Logo
image

নগাঁও, কৰিমগঞ্জক লৈ বিজেপিৰ ভোট-পণ্ডিতৰেই সন্দেহ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজনীতিকসকলৰ মাজত আৰম্ভ হৈছে আসন লাভৰ অংক৷ কোনে কিমান ভোটত আৰু কিমান আসন লাভ কৰিব তাক লৈ বিজেপিৰ বৰমুৰীয়াসকলৰ মাজত সুকীয়া সুকীয়াকৈ আৰম্ভ হৈছে যোগ-বিয়োগৰ অংক৷ কিন্তু নগাঁও-কৰিমগঞ্জক লৈ সন্দেহ প্ৰকাশ কৰিছে বিজেপিৰ ভোট-পণ্ডিতসকলে৷ বিজেপিৰ বহুবল্কী বিধায়ক প্ৰশান্ত ফুকন, বিজেপিৰ প্ৰতি আকৰ্ষিত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থয়েই নহয়, খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সন্দেহ প্ৰকাশ কৰিছে নগাঁও, কৰিমগঞ্জক লৈ৷ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ জনপ্ৰিয় প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰবল প্ৰত্যাহ্বান জনোৱাৰ পাছতো যোৰহাট বিজেপিয়ে লাভ কৰিব বুলি যিজন মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে, সেই একেজন ৰাজনীতিকে স্বীকাৰ কৰিছে– নগাঁৱত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব বুলি৷ অৰ্থাৎ মুখ্যমন্ত্ৰী শৰ্মাৰেই সন্দেহ নগাঁও-কৰিমগঞ্জক লৈ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চাৰে বাৰখন আসন লাভ কৰিব বুলি দাবী কৰিছে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ দাবী প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিয়ে থাকিব বিজেপিৰ দখলত৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫টা সমষ্টিৰ ৪টাত জয়ী হোৱাটো নিশ্চিত৷ এটা সমষ্টিত তীব্ৰ যঁুজ হ’ব৷ বিজেপিৰ বহুবল্কী বিধায়ক প্ৰশান্ত ফুকনো ব্যস্ত হৈ পৰিছে বিজেপিৰ আসন লাভৰ অংক কৰাত৷ তেওঁ সোমবাৰে সংবাদ মাধ্যমৰ আগত কয়–আমি মোদীক ১৩ আসন উপহাৰ দিম৷ গুৱাহাটী আমাৰ ম্যাদী মাটি৷ আমি গুৱাহাটীত ৫লাখ ভোটত বিজয়ী হ’ম৷ ডিব্ৰুগড়তো বিজেপি ৫ লাখ ভোটত জয়ী হ’ব৷ যোৰহাটত এক লাখ ভোটত জয়ী হ’ব বিজেপি৷ নগাঁও আৰু কৰিমগঞ্জত তীব্ৰ যুঁজ হ’ব৷ কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰো দাবী নগাঁও-কৰিমগঞ্জত তীব্ৰ যুঁজ হ’ব৷ ৰহস্যজনক কাৰণত যোৰহাট লোকসভা সমষ্টিৰ সাম্ভব্য ফলাফলক লৈ নীৰৱ বিজেপি তথা মিত্ৰজোঁটৰ অংশীদাৰী দলৰ নেতা-কৰ্মী৷ গৌৰৱ গগৈয়ে প্ৰৱল প্ৰত্যাহ্বান জনোৱাৰ বিষয়টোক লৈ বিজেপি দলৰ মাজতে আলোচনা হৈ আছে প্ৰতিক্ষণে প্ৰতিপলে৷ বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দাবী প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা দহটা সমষ্টিৰ কেউটাতে জয় লাভ কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে৷ অৱশ্যে নগাঁও আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰৱল যুঁজ হৈছে বিৰোধী প্ৰাৰ্থীৰ সৈতে৷ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে দাবী কৰিছে যোৰহাট-ডিব্ৰুগড়ত কংগ্ৰেছ-বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছেই৷ উল্লেখ্য, তিনিওটা পৰ্যায়ৰ নিৰ্বাচনত বিৰোধীৰ সন্মুখত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট প্ৰবল প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছে৷ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত কাৰ্যতঃ শ্বাসৰূদ্ধকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ গুৱাহাটী লোকসভা সমষ্টিতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি৷ ইতিমধ্যে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গুৱাহাটী লোকসভা সমষ্টিৰ চুকে কোনে সোমাই গৈছে৷