Logo
image

‘গোপনীয়তা’ত আপোচ নকৰি ভাৰত এৰাৰ ভাবুকি হোৱাট্‌ছএপৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ এপ্ৰিল : ভাৰতত ব্যক্তিগত গোপনীয়তা মৌলিক অধিকাৰ৷ সংবিধানৰ ১৪, ১৯ আৰু ২১ অনুচ্ছেদত সেইদৰেই বৰ্ণনা কৰা হৈছে আৰু উচ্ছতম ন্যায়ালয়েও সময়ে সময়ে সংবিধানৰ উদ্ধৃতি দি বিভিন্ন গোচৰত ব্যক্তিগত গোপনীয়তা ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ বুলি দোহাৰি আহিছে৷ পিছে সেই ভাৰততে মোদী চৰকাৰে গোপনীয়তা ভংগৰ বাবে দিয়া প্ৰচণ্ড হেঁচাৰ বাবে হোৱাট্‌ছএপে এই দেশ এৰি আঁতৰি যোৱাৰ বাবে সাজু হৈছে৷ ‘ইনষ্টেণ্ট মেছেজিং’ আৰু ‘ভইচ অভাৰ আইপি’ৰ বাবে প্ৰায় সমগ্ৰ বিশ্বজুৰি সমাদৃত এই ‘প্লেটফৰ্ম’ৰ গৰাকী হৈছে মেটা৷ তাৎপৰ্যপূৰ্ণভাৱে ঘাইকৈ ব্যক্তিগত গোপনীয়তা সুদৃঢ় হৈ থকাৰ বাবেই  ‘গোপনীয়তা’ত আপোচ নকৰি ভাৰততো হোৱাটএপ বহুল ব্যৱহূত আৰু সৰ্বাধিক জনপ্ৰিয় ‘মেছেজিং এপ’৷ কিয়নো হোৱাটছএপৰ মেছেজ কেৱল প্ৰেৰক আৰু গ্ৰাহকেহে চাব পাৰে, তৃতীয় পক্ষই কেতিয়াও এনে মেছেজ বা ‘ভাইচ কল’ ‘ডি-ক’ডিং’ কৰিব নোৱাৰে৷ ২০০৯ চনত সূচনাৰ পৰাই বিগত ১৫ বছৰে হোৱাটছএপে কঠোৰভাৱে নিজৰ গোপনীয়তাৰ নীতি পালন কৰি আহিছে৷ বিশ্বৰ অন্যান্য ব্যৱহাৰকাৰী দেশৰ দৰে ভাৰততো হোৱাটছএপৰ গোপনীয়তা কঠোৰ আৰু সুদৃঢ়৷ 

পিছে নৰেন্দ্ৰ মোদী চৰকাৰে ২০২১ চনত বলৱৎ কৰা তথ্য প্ৰযুক্তি আইনৰ অধীনত হোৱাটছএপক তেওঁলোকৰ গোপনীয়তা ভংগ কৰি গ্ৰাহকৰ তথ্য বা মেছেজ চৰকাৰী সংস্থাক যোগান ধৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ ২০২১ চনৰ ফেব্ৰুৱাৰীত মোদী চৰকাৰে ‘ইনফৰমেচন টেকন’লজি [ইণ্টাৰমিডিয়েটৰী গাইডলাইন্স এণ্ড ডিজিটেল মিডিয়া এথিক্স ক’ড] ৰুল, ২০২১ ঘোষণা কৰিছিল৷ সেই নিয়মত কোৱা হৈছিল, ফেচবুক, এক্স [পূৰ্বৰ টুইটাৰ], ইনষ্টাগ্ৰাম, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মে ভাৰত চৰকাৰৰ নতুন নিয়ম মানি চলিব লাগিব৷ প্ৰয়োজনত কোনো ‘চাট’ অনুসৰণ কৰি ভাইৰেল তথ্যৰ উৎস সন্ধান কৰিব লাগিব৷ পিছে হোৱাটছএপে সেই নিয়ম পালন কৰিলে তেওঁলোকৰ ব্যত্তিপ্ত গোপনীয়তা ভংগ হ’ব বুলি মোদী চৰকাৰক জনাই দিছে৷ হোৱাটছএপৰ সেৱা ‘এণ্ড টু এণ্ড এনস্ক্ৰিপচন’ হোৱাৰ বাবে সংশ্লিষ্ট ব্যৱহাৰকাৰীৰ ভিতৰতে সীমাৱদ্ধ থাকে৷ এই ব্যৱস্থা ইমানেই কঠোৰ যে, মূল সংস্থা ‘মেটা’য়ো হোৱাটছএপৰ মেছেজ পঢ়িৱ নোৱাৰে, ‘ভইচ কল’ শুনিব নোৱাৰে৷ মোদী চৰকাৰৰ নতুন নিময় পালন কৰিলে হোৱাটছএপে এই গোপনীয়তাৰ কঠোৰ বিধি ভংগ কৰিব লাগিব৷ সেয়ে তেওঁলোকে এই নিয়ম ভাঙিব নোৱাৰে বুলি চৰকাৰক জনাই দিয়াত কেন্দ্ৰই হোৱাট্‌ছএপক আদালতৰ কাঠগড়াত তুলিছে৷ 

দিল্লী উচ্ছ ন্যায়ালয়ত চলি থকা এই গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনমীৎ প্ৰীতম সিং অৰোৰাৰ বিচাৰপীঠত হোৱাটছএপৰ অধিবক্তাই জনাইছে, মোদী চৰকাৰৰ নতুন নিয়ম মানি গ্ৰাহকৰ গোপনীয়তা ভংগ কৰিবলৈ তেওঁলোক অপাৰগ৷ তদুপৰি এইক্ষেত্ৰত যি কাৰিকৰী জটিলতা আছে সেয়া পালন কৰি মেছেজৰ দীৰ্ঘ তালিকা সঞ্চয় কৰি ৰখা অসম্ভৱ৷ যদিহে ভাৰত চৰকাৰে এই নতুন নিয়ম পালন কৰিবলৈ তেওঁলোকক বাধ্য কৰে, তেন্তে হোৱাটছএপে ভাৰতৰ সেৱা আৰু ব্যৱসায় সামৰি আঁতৰি যাব৷ গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত আপোচ নকৰে৷ এই সংক্ৰান্তত দিল্লী উচ্ছ ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কয়, সাধাৰণ জনতাৰ গোপনীয়তাৰ অধিকাৰ আছে, কিন্তু সেয়া কেতিয়াও নিৰংকুশ নহয়৷ দুয়োটাৰ মাজত ভাৰসাম্য ৰখা প্ৰয়োজন৷ অহা ১৪ আগষ্টত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব৷