন দেশৰ ভিতৰতে শ্ৰেষ্ঠ হোৱাটো প্ৰতিজন নাগৰিকৰে কাম্য৷ কিন্তু সেয়া হোৱাটো বাদেই, কেন্দ্ৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন বিভাগ, সংস্থাৰ জৰীপতে অসমে বিভিন্ন খণ্ডত এক পুতৌলগা স্থানতহে থাকিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক ৰূপে প্ৰতীয়মান হৈছে৷ নিটি আয়োগৰ কেইবাটাও প্ৰতিবেদনত অসমে বিভিন্ন শিতানত আশানুৰূপ সাফল্য অৰ্জন কৰিব পৰা নাই৷ শেহতীয়াকৈ কেন্দ্ৰীয় বাণিজ্য-উদ্যোগ মন্ত্ৰণালয়ে দাখিল কৰা প্ৰতিবেদনত দেশত মুদ্ৰাস্ফীতিৰ শীৰ্ষত ওড়িশাৰ পিছতে অসমে স্থান লাভ কৰিছে বুলি প্ৰকাশ কৰিছে৷ উক্ত প্ৰতিবেদন মতে ৭.১ শতাংশ মুদ্ৰাস্ফীতিৰে ওড়িশা শীৰ্ষস্থানত থকাৰ বিপৰীতে ৬.১ শতাংশৰে অসমে দ্বিতীয় স্থানত অৱস্থান কৰিছে৷ লক্ষণীয়ভাৱে অভূতপূৰ্ব হাৰত অসমত হিতাধিকাৰীৰ বাবে বিভিন্ন বিনামূলীয়া আঁচনি, ৰেহাই মূল্যৰ আঁচনি প্ৰয়োগৰ পিছতো গ্ৰামাঞ্চল আৰু নগৰাঞ্চল উভয়তে অসমত মুদ্ৰাস্ফীতি বৃদ্ধি পাই ৰাষ্ট্ৰীয় হাৰক চেৰাই যোৱাটো অতি উদ্বেগজনক৷ দেশৰ ১৩খন ৰাজ্যতে মুদ্ৰাস্ফীতিৰ হাৰ ৪.৯ শতাংশৰো বৃদ্ধি পোৱাটোৱে দেশৰ সামগ্ৰিক অৰ্থনৈতিক ব্যৱস্থাটোলৈকে সংকট কঢ়িয়াই অনাৰ ইংগিত দিছে৷ অভূতপূৰ্ব হাৰত কৰ-কাটলৰ বোজা, খাদ্য-সামগ্ৰীকে ধৰি বিভিন্ন বয়বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি, বহু সামগ্ৰী, কেঁচামালৰ নাটনি আদি বিভিন্ন কাৰকে মুদ্ৰাস্ফীতিৰ বৰ্ধিত হাৰত ইন্ধন যোগাইছে, যাৰ ফল ভুগিছে সাধাৰণ জনতাই৷ দেশত মুষ্টিমেয় পুঁজিপতিয়ে জিডিপিৰ সিংহভাগ গ্ৰাস কৰাৰ বিপৰীতে গৰিষ্ঠসংখ্যক লোকে ইয়াৰ নেতিবাচক ফল ভুগিছে৷ দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে জীৱনদায়িনী ঔষধকে ধৰি বিভিন্ন ঔষধৰ অবিশ্বাস্য মূল্যবৃদ্ধিয়ে কেন্দ্ৰৰ অৰ্থনৈতিক দৃশ্যপটক প্ৰতিফলিত কৰিছে৷

অষ্টলক্ষ্মীৰ অন্যতম অসমত এতিয়া নিবনুৱা সমস্যাৰ ছবিখন অতি চিন্তনীয়৷ চৰকাৰে এক লাখ নিযুক্তিৰ দ্বাৰা এপাচি শাকত এটা জালুকৰ দৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমান প্ৰায় ৩০ লাখ নিবনুৱা থকা ৰাজ্যখনৰ ভৱিষ্যৎ কি হ’ব সেয়া এক উত্তৰবিহীন প্ৰশ্নৰূপে চিহ্নিত হৈছে৷ শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ন-পঞ্চায়ত আদি বিভিন্ন বিভাগৰ অধীনত বিভিন্ন হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰে ৰাজনৈতিক মুনাফা অৰ্জনৰ চেষ্টা চলাইছে৷ ইয়াৰ ফলত কৰ্মযোগ্য মানুহে উৎপাদনশীল কৰ্মলৈ পিঠি দিয়াৰ বাবে ৰাজ্যৰ বিভিন্ন খণ্ডৰ উৎপাদনশীলতা বৃদ্ধি পোৱা নাই৷ লক্ষণীয়ভাৱে এলাহ, কৰ্মহীনতাই আৱৰি ধৰা সমাজত ‘আত্মনিৰ্ভৰ আঁচনি’ত ৫০ শতাংশ ৰাজসাহায্যৰ দ্বাৰা ২ লাখ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হৈছিল যদিও চাকৰিমুখী প্ৰৱণতাই আৱৰি থকাৰ বাবে এতিয়াও আগবাঢ়ি অহা নাই নিবনুৱা৷ কৃষি-উদ্যান শস্য, কুকুৰা পালন, দুগ্ধ পাম, ছাগলী পালন, সাজ-পোছাক, হাৰ্ডৱেৰ, মীন পালন আদিৰ বাবে দুই লাখৰ অধিক নিবনুৱাই পঞ্জীয়ন কৰিছিল যদিও মূৰকত স্বাৱলম্বী হ’বলৈ আগবাঢ়ি আহিল মাত্ৰ ৰ লাখমান৷ ইফালে স্বাৱলম্বী হোৱাৰ পৰিৱৰ্তে বহিঃৰাজ্যত নিৰাপত্তাৰক্ষী আৰু অন্যান্য কৰ্মত নিয়োজিত হ’বলৈ অধিক ইচ্ছুক হৈ পৰিছে থলুৱা-খিলঞ্জীয়া৷ এফালে চৰকাৰে উদ্যোগীকৰণ, পৰ্যটনৰ বিকাশ, কৃষি খণ্ড, নিৰ্মাণ খণ্ড-সেৱা খণ্ডৰ বিকাশৰ যোগেদি আত্মনিৰ্ভৰশীল লোক সৃষ্টিত ব্যৰ্থ হৈছে, আনফালে মুদ্ৰাস্ফীতিয়ে এচাম সাধাৰণ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে আৰু থলুৱা, খিলঞ্জীয়াৰ এচামে আত্মনিৰ্ভৰ আঁচনিৰ সুফল গ্ৰহণত ব্যৰ্থ হৈছে৷ এনে এক পৰিৱেশৰ মাজত অষ্টলক্ষ্মীৰ অন্যতম অসম দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্য কেতিয়া হ’ব সেয়া লাখটকীয়া প্ৰশ্ন !