Logo
image

ক’ভিড-পৰৱৰ্তী সমস্যা চিকিৎসক গোটৰ গৱেষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’: সকলো ঔষধৰে সৰু-সুৰা পাশ্বৰ্ক্ৰিয়া থাকিব পাৰে৷ জটিল-ভয়ানক সমস্যাৰ সৃষ্টি নকৰিলে এটা ঔষধক বিপজ্জনক নহয় বুলি গণ্য কৰা হয়৷ তথ্যভিত্তিক পৰিসংখ্যা নোহোৱাকৈ মানুহৰ মাজত উদ্বেগ সৃষ্টি কৰিব পৰা বিষয় প্ৰচাৰ কৰিব নালাগে৷ ক’ভিড-পৰৱৰ্তী সমস্যা সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক গোটে গৱেষণাৰ দিহা কৰিছে৷ –এই ভাষ্য তিনিগৰাকী বিশিষ্ট চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ দুজন গৱেষক ছাত্ৰৰ৷ ক’ভিড ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়া সন্দৰ্ভত অব্যাহত থকা চৰ্চা-আলোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৃহস্পতিবাৰে মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, হূদৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মৃগাংক শেখৰ চলিহা, ৰেডিঅ’লজী বিভাগৰ অধ্যাপিকা ডাঃ প্ৰণামী বৰাৰ উপৰি দুই গৱেষক ছাত্ৰ ডাঃ অনিছ হাজৰা আৰু ডাঃ শ্যামজিত লক্ষ্মণনে যুটীয়াভাৱে প্ৰেৰণ কৰা এটা বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে– ‘ক’ভিড ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়াৰ বাবে অকাল মৃত্যু হৈছে– এনেধৰণৰ অকতৃৰ্ত্বশীল, তথ্যবিহীন বা-বাতৰিবোৰে আৰু কিছুমান লোকৰ অবিজ্ঞানসন্মত লেখাবোৰে সৰ্বসাধাৰণ মানুহক উদ্বিগ্ন কৰি তোলাটো নিঃসন্দেহে স্বাভাৱিক৷ সৰু-সুৰা পাশ্বৰ্ক্ৰিয়া সকলো ঔষধৰ থাকিব পাৰে৷ আনকি জ্বৰৰ সাধাৰণ পেৰাচিটামল টেবলেট এটায়ো কমসংখ্যক লোকৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বা যকৃতৰ সমস্যা কৰিব পাৰে৷ জটিল বা ভয়ানক সমস্যাৰ সৃষ্টি নকৰিলে ঔষধ এটাক সচৰাচৰ বিপজ্জনক নহয় বুলিয়েই গণ্য কৰা হয়৷ তদুপৰি কিমান শতাংশ লোকৰ ক্ষেত্ৰত এনে পাশ্বৰ্ক্ৰিয়া হৈছে সেই পৰিসংখ্যাও বিচাৰ্যৰ বিষয়৷ তথ্যভিত্তিক পৰিসংখ্যা নোহোৱালৈকে মানুহৰ মাজত উদ্বেগ সৃষ্টি কৰিব পৰা বিষয় এটা প্ৰচাৰ কৰিব নালাগে৷ বতৰ্মান সময়ত তাহানিতে হোৱা ক’ভিড ৰোগ বা ক’ভিড ভেক্‌চিন আকস্মিক-অস্বাভাৱিক মৃত্যুৰ কাৰণ হৈছে নেকি, এই বিষয়ত পুংখানুপুংখ বৈজ্ঞানিক গৱেষণা অতি প্ৰয়োজনীয় হৈ পৰিছে৷ বিষয়বস্তুৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আমি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত [এএমচি] এক বিস্তৃত গৱেষণা কাৰ্য হাতত লৈছোঁ৷ ক’ভিডত আক্ৰান্ত হোৱা ৰোগীসকলৰ আৰু ক’ভিড ভেক্‌চিনৰ সম্পূৰ্ণ খোৰাকি লোৱা সকলো ব্যক্তিক এই গৱেষণাত অংশগ্ৰহণ কৰি নিজেই আশংকামুক্ত হোৱাৰ লগতে সমাজকো শুদ্ধ তথ্যৰ যোগান ধৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ৷ আমি এই গৱেষণাৰ লগত জড়িত চিকিৎসকসকলৰ নাম আৰু যোগাযোগ নম্বৰ তলত উল্লেখ কৰিলোঁ৷ নীতিগতভাৱে গৱেষণাত অংশগ্ৰহণকাৰী সকলো ব্যক্তিৰ নাম-ঠিকনা আদি গোপনে ৰখা হ’ব৷ প্ৰতিজন ব্যক্তিৰে ECG, Echo, Hs CRP, Cardiac MRI আদি পৰীক্ষা বিনামূলীয়াকৈ কৰা হ’ব৷ আপোনালোকৰ অংশগ্ৰহণ কামনা কৰিলোঁ৷ গৱেষণাত অংশ লোৱা চিকিৎসকৰ দলটো– ১) ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা, সহযোগী অধ্যাপক, মেডিচিন বিভাগ; ২) ডাঃ মৃগাংক শেখৰ চলিহা, মুৰব্বী অধ্যাপক, হৃদৰোগ বিভাগ; ৩) ডাঃ প্ৰণামী বৰা, অধ্যাপিকা, ৰেডিঅ’লজী বিভাগ; ৪) ডাঃ অনিছ হাজৰা, গৱেষক ছাত্ৰ; ৫) ডাঃ শ্যামজিত লক্ষ্মণন, গৱেষক ছাত্ৰ৷ যোগাযোগৰ নম্বৰ : ৯৫৬৪১-৯৮৯৫৮, ৯৯৯৫৮-১৮০৬৭৷’