Logo
image

অস্বাভাৱিক গ্ৰীষ্মপ্ৰবাহ

বিগত কেইবাদশকৰ পৰা বতৰ বিজ্ঞানীয়ে বতৰৰ পূৰ্বানুমান কৰাৰ চেষ্টা চলাই সফল হ’ব পৰা নাই৷ শেহতীয়াভাৱে এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ বতৰ ক্ৰমাৎ অস্বাভাৱিক হৈ পৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ বাবে এনে হোৱা বুলি মন্তব্য কৰিছে বতৰ বিজ্ঞানীসকলে৷ বতৰৰ এই অস্বাভাৱিকতাৰ বাবে কৃষি আৰু অৰ্থ ব্যৱস্থাত তাৰ প্ৰভাৱ পৰিব পাৰে৷ বিগত এসপ্তাহ-দহদিনমানৰ পৰা ভাৰতৰ কেইবাখনো ৰাজ্যত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখা গৈছে৷ সাধাৰণতে ভাৰতত মে’ মাহৰ পৰা গ্ৰীষ্মৰ আগমন হোৱা বুলি ক’ব পাৰি৷ কিন্তু শেহতীয়াভাৱে পশ্চিমবংগ, বিহাৰ, ওড়িশা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ ঠাইবিশেষত অস্বাভাৱিক গৰম অনুভৱ কৰা হৈছে৷ উল্লিখিত ৰাজ্যকেইখনৰ কোনো কোনো অঞ্চলত এপ্ৰিল মাহতে তাপমান ৪০ ডিগ্ৰী চেলছিয়াছ অথবা তাতোকৈ অধিক হোৱা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি সোমবাৰে মুম্বাইৰ তাপমান আছিল ৩৯.১ ডিগ্ৰী চেলছিয়াছ৷ বিগত এটা দশকত এপ্ৰিলত এয়া হৈছে চহৰখনৰ দ্বিতীয় সৰ্বোচ্ছ তাপমান৷ আনহাতে, ১৬ এপ্ৰিলত মুম্বাইৰ তাপমান আছিল ৩৯.৭ ডিগ্ৰী চেলছিয়াছ৷ ইয়াৰ পূৰ্বে এপ্ৰিলত মুম্বাই চহৰৰ সৰ্বোচ্ছ তাপমান ৰেকৰ্ড কৰা হৈছিল ২০১৪ চনত৷ সেইবাৰ এপ্ৰিলত মুম্বাইত সৰ্বোচ্ছ তাপমান আছিল ৩৯ ডিগ্ৰী চেলছিয়াছ৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এপ্ৰিলত দেশৰ কেতবোৰ অঞ্চলত উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি ভৱিষ্যদ্বাণী কৰিছিল৷ বতৰ বিজ্ঞান কেন্দ্ৰই লগতে উল্লেখ কৰিছিল যে মে’ৰ প্ৰথম সপ্তাহৰ পৰা দেশৰ কোনো কোনো অঞ্চলত প্ৰবল বৃষ্টিপাত হ’ব পাৰে আৰু তেনে পৰিস্থিতিত সেই অঞ্চলবোৰত উষ্ণতা হ্ৰাস পোৱাৰো সম্ভাৱনা আছে৷

যদিপূব ভাৰতৰ কথা কোৱা হয়, তেন্তে দেখা যায় যে বিগত কেইটামান দিনত ওড়িশা আৰু বংগত তাপমান ৪৫ ডিগ্ৰীপৰ্যন্ত উঠিছে, যিটো এপ্ৰিলত স্বাভাৱিকতকৈ যথেষ্ট বেছি৷ বংগত এনে উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত চৰকাৰে আগতীয়াকৈ স্কুলবোৰৰ গৰমৰ বন্ধ দিয়াৰ কথাও ভাবিবলগীয়া হৈছে৷ দেশৰ উত্তৰ-পূৰ্বাঞ্চলতো বিগত কেইদিনমানত অস্বাভাৱিক গৰম অনুভৱ কৰা হৈছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ছিকিমো৷ অসমৰ ঠাইবিশেষত বিগত কেইটামান দিনত বৰষুণ হৈছে যদিও দেশৰ বিভিন্ন ঠাইত দেখা দিয়া গ্ৰীষ্মপ্ৰবাহৰ প্ৰভাৱ অসম, ত্ৰিপুৰাৰ দৰে ৰাজ্যতো নপৰাকৈ থকা নাই৷ এপ্ৰিলতে গুৱাহাটীৰ তাপমাত্ৰা ৩৯ ডিগ্ৰী চেলছিয়াছৰ দৰে অনুভৱ হোৱাটো উদ্বেগৰ বিষয়৷ বতৰৰ কেনেধৰণে পৰিৱৰ্তন হ’বলৈ ধৰিছে তাৰ এটা উদাহৰণ হৈছে অসমত ছেপ্টেম্বৰ মাহৰ তাপমান৷ সাধাৰণতে ছেপ্টেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ লগতে অসমতো তাপমাত্ৰা হ্ৰাস পাবলৈ ধৰে৷ কিন্তু শেহতীয়াভাৱে দেখা গৈছে দুৰ্গা পূজাৰ সময়লৈকে গ্ৰীষ্মৰ প্ৰভাৱ৷ দেশৰ আন বহু ঠাইৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে৷ দেশৰ অন্যতম সেমেকা ঠাই হিচাপে পৰিচিত চেৰাপুঞ্জীতো অস্বাভাৱিকভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ৷ জুন-জুলাইত সাধাৰণতে অসমত যথেষ্ট বৰষুণ হয় আৰু বৰষুণৰ ফলত তাপমানো কিছু হ্ৰাস পায়৷ কিন্তু শেহতীয়া তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে আৰু ইয়াৰ প্ৰভাৱ অসমৰ লগতে প্ৰতিবেশী ৰাজ্যকেইখনত পৰিছে৷ একেদৰে ক’ব পাৰি যে এপ্ৰিলত গুৱাহাটীত যি তাপমান দেখা গৈছে, সেয়া স্বাভাৱিক বুলি ক’ব নোৱাৰি৷ এই সমস্যাটো কেৱল উত্তৰ-পূৰ্বাঞ্চল অথবা ভাৰতৰ নহয়৷ জলবায়ুৰ পৰিৱৰ্তন এতিয়া সমগ্ৰ বিশ্বৰে এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ জনসংখ্যা বৃদ্ধি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ অগ্ৰগতিৰ ফলত মানুহৰ বৰ্ধিত চাহিদা প্ৰকৃতিয়ে পূৰণ কৰিব নোৱৰা হ’ল  আৰু তাৰ ফলতেই  দেখা গৈছে  পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন৷ এই কথাবোৰ সকলোৱে জানিও যেন তাৰ প্ৰতি কাণসাৰ নিদিয়ে৷ সময় থাকোঁতে এইক্ষেত্ৰত উচিত ব্যৱস্থা লোৱা নহ’লে ভৱিষ্যতলৈ মানৱকুলে অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷