Logo
image

ন্যায়ালয়ত দায় স্বীকাৰ কৰিলে ক’ভিশ্বিল্ডে

আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ এপ্ৰিল : ক’ভিডৰ জনপ্ৰিয় আৰু কাৰ্যকৰী প্ৰতিষেধক ক’ভিশ্বিল্ডৰ পাশ্বৰ্ প্ৰতিক্ৰিয়া আছে৷ ক’ভিডৰ প্ৰতিষেধক গ্ৰহণৰ পাছত বিশ্বজুৰি ভিন ভিন স্থানত সংঘটিত পাশ্বৰ্ প্ৰতিক্ৰিয়াৰ বাতৰি বিগত কেইবছৰত প্ৰকাশ হৈ থকাৰ   মাজতে ক’ভিশ্বিল্ডৰ প্ৰস্তুতকৰ্তা কোম্পানীয়ে ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ত এই কথা স্বীকাৰ কৰিছে৷ ক’ভিশ্বিল্ড উদ্ভাৱন কৰিছিল অক্সফৰ্ড বিশ্ববিদ্যালয়ে আৰু এই প্ৰতিষেধক তৈয়াৰ কৰিছিল ছুইডেনৰ এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে৷ ভাৰতত ক’ভিশ্বিল্ড প্ৰস্তুত কৰিছিল পুনেৰ ছিৰাম ইনষ্টিটিউটে৷ ব্ৰিটেইনত ক’ভিডৰ প্ৰতিষেধকৰ বিৰুদ্ধে চলি থকা আইনী যুঁজত অৱশেষত অক্সফৰ্ড-এষ্ট্ৰাজেনেকাই ক’ভিশ্বিল্ড প্ৰতিষেধকবিধে গ্ৰহণ কৰোতাৰ শৰীৰত ব্যতিক্ৰমী পাশ্বৰ্ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি স্বীকাৰ কৰাত সম্প্ৰতি বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ত এষ্ট্ৰাজেনেকাই কয় যে, ক’ভিশ্বিল্ড গ্ৰহণৰ ফলত মানৱ শৰীৰত টি টি এছ বা ‘থ্ৰম্ব’চাইট’পেনিয়া ছিনড্ৰ’ম’ হ’ব পাৰে৷ টি টি এছৰ ফলত মানৱ শৰীৰৰ ৰক্তত চেঁকুৰা বন্ধাৰ [ব্লাড ক্লট] লগতে ‘প্লেটলেট কাউণ্ট’ হ্ৰাস কৰে৷ ক’ভিশ্বিল্ডৰ প্ৰস্তুতকৰ্তাৰ বিৰুদ্ধে এই আইনী যুঁজ চলাইছিল জেমছ স্কট নামৰ এজন ক’ভিড আক্ৰান্তই, যি ক’ভিশ্বিল্ড গ্ৰহণৰ পাছত মগজুৰ গুৰুতৰ আঘাতৰ সন্মুখীন হৈছিল৷ তেওঁ ২০২১ চনৰ এপ্ৰিলত ক’ভিশ্বিল্ড গ্ৰহণৰ পাছতে গুৰুতৰ পাশ্বৰ্ প্ৰতিক্ৰিয়াত আক্ৰান্ত হৈ মগজুৰ ভয়ংকৰ ক্ষতি হৈছিল৷ তেওঁৰ উপৰি এই প্ৰতিষেধক গ্ৰহণ কৰি ভয়ংকৰ শাৰীৰিক ক্ষতিৰ সন্মুখীন হোৱা বহু পৰিয়ালে এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে ব্ৰিটেইনৰ উচ্ছ ন্যায়ালয়ত আইনী যুঁজ কৰিছিল৷ ভাৰতত ২০২১ চনৰ ১৬ জানুৱাৰীৰ পৰা ক’ভিডৰ প্ৰতিষেধক প্ৰদান আৰম্ভ হৈছিল আৰু দেশৰ জনতাৰ ৯৫ শতাংশক কোটি প্ৰথম পালি আৰু ৮৮ শতাংশক আটাইকেইটা পালি প্ৰদান কৰা হৈছিল৷ ভাৰতৰ নাগৰিকে সৰ্বাধিক ব্যৱহাৰ কৰিছিল ক’ভিশ্বিল্ড৷