Logo
image

ৰাজ্যত অভিলেখ জি এছ টি সংগ্ৰহ, ২৫% বৃদ্ধি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ মে’: অসমত অভিলেখ সংখ্যক হাৰত বৃদ্ধি পাইছে পণ্য আৰু সেৱা কৰ৷ বিগত ২০২৩ চনৰ মাৰ্চৰ মাহৰ বিপৰীতে চলিত ২০২৪ বৰ্ষৰ মাৰ্চত অসমত সংগৃহীত জি এছ টিৰ পৰিমাণ ২৫ শতাংশ বৃদ্ধি পাইছে৷ জিএছটি বৃদ্ধিৰ হাৰৰ তালিকাত অসম দেশৰ ভিতৰতে দ্বিতীয় শীৰ্ষ স্থানত৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩ চনৰ মাৰ্চত অসমত সংগ্ৰহ হোৱা জি এছ টিৰ পৰিমাণ আছিল ১,৫১৩ কোটি৷ ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ মাৰ্চত অসমত ১,৮৯৫ কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছে৷ লক্ষণীয়ভাৱে এইবাৰ সমগ্ৰ দেশতে জি এছ টি সংগ্ৰহৰ হাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ এপ্ৰিল মাহত দেশত সংগৃহীত জি এছ টিৰ পৰিমাণে ২.১০ লাখ কোটি টকা স্পৰ্শ কৰিছে৷ অৰ্থাৎ বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত জি এছ টিৰ বৃদ্ধিৰ হাৰ হৈছে ১২.৪ শতাংশ৷ আনহাতে, ২০২৪ চনৰ মাৰ্চত জি এছ টিৰ বাবদ ৰাজকোষত ১.৭৮ লাখ কোটি টকা জমা হৈছিল৷ অৱশ্যে ২০২৩ চনৰ এপ্ৰিলত জি এছ টি সংগ্ৰহ হৈছিল ১.৮৭ লাখ কোটি টকা৷ যিটো আছিল সৰ্বকালৰ অভিলেখ৷ কিন্তু চলিত বৰ্ষৰ এপ্ৰিলত ২.১০ লাখ কোটি টকা জি এছ টি সংগ্ৰহেৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ অনুৰূপধৰণে বিগত বৰ্ষৰ তুলনাত দেশত এছ জি এছ টি সংগ্ৰহৰ পৰিমাণো ১৩.৪ শতাংশ বৃদ্ধি পাইছে৷ অসমত বিগত এটা বৰ্ষত এছ জি এছ টিৰ বৃদ্ধিৰ হাৰ হৈছে ২১ শতাংশ৷ ইফালে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে টুইটযোগে সদৰী কৰা অনুসৰি চলিত বৰ্ষৰ এপ্ৰিলত জি এছ টিৰ বাবদ ৰাজ্যক ঘূৰাই দিয়া ক্ষতিপূৰণ বাদ দি চৰকাৰৰ হাতলৈ আহিছে ১.৯২ লাখ কোটি টকা৷ যিটো পৰিমাণ ২০২৩ বৰ্ষৰ এপ্ৰিলৰ আয়তকৈ ১৭ শতাংশ বেছি৷ লক্ষণীয়ভাৱে ২০২৩ চনৰ মাৰ্চৰ তুলনাত চলিত বৰ্ষৰ মাৰ্চত জিএছটি বৃদ্ধিৰ হাৰৰ তালিকাত দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে মিজোৰাম৷ চুবুৰীয়া ৰাজ্যখনত সৰ্বাধিক ৫২ শতাংশ জিএছটি বৃদ্ধি পাইছে৷ মিজোৰামত ৭০ কোটি টকাৰ পৰা ১০৮ কোটি টকালৈ জিএছটি বৃদ্ধি পাইছে৷ বিগত মাৰ্চত দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৭,৬৭১ কোটি টকা জিএছটি সংগ্ৰহ হয়৷ মহাৰাষ্ট্ৰৰ পাছতেই তালিকাত থকা ক্ৰমে কৰ্ণাটকত ১৫,৯৭৮ টকা, গুজৰাটত ১২,৩০১ কোটি টকা, উত্তৰ প্ৰদেশত ১২,২৯০ কোটি টকা, তামিলনাডুত ১২,২১০ কোটি টকা, হাৰিয়ানাত ১২,১৬৪ কোটি টকা জিএছটি সংগ্ৰহ কৰিছে৷