Logo
image

গুজৰাটত দলৰ হৈ প্ৰচাৰ চলাইছে কেজৰিৱালৰ পত্নীয়ে

নতুন দিল্লী, ৩ মে’: আবকাৰী বিধি কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে আজি গুজৰাটত আম আদমি পাৰ্টীৰ বিশাল ৰোডশ্ব’ত ভাগ লয়৷ ৰোডশ্ব’ৰ পাছতে হোৱা নিৰ্বাচনী সমাৱেশত কেজৰিৱাল পত্নীয়ে নিজৰ ভাষণত কেন্দ্ৰৰ বিজেপি চৰকাৰখনক সমালোচনাৰে থকা-সৰকা কৰে৷ সুনীতা কেজৰিৱালে কয়–‘গোচৰটোৰ তদন্ত যদি ১০ বছৰ ধৰি চলি থাকে, তেতিয়াও কি তেওঁ জে’লতে থাকিব লাগিব নেকি?’ গুজৰাটৰ ভাৱনগৰত অনুষ্ঠিত সমাৱেশত সুনীতা কেজৰিৱালে বিগত ৪০ দিন ধৰি তেওঁৰ স্বামীক কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক আৱদ্ধ কৰি ৰখা বুলিও অভিযোগ কৰে৷ বিশেষকৈ নিৰ্বাচনৰ এই সময়ছোৱাত যাতে ‘আপ’ৰ প্ৰধানজনে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে তাৰ বাবেই কেন্দ্ৰই পৰিকল্পিতভাৱে কেজৰিৱালক কাৰাবন্দী কৰি ৰখা বুলি উল্লেখ কৰে সুনীতা কেজৰিৱালে৷ চৰকাৰে এনে কাৰ্য কলাপেৰে নিজৰ স্বেচ্ছাচাৰী মনোভাৱ উদঙাই দিয়া বুলিও কয় কেজৰিৱালৰ পত্নীয়ে৷ উল্লেখ্য যে গুজৰাটত আম আদমি পাৰ্টীৰ ৰোড শ্ব’ত ভাগ ল’বলৈ আজি  পুৱাই আহমেদাবাদ বিমান বন্দৰত উপস্থিত হয় অৰবিন্দ কেজৰিৱালৰ পত্নী৷ তাৰ পৰা তেওঁক আম আদমি পাৰ্টীৰ সহস্ৰাধিক কৰ্মী তথা সমৰ্থকে আদৰি নিয়ে৷ ইয়াৰ পাছতে আৰম্ভ হোৱা ৰোড শ্ব’ৰে তেওঁ গুজৰাটৰ ভাৱনগৰ আৰু ভাৰুচ লোকসভা সমষ্টিৰ দুটাৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ স্মৰ্তব্য যে স্বামী কাৰাবন্দী হৈ থকাত শেহতীয়াকৈ দলীয় প্ৰচাৰত যুদ্ধংদেহী মনোভাৱেৰে নামি পৰিছে সুনীতা কেজৰিৱাল৷ দুদিন পূৰ্বে তেওঁ পূব দিল্লী আৰু পশ্চিম দিল্লীৰ দলীয় প্ৰাৰ্থীৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল৷ গুজৰাটৰ পাছত তেওঁ পঞ্জাব আৰু হাৰিয়ানাতো ৰোড শ্ব’ কৰিব বুলি জানিব পৰা গৈছে৷