Logo
image

আম্বানিৰ চিৰিয়াখানালৈ উঃ-পূবৰ বন্যপ্ৰাণী প্ৰেৰণ অব্যাহত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ মে’ : অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা এশিঙীয়া গঁড়কে ধৰি ৬৬টা দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্য জীৱ-জন্তু কিদৰে সংগোপনে আম্বানিৰ গুজৰাটৰ জামনগৰস্থিত চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল তাৰ সবিশেষ ইতিমধ্যে ‘আমাৰ অসম’ কাকতত প্ৰকাশ পাইছে৷ অসমৰ মাজেৰে চুবুৰীয়া অৰুণাচল আৰু ত্ৰিপুৰাৰ পৰা অনন্ত আম্বানিৰ ব্যক্তিগত চিৰিয়াখানালৈ ট্ৰাকে ট্ৰাকে অবৈধভাৱে হাতী প্ৰেৰণত অসম চৰকাৰৰ বন বিষয়াই সহযোগ কৰা কাহিনীও প্ৰকাশ পাইছে৷ ঘৰচীয়া হাতী সৰবৰাহত মাইক্ৰ’চিপ বাধ্যতামূলক যদিও অৰুণাচলৰ নামচাইৰ পৰা অনা দুটা হাতীৰ মাইক্ৰ’চিপ ধৰা নপৰাৰ পাছতো অসম চৰকাৰৰ বন বিভাগে হাতীদুটা আম্বানিৰ চিৰিয়াখানালৈ প্ৰেৰণত কোনো বাধা দিয়া নাছিল৷ বিশ্বৰ অন্যতম চহকী মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিয়ে গুজৰাটৰ জামানগৰলৈ স্থাপন কৰা গ্ৰীন্‌ছ জুল’জিকেল ৰেছকিঅ’ এণ্ড দ্যা ৰিহিবিলিটেশ্বন কিংডম বনতৰালৈ অসমৰ মাজেৰে ট্ৰাকত অবৈধভাৱে হাতী সৰবৰাহত ৰাজ্যৰ বন বিষয়াই সহযোগ কৰাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে পুনৰ অসমৰ মাজেৰে আম্বানিৰ চিৰিয়াখানালৈ নিয়া হৈছে হাতী৷ এইবাৰ উত্তৰ-পূবৰ ত্ৰিপুৰাৰ পৰা এজনী মাইকী হাতীৰ লগতে এটা পোৱালী নিয়া হৈছে জামনগৰলৈ৷ গুজৰাটৰ পঞ্জীয়নভুক্ত জি জে ১০ টি এক্স ৭৪৬১ নম্বৰৰ এখন এনিমেল এম্বুলেঞ্চ ট্ৰাকত বৃহস্পতিবাৰে অসমৰ মাজেৰে গুজৰাটলৈ লৈ যোৱা হৈছে হাতীদুটা৷ নিয়ম অনুসৰি হাতী সৰবৰাহৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্যৰ বন বিভাগৰ অনুমতিৰ প্ৰয়োজন যদিও অসম চৰকাৰে ইয়াক অনুমতি দিছে নে নাই সেয়া জানিব পৰা হোৱা নাই৷ আনহাতে হাতী সৰবৰাহ কৰিবলৈ হ’লে মাইক্ৰ’চিপ বাধ্যতামূলক যদিও এই হাতী দুটা মাইক্ৰ’চিপ অসম চৰকাৰৰ বন বিভাগে পৰীক্ষা কৰিছে নে নাই, তাকো জানিব পৰা হোৱা নাই৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে অসম চৰকাৰৰ বন বিভাগে উন্নী আৰু লখিমী নামৰ দুটা হাতী আম্বানিৰ চিৰিয়াখানালৈ মাইক্ৰ’চিপ অবিহনেই সৰবৰাহত ৰহস্যজনক অনুমতি প্ৰদান কৰিছিল৷ তথ্য অনুসৰি আম্বানিৰ চিৰিয়াখানাত বৰ্তমান প্ৰায় ২০০ টা হাতী আছে যদিও ইয়াৰে ৯১টা হাতী চুবুৰীয়া অৰুণাচলৰ পৰা নিয়া হৈছে৷ আ(ৰ্যজনক বিষয়টো হৈছে অৰুণাচলৰ ঘৰচীয়া হাতীৰ সংখ্যা ১০৯ টাহে৷ এই ১০৯টা হাতীৰ ৯১টাকৈ ধনৰ বিনিময়ত ‘উপহাৰ’ নাম দি আম্বানিৰ হাতত বিক্ৰী কৰি দিয়া হ’ল৷ লক্ষণীয় বিষয়টো হৈছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বন্য জীৱ-জন্তু সৰবৰাহৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বাবে ইতিপূৰ্বে অসম চৰকাৰৰ কেইবাজনো শীৰ্ষ আই এফ এছ বিষয়াই আম্বানি চিৰিয়াখানা ভ্ৰমণ কৰাৰ লগতে হস্তী বিশেষজ্ঞ অসম চৰকাৰৰ জ্যেষ্ঠ পশু চিকিৎসক কুশল কোঁৱৰ শৰ্মাই জামনগৰত আম্বানি চিৰিয়াখানাৰ আৱাসিক চিকিৎসক হিচাপেও ‘সেৱা’ প্ৰদান কৰি আহিছে৷