Logo
image

সদনত আদানিৰ চিৰিয়াখানাৰ তথ্য লুকুৱাইছিল ৰাজ্য চৰকাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ মে: অসমৰ পৰা দুষ্প্ৰাপ্য বন্য জীৱ-জন্তু গুজৰাটৰ জামনগৰৰ আম্বানিৰ চিৰিয়াখানালৈ গোপনে চালান দিয়াৰ খবৰ এতিয়া কোনো নতুন কথা নহয়৷ বিশ্বৰ অন্যতম ধনকুবেৰ মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ গুজৰাটৰ গ্ৰীন্‌ছ জুল’জিকেল ৰেছকিঅ’ এণ্ড দ্যা ৰিহিবিলিটেশ্বন কিংডম ‘বনতৰা’লৈ অসমৰ আবেগ কাজিৰঙাৰ এশিঙীয়া গঁড়কো গতাই দিয়া হৈছে৷ কিন্তু আচৰ্যজনকভাৱে কৰা জীৱ-জন্তুসমূহৰ তথ্য বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যবাসীৰ পৰা গোপনে ৰখাতে ক্ষান্ত নাথাকি অসম বিধানসভাতো আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা বন্যপ্ৰাণীক লৈ তথ্য লুকুৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ কিয়নো ২০২২ চনৰ জ্জ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৬৪টা জীৱ-জন্তু আম্বানি চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল যদিও উক্ত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত অসম বিধানসভাত বিৰোধী বিধায়কৰ প্ৰশ্নৰ উত্তৰত অসম্পূৰ্ণ তথ্য প্ৰকাশ কৰি পৱিত্ৰ বিধানসভাক বিপথে পৰিচালিত কৰিছিল অসম চৰকাৰৰ বন বিভাগে৷ ২০২২ চনত আম্বানিৰ চিৰিয়াখানালৈ অসমৰ পৰা গোপনে জীৱ-জন্তু চালান দিয়াক লৈ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ লগতে কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আনকি সেই সময়ত আম আদমি পাৰ্টীয়ে আম্বানি চিৰিয়াখানালৈ জন্তু সৰবৰাহ বন্ধ কৰাৰ আৰ্জিৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰো ৰুজু কৰিছিল৷ উক্ত বৰ্ষৰ ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অসম বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছিল৷ বিধানসভাৰ এই অধিৱেশনতে ২২ ডিচেম্বৰত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিগত ১২ বছৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বহিঃৰাজ্যলৈ কিমান জীৱ-জন্তু চালান দিয়া হৈছিল তাৰ তথ্য বিচাৰিছিল৷ এই প্ৰশ্নৰ উত্তৰত তদানীন্তন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্তু প্ৰেৰণৰ তথ্যৰ লিখিত উত্তৰ প্ৰদান কৰিছিল যদিও আম্বানি চিৰিয়াখানালৈ প্ৰেৰণ কৰা ৬২টা জীৱ-জন্তুৰ তথ্য গাপ দি বিধানসভাত৷ বিভাগীয় মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি ৰাজ্যিক চিৰিয়াখানাৰ পৰা মুঠ ৮০টা বন্য জীৱ-জন্তু আন চিৰিয়াখানাৰ সৈতে সালসলনি কৰাৰ বিনিময়ত অসমে আন ৯৩টা জীৱ-জন্তু লাভ কৰা বুলি প্ৰকাশ কৰিছিল৷ বিধানসভাত বিভাগীয় মন্ত্ৰীজনে দিয়া লিখিত উত্তৰ অনুসৰি ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটৰ আম্বানি চিৰিয়াখানালৈ ২০২১ চনত ২টা ব্লেক পেন্থা আৰু ২০২২ চনত আন দুটা এশিঙীয়া গঁড় প্ৰেৰণ কৰাৰ তথ্য উল্লেখ কৰিছিল৷ কিন্তু ২০২২ বৰ্ষত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ এহাল গঁড়ৰ উপৰি আন ৬২টা বন্য জীৱ-জন্তু প্ৰেৰণ কৰিছিল যদিও সেই তথ্য কিন্তু বিধানসভাৰ লিখিত প্ৰশ্নৰ বিপৰীতে উত্তৰত উল্লেখ কৰা নাছিল দায়িত্ববাহী বিভাগীয় মন্ত্ৰীজনে৷ এই তথ্য ইমান দিনে বন বিভাগ তথা চিৰিয়াখানা কতৃৰ্পক্ষই গাপ দি ৰাখিছিল যদিও শেহতীয়াকৈ আম্বানি চিৰিয়াখানা গ্ৰীন্‌ছ জুল’জিকেল এণ্ড দা ৰিহিবিলিটেশ্বন কিংডমৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনে উন্মোচন কৰিছে৷ উক্ত প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে ২০২২ চনৰ জ্জ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা মুঠ ৬২ বন্য জীৱ-জন্তু লাভ কৰিছিল৷ এই জীৱ-জন্তুসমূহৰ ভিতৰত আছিল– বিভিন্ন সময়ত আৰক্ষী আৰু বন বিভাগে জব্দ কৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ, বান্দৰ, কেংগাৰু, পখীকে ধৰি আন আন প্ৰাৰ্থী৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি ২০২২ চনৰ ১১ ডিচেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৰিলায়েঞ্চে লাভ কৰিছিল কাজিৰঙাৰ বিখ্যাত এটা মতা আৰু এজনী মাইকী গঁড়৷ অসমৰ গৌৰৱ এহাল গঁড় ৰিলায়েঞ্চৰ হাতত তুলি দিয়াৰ ঠিক এমাহ পূৰ্বে অৰ্থাৎ ২০২২ চনৰ ৭ নৱেম্বৰত এটা নিশাই ৰাজ্যিক চিৰিয়াখানাৰ পৰা অৰ্ধশতাধিক দুষ্প্ৰাপ্য বান্দৰ, কাছ, কেংগাৰু প্ৰেৰণ কৰা হৈছিল জামনগৰলৈ৷ গ্ৰীন্‌ছ চিৰিয়াখানাৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি উক্ত দিনটোত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ১৭টা দুষ্প্ৰাপ্য আফ্ৰিকান প্ৰজাতিৰ কাছ, এটা মাইকী বাৰ্ডেড কাপুটিন, এটা মতা বেন্নেট্‌ছ ট্ৰী কেংগাৰু, এহাল ব্লেক ক্ৰেষ্টেড মাংগাবে’, ৬টা বুটেড মাকাক, ৰটা ডে ব্ৰাজাছ মাংকী, ২টা ইউৰোপিয়ান হেডজেহগ, ৪ জনী হেক্‌ছ মাকাক, ৩টা ইণ্ডোচাইনিজ ছিলভাৰ্ড লাংগুৰ, এজনী ক্লছ গিবন, এটা লাৰ গিবন, ২টা মতা আৰু ২টা মাইকী লিছাৰ স্পট ন’জ্‌ড গুৱেনন, এটা মীৰকাট, ৫টা মতা আৰু ৩টা মাইকী মূৰ মাকাক, এজনী পিলেটেড গিবন, এটা ৰেড টেইলড গুৱেনন, এটা মতা আৰু ৪টা মাইকী টংকিন মাকাক, ২টা মাইকী হোৱাইট থ্ৰ’টেড গুৱেনন লাভ কৰিছিল৷ ৭ নৱেম্বৰত উক্ত ৬২টা জীৱ-জন্তু লাভ কৰাৰ প্ৰায় এমাহৰ পাছত অৰ্থাৎ ১১ ডিচেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা এহাল গঁড় লাভ কৰাৰ তথ্যও উল্লেখ আছে আম্বানি চিৰিয়াখানাৰ প্ৰতিবেদনখনত৷ কিন্তু ১১ ডিচেম্বৰত এহাল গঁড় প্ৰেৰণৰ পূৰ্বে জ্জ নৱেম্বৰত ৬২টা বন্য জীৱ-জন্তু আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল যদিও অজ্ঞাত কাৰণত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত জ্জ নৱেম্বৰত চালান দিয়া ৬২টা জীৱ-জন্তুৰ তথ্য উল্লেখ কৰা নাছিল৷