Logo
image

কংগ্ৰেছৰ অৱস্থা দেখি পাকিস্তানে কান্দিছে : মোদী

নতুন দিল্লী, ৩ মে’: লোকসভা নিৰ্বাচনত প্ৰচাৰৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ধৰ্মীয় মেৰুকৰণৰ অভিযোগ উত্থাপন হৈছে৷ শেহতীয়াকৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ মুছলমানসকলক  আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ ইপিনে গুজৰাটৰ আনন্দত আজি এক সমাবেশত ভাষণ দি মোদীয়ে কয়– ‘ভাৰতত কংগ্ৰেছৰ অৱস্থা দেখি আজি পাকিস্তানেও কান্দিবলৈ লৈছে৷ কংগ্ৰেছৰ বাবে এতিয়া পাকিস্তানৰ নেতাসকলে প্ৰাৰ্থনা কৰিবলৈ লৈছে৷ কিয়নো পাকিস্তানৰ নেতাসকলে কংগ্ৰেছৰ যুৱৰাজ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে৷ তদুপৰি কংগ্ৰেছ আৰু পাকিস্তানৰ মাজত যোগসূত্ৰ আছে বুলিও দাবী কৰে মোদীয়ে৷’ ইপিনে কালি মোদীয়ে আন এখন সভাত কয় যে কংগ্ৰেছ শাসনলৈ আহিলে অনুসূচিত জাতি-জনজাতি, দলিত আৰু  অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থা কাঢ়ি মুছলমানসকলক দিব৷ যিটো বিজেপি চৰকাৰে কেতিয়াও হ’বলৈ নিদিয়ে৷ মোদীয়ে আনকি কংগ্ৰেছে দেশবাসীৰ মাতৃ-ভগ্নীৰ মংগলসূত্ৰদালো কাঢ়ি ল’ব বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীৰ এনে ঘৃণা বক্তব্যক৷ লৈ বিৰোধী দলসমূহৰ লগতে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কালি এখন সভাত কংগ্ৰেছ দলটো শাসনলৈ আহিলে দুখীয়া লোকসকলৰ ধন-সম্পত্তি কাঢ়ি লৈ সেইবোৰ মুছলমানক গতাব বুলিও উল্লেখ কৰে৷ মোদীৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আজি সামাজিক মাধ্যমত এটা পোষ্ট দিয়ে৷ ব্যংগভাৱে দিয়া এই পোষ্টটোত জয়ৰাম ৰমেশে উল্লেখ কৰে– ‘প্ৰথমে কৈছিল মংগলসূত্ৰ কাঢ়ি ল’ব৷ তাৰ পাছত ক’লে কংগ্ৰেছে মাটি কাঢ়ি ল’ব৷ ইয়াৰ পাছত ঘৰ-দুৱাৰ কাঢ়ি ল’ব বুলি ক’লে৷ এতিয়া গৰু-মহো বিপদত বুলি উল্লেখ কৰিছে মোদীয়ে৷ এয়া হতাশাৰ চিন৷’ ইপিনে, তেলেংগানাৰ আন এখন সভাত মোদীয়ে কংগ্ৰেছ দলটোৱে দেশ বিভাজনৰ প্ৰচাৰ চলোৱা বুলিও ভাষণত উল্লেখ কৰে৷ মোদীয়ে কয়– ‘কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে দেশ বিভাজনৰ বিষয়ে প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে৷ কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ এটাই নীতি– কেনেদৰে দেশখনক অস্থিৰ কৰি ৰাখিব পাৰে বা দেশত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷’ মোদীয়ে ৰাহুল গান্ধীয়ে ‘মহব্বত কি দোকান’ বুলি কৰা মন্তবৰো কটাক্ষ কৰে নিজৰ ভাষণত৷ তেওঁ কয়– তেওঁলোকে যাক ‘মহব্বত কি দোকান’ বুলি কৈছে সেয়া দৰাচলতে ‘জাল ভিডিঅ’ প্ৰস্তুত কৰা কাৰখানাহে৷ মোদীয়ে কয়– ‘২০১৪ চনত মই যেতিয়া ক্ষমতালৈ আহিছিলোঁ, কংগ্ৰেছে মোক চাহৱালা বুলি তাচ্ছিল্য কৰিছিল৷’ নিজকে দৰিদ্ৰৰ সন্তান বুলি উল্লেখ কৰি সাহস থাকিলে মুখামুখিকৈ যুঁজত নমাৰ বাবেও কংগ্ৰেছক প্ৰত্যাহ্বান জনায় তেওঁ৷ মুঠৰ ওপৰত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰ্যায় যিমানেই পাৰ হ’বলৈ লৈছে কংগ্ৰেছৰ বিৰুদ্ধে সিমানেই আক্ৰমণাত্মক হৈ পৰিছে নৰেন্দ্ৰ মোদী৷