Logo
image

মীৰাৰ হৈ নামিল ৩ গগৈ মহানগৰীৰ পথত খণ্ডযুদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’ : গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে তিনি গগৈ ক্ৰমে গৌৰব গগৈ, অখিল গগৈ আৰু লুৰীণ গগৈ৷ বুধবাৰে মীৰা বৰঠাকুৰক লগত লৈ গৌৰব গগৈয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক হাব ফাঁচী বজাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে অখিল গগৈয়ে পাহাৰে পাহাৰে প্ৰচাৰ চলায়৷ অখিল গগৈয়ে মীৰা বৰঠাকুৰৰ সৈতে পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উপৰহালী অঞ্চলৰ ৰাইজৰ সৈতেও মত বিনিময় কৰাৰ লগতে নিৰ্বাচনী সভাত ভাগ লয়৷ অখিল গগৈয়ে মীৰা বৰঠাকুৰক অসমীয়া মহিলাৰ সাহসিকতাৰ প্ৰতীক আখ্যা দি গুৱাহাটীত ইমান বছৰ থাকিলেও কিন্তু বিজুলী কলিতা মেধিৰ নাম শুনাই নাই বুলি মন্তব্য কৰে৷ একেখন সভাত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও অংশগ্ৰহণ কৰি কয় যে বিজেপি চৰকাৰে চামুছেৰে দি বেলছা মাৰি নিছে৷ ইফালে গুৱাহাটীৰ পাহাৰে পাহাৰে নিৰ্বাচনী প্ৰচাৰত অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এফালেদি বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিম বুলি আস্ফালন কৰিছে আনফালে গুৱাহাটীৰ পাহাৰৰ মানুহে সাহস কৰিব নোৱাৰাকৈ মাটিৰ প্ৰিমিয়াম আকাশলংঘী কৰিছে৷ খিলঞ্জীয়া মানুহৰ বাবে মাটিৰ প্ৰিমিয়াম ৬২.৫০ লাখ পৰ্যন্ত নিৰ্ধাৰণ কৰিছে বিজেপি চৰকাৰে৷ ফাঁচীবজাৰত নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈয়ে কয় যে অসমত এতিয়া এগৰাকীয়েই লাখপতি বাইদেউ, তেওঁৰ চকু ফাঁচী বজাৰত৷ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থনত টোপাতলিত আয়োজিত এক প্ৰচাৰ সভাত লুৰীণজ্যোতি গগৈয়ে আজি মীৰা বৰঠাকুৰৰ সৈতে অংশগ্ৰহণ কৰে৷ অভিনেত্ৰী জেৰিফা ৱাহিদেও সভাত ভাষণ দিয়ে৷

গুৱাহাটীত মীৰা-বিজুলীৰ সমৰ্থকৰ খণ্ডযুদ্ধ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমাইনেই যেন আকৰ্ষণীয় হৈ পৰিছে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন৷ গুৱাহাটী সমষ্টি যিকোনো প্ৰকাৰে দখল কৰাৰ বাবে বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ সমৰ্থনত জঁপিয়াই পৰিছে মন্ত্ৰী-বিধায়ক, নেতা পালিনেতা৷ গুৱাহাটীত এঘড়ী যুঁজাৰ সংকল্প লোৱা বিৰোধী ঐক্যমঞ্চ সমৰ্থিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানে প্ৰত্যাহ্বান সৃষ্টি কৰিছে বিজেপি মিত্ৰজোঁটক৷ ইফালে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ক্ৰমাৎ যেন আকৰ্ষণীয় হৈ পৰিছে গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী যুঁজখন৷ ঠায়ে ঠায়ে বৃদ্ধি পাব ধৰিছে নিৰ্বাচনী হিংসাৰ ঘটনা৷ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে নুনমাটিত আজি কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থক আৰু বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ সমৰ্থকৰা মাজত হতা হতিৰ সৃষ্টি হয়৷ আজি দিনৰ ভাগত নুনমাটি স্থিত গুৱাহাটী শোধনাগাৰৰ মূল গেটৰ সন্মুখত মীৰা বৰঠাকুৰৰ সমৰ্থনত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত সংঘটিত হয় এই ঘটনা৷ জানিব পৰা মতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ চিপিআই[এমএল]এ প্ৰশাসনৰ অনুমতি সাপেক্ষে গুৱাহাটী শোধনাগাৰৰ মূল গেটৰ সন্মুখত এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছিল৷ সভা চলি থকাৰ মাজতে-বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থকে আহি সভাৰ সমীপত উচ্ছস্তৰত মাইক বজায়৷ ইয়াকে লৈ দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ এনেদৰে উচ্ছস্তৰত মাইক বজালে সভাৰ কাৰ্যসূচী ব্যহত হয় বুলি অভিযোগ তুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে বাধা প্ৰদান কৰাৰ সময়তে দুয়ো পক্ষৰ মাজত মতানৈক্যৰ লগত হতাহতিৰো সৃষ্টি হয়৷ ইয়াকে লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থকে সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়৷ 

বেলতলা বজাৰ বন্ধ কৰাক লৈ প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বেলতলাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবেই বন্ধ কৰি দিয়া হৈছে পুৰনি বেলতলা বজাৰখন৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বেলতলা বজাৰখন বন্ধ কৰিবলৈ এক নিৰ্দেনাৰ প্ৰদান কৰে৷ বজাৰখন বন্ধ কৰি দিয়াৰ পিছত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইপিনে বেলতলা বজাৰত খোজ কাঢ়ি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা গুৱাহাটী লোক সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ী সকলে কেঁচা শাক পচলিৰ বাবে তীব্ৰ লোকচানৰ সন্মুখীন হব বুলি উল্লেখ কৰি কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোৱা ‘ৰাজা মহাৰজা আহ ৰহা ক্যা’ বুলি অনুকিয়াই কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে এইবাৰ নিৰ্বাচনত সৰ্ব সাধাৰণ লোকে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি কয়৷  দণ্ডাধীশে প্ৰদান কৰা নিৰ্দেশ অনুযায়ী বৃহস্পতিবাৰে দিছপুৰ আৰু বশিষ্ঠ আৰক্ষী থানাৰ সহযোগত সাপ্তাহিক বজাৰখন বন্ধ কৰে জিলা প্ৰশাসনে৷ 

ফাঁচীবজাৰত গৌৰবৰ ভাষণ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ৷  অহা ৭ মে’ত অনুষ্ঠিত হ’ব গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটা, ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচন৷ সকলো সমষ্টিতে জোৰদাৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ৷ গুৱাহাটী লোকসভা সমষ্টিত কিছুদিন ধৰি নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে৷ শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ মাজত গুৱাহাটীত নিৰ্বাচনী যুঁজখন প্ৰায় আকৰ্ষণীয় হৈ পৰিছে৷  বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গুৱাহাটীৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে বিশাল ৰোড শ্ব’ কৰি নিৰ্বাচনী ৰণডংকা বজায় যোৱাৰ পিছত কংগ্ৰেছ দল পিছ হুঁহকি থকা নাই৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৃথ্বীৰাজ সাথে, গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আদিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ গুৱাহাটী লোকসভা সমষ্টিত এখনৰ পিছত আন এখন নিৰ্বাচনী সভাত অংশ লৈ জোৰদাৰ প্ৰচাৰ চলাই থকা দেখা গৈছে৷ বুধবাৰে সন্ধিয়া গুৱাহাটীৰ মাজমজিয়াত নিৰ্বাচনী ৰণডাংকা বজাবলৈ কংগ্ৰেছ দলে ফাঁচীবজাৰত বিশাল নিৰ্বাচনী সভা আয়োজন কৰে৷ গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৃথ্বীৰাজ সাথে, গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ভাষণ দি নিৰ্বাচনী প্ৰচাৰ চলায়৷ ভাষণত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৃথ্বীৰাজ সাথে কয় যে, বিজেপিয়ে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰিছে৷ দেশৰ অৰ্থনীতিত সাধাৰণ মানুহৰ অধিকাৰ হৰণ কৰিছে৷  ইপিনে গৌৰৱ গগৈয়ে তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুমলা ভাষণ ৰাইজে বুজি পাইছে৷  লাখপতি বাইদেউ মোদীৰ জুমলা মাথোঁন৷ বিজেপি চৰকাৰৰ অপশাসনৰ তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ কোনো আন্তৰিকতা নাই৷ নহ’লে মণিপুৰত মোদী কিয় এবাৰো নগ’ল৷ তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীখনক তেওঁৰ সম্পত্তি বুলি ভাবে৷ সভাত ভাষণ দি প্ৰদু্যৎ বৰদলৈয়ে বিজেপি চৰকাৰক জনবিৰোধী চৰকাৰ আখ্যা দি ৰাইজক বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান জনায়৷  ইপিনে সভাত গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাই ৰাইজৰ উদ্দেশ্য ভাষণ আগবঢ়ায়৷ 

চৰকাৰী বিদ্যালয় বন্ধ কৰি মদৰ দোকান খোলাজনক ৰাইজে বুজি পাইছে : গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ কৈঠালকুছিৰ প্ৰতিবেদক : বিজেপি চৰকাৰে শ শ চৰকাৰী বিদ্যালয় বন্ধ কৰি মদৰ দোকান খুলিছে৷ অসমৰ নতুন প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ সেই বিজেপিক ৰাইজে বুজিছে৷ আমাৰ মহিলাক কৌশলী নিৰ্যাতন চলাই পৰিয়াল আৰু শিশুৰ ভৱিষ্যত নিঃশেষ কৰিছে৷ সময় সমাগত৷ এই নিৰ্বাচনতেই বিজেপিক বিদায় দি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব৷ সেই প্ৰতিজ্ঞা ৰাইজে ইতিমধ্যে কৰিছে সমাগত তৃতীয় পৰ্যায়ৰ সংসদীয় নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কৈঠালকুছিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত এই মন্তব্য প্ৰদান কৰে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে৷ ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪০নং টিহু সমষ্টিৰ মধুপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সভাত সভাপতিত্ব কৰে মধুপুৰ ব্লক কংগ্ৰেছৰ সভাপতি দিলীপ পাঠকে৷ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী দীপ বায়নৰ হকে প্ৰচাৰ চলাই সাংসদ গগৈয়ে পুনৰ কয়– ঔষধ কোম্পানীৰ পৰা কোটি কোটি টকা লৈ ৰাইজক মাধমাৰ সোধাইছে৷ তাৰ প্ৰত্যুত্তৰ উজনিৰ ৰাইজে দিলে৷ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি, যুৱ নেতা ৰাতুল পাটোৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে৷ প্ৰাৰ্থী দীপ বায়নে বিজেপিৰ ভয়-ভাবুকিৰ মাজতো সাহসেৰে ওলাই অহা পৰিৱৰ্তনকামী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ ৰাইজৰ দলৰ সম্পাদক হেমন্ত সুতে কয়– ১৮ বছৰীয়া সন্তানৰ ১৮টা কোম্পানী, পত্নীৰ নামত কোটিটকীয়া ব্যক্তিগত বিদ্যালয় এইবোৰ অসমৰ মুখ্যমন্ত্ৰীৰ জনহিতৰ নমুনা৷ হিতাধিকাৰী সজাই মস্তিস্ক কিনা হিমন্তবিশ্ব আৰু বিজেপিক ৰাইজে ভালকৈয়ে চিনিছে৷ এই নিৰ্বাচনতে ৰাইজে তাৰ উত্তৰ দিব৷ সভাত কংগ্ৰেছ নেতা তথা প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ভাষণ দি বিজেপিৰ শাসনক নীলা শিয়ালৰ ৰাজত্ব বুলি কটাক্ষ কৰি উদাত্ত ভাষণ প্ৰদান কৰে৷

ৰকিবুলৰ নিৰ্বাচনী সভাত অখিল

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদক : মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মুছলমানৰ আটাইতকৈ ডাঙৰ শত্ৰু৷ ধুবুৰী লোকসভা সমষ্টিৰ যোগীঘোপাৰ বালাপাৰাৰ বিশাল নিৰ্বাচনী সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়৷ জমিদাৰী শাসন যেতিয়া লোভ পাবলৈ লয়, তেতিয়া প্ৰজা বা ৰায়ত বিলাকে মাটি-সম্পত্তি কাঢ়ি লয়৷ কিন্তু তেতিয়াও জমিদাৰে দপদপাই থাকিব খোজে৷ –এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ আজি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যোগীঘোপাৰ বালাপাৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলোৱাৰ অৰ্থে অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি গগৈয়ে বদৰুদ্দিন আজমলে মঞ্চতে মাৰপিট কৰা বিষয়টোক কটাক্ষ কৰি কয় যে মুছলমান ৰাইজে বহুত ভাল কাম কৰিবলৈ লৈছে৷ ২০০৩ চনৰ পৰা হিন্দু-মুছলমান, হিন্দু-মুছলমান চিন্তাধাৰা বিজেপি দলে বোৱাই দিছে৷ মুখ্যমন্ত্ৰী শৰ্মা ধুবুৰীলৈ যাবলৈ বেয়া পোৱা বুলি উল্লেখ কৰিছিল৷ কাৰণ ধুবুৰীখন বাংলাদেশৰ দৰে লগা বুলিয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল৷ বৰপেটা আৰু গোৱালপাৰালৈ আহিলেও তেনে লগা বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল৷ সেয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গগৈয়ে উদাত্ত ভাষণত উল্লেখ কৰে৷ কংগ্ৰেছ দলৰ আন এজন প্ৰাৰ্থী তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীকে ধৰি কেইবাজনো নেতাৰ আৰু ছয় সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী সভাত বৰ্তমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰ সমালোচনা কৰি কয় যে ধুবুৰীৰ পৰা মুছলমান লোকে গুৱাহাটীলৈ গ’লে ভয় ভয়ে থাকিব লগা হয়৷ তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি উজনি অসমত ইটাভাটাকে ধৰি শ্ৰমদান কৰিব যোৱা শ্ৰমিকে কাণত ধৰিব লগীয়া হয়৷ সেই উজনিৰ যোৰহাট লোকসভা সমষ্টিত এশ শতাংশই বুকুত হাত থৈ কয় যে গৌৰৱ গগৈ জিকিব৷ এতিয়া নামনিৰ ধুবুৰীত সাম্প্ৰদায়িক ৰাজনীতি কৰা আজমলক উচ্ছেদ কৰাৰ বাবে মুছলমান সমাজক আহ্বান জনায় অখিল গগৈয়ে৷

হিমন্তবিশ্ব মুখ্যমন্ত্ৰী হৈ থকালৈকে আপোনালোক লাখপতি বাইদেউ হ’ব নোৱাৰে: গৌৰৱ গগৈ

ঘগ্ৰাপাৰৰ পৰা ৰাতুল চন্দ্ৰ ডেকা [আমাৰ অসম]: ‘অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমৰ এগৰাকীও মহিলাই লাখপতি বাইদেউ হ’ব নোৱাৰে৷ মাত্ৰ এগৰাকীয়েই লাখপতি বাইদেউ হৈ থাকিব৷ এই মিছলীয়া, ধাপ্পাবাজী চৰকাৰখনে আপোনালোকক ভূৱা ফৰ্ম ফিলাপ কৰাই থাকিব৷ আপোনালোকে একো নাপাব৷’ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ থকাৰ মাজতে আজি ঘগ্ৰাপাৰৰ দলবাৰী-কনিহাত দুপৰীয়াৰ ভাগত অনুষ্ঠিত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বায়নৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে বিজেপি দলক সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে শান্তি বিচাৰে৷ বৰ্তমানৰ বিজেপিৰ চৰকাৰখনে দেশত তথা ৰাজ্যত এক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ এইখন চৰকাৰক উৎখাত কৰাৰ কাৰণে ৰাইজ এনেদৰে হিলদল ভাঙি ওলাই আহিছে৷ তদুপৰি তেওঁ কয় যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত হৈ যোৱা নিৰ্বাচনত ক্ৰমে ডিব্ৰুগড়, যোৰহাট, নগাঁও আৰু কৰিমগঞ্জত আমি বিপুল ভোটৰ ব্যৱধানত জয়ী হম৷ ইয়াৰ বিপৰীতে তৃতীয় পৰ্যায়ত জ্জ তাৰিখে হ’ব লগা নিৰ্বাচনত বৰপেটা, গুৱাহাটী আৰু ধুবুৰী সমষ্টিত আমি জয় লাভ কৰিম বুলি ভাষণ প্ৰসংগত তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে৷ ইপিনে বিদেশী বহিষ্কাৰ আন্দোলনত ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত ৰূপায়ণ হোৱা অসম চুক্তি নস্যাৎ কৰি ‘কা’ আইন জাপি দিলে অসমৰ অভিভাৱক বুলি দাবী কৰা কৰা অগপ দলে এবাৰো নামাতিলে৷ এই মন্তব্য বৰপেটা লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বায়নৰ৷ তেওঁ লগতে কয়– যি সকলৰ ঋণ আছে, তেওঁলোকৰ ঋণ মাফ কৰি দিম৷ দেশৰ বাহিৰৰ বেংকত থকা ক’লাধন আনি সকলোৰে ঋণ ৰেহায় কৰি দিম৷ ক’লাধন আনিলেনে? নে ঋণৰ সকাহ দিলে৷ এই ফাকীবাজ বিলাকক উৎখাত কৰিবলৈ হলে আমাৰ দলক আশীৰ্বাদ কৰিব লাগিব৷ আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দলবাৰী-কনিহাত বড়িগোগ বনভাগ ব্লকৰ অন্তৰ্গত খাতিকুছি মণ্ডলৰ সৌজন্যত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাখনত আদৰণি ভাষণ ৰাখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদু্যৎ ভূঞাই৷ সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ভাষণত বিজেপি দলক সমালোচনা কৰে৷ জনাকীৰ্ণ নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা বামপন্থী নেতা চন্দ্ৰধৰ কলিতা, অসম জাতীয় পৰিষদৰ নেতা নগেন ডেকা, ৰাইজৰ দলৰ নেতা জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী, কংগ্ৰেছ দলৰ মিডিয়া চেলৰ আহ৩ায়ক ৰাতুল কলিতা, জিলা কংগ্ৰেছৰ সম্পাদক লুটফুৰ ৰহমান, মিডিয়া চেলৰ জিলা আহ৩ায়ক উদ্দীপন পাটোৱাৰী, বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ডেকাকে ধৰি কংগ্ৰেছ,  ৰাইজদল, অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্তাৰ উপৰিও সাধাৰণ ৰাইজ উপস্থিত থাকে৷ উক্ত সভাতে বিজেপি দলৰ প্ৰায় কুৰিজনৰো অধিক কাৰ্যকৰ্তাই কংগ্ৰেছ দলত যোগদান কৰে৷ ইপিনে নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্ত বিলপাৰৰ পৰা এক বিশাল বাইক ৰেলীৰে গৌৰৱ গগৈসহ নেতা-কৰ্মীসকলক আদৰি নিয়ে৷

বিজেপিৰ পুৰণি নেতা-কৰ্মী সকলো আজি আতংকিত :গৌৰৱ

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদক : ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সময় যিমানেই ওচৰ চাপি আহিছে সিমানেই শাসক বিৰোধীয়ে পৰস্পৰে পৰস্পৰক তীব্ৰ বাক্যবানেৰে থকাসৰকা কৰিছে৷ আজি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ প্ৰচাৰ চলাবলৈ নলবাৰীত উপস্থিত হৈয়ে সাংসদ গৌৰৱ গগৈয়ে বিজেপি দল তথা চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কয়– বিজেপিৰ একাংশ নেতা-মন্ত্ৰীয়ে অসমীয়া সংস্কৃতি এৰি দিছে৷ বিজেপি দলৰ একাংশ মন্ত্ৰীয়ে গুণ্ডাৰ দৰে আচৰণ কৰি আছে চৌদিশে৷ এই মন্ত্ৰীকেইজনে সমগ্ৰ অসমতে গুণ্ডাৰ দৰে আচৰণ কৰি আছে৷ আনকি পুৰণি বিজেপিৰ নেতা-কৰ্মী সকলো আজি আতংকিত বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে৷ প্ৰাক্তনমন্ত্ৰী ৰাজেন গোঁহাইৰ দৰে নেতাসকলেও ন-বিজেপিৰ মন্ত্ৰীসকলক লৈ আতংকিত বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় ৰাজেন গোঁহাই কট্টৰ বিজেপি৷ মই তেওঁৰ আদৰ্শৰ দুৰ্ঘোৰ বিৰোধী৷ কিন্তু তেওঁ কিমান আতংকিত কিছুদিন আগতে তেওঁ দিয়া মন্তব্যতে প্ৰকাশ হৈছে৷ অকল অসমতে নহয় সমগ্ৰ দেশতে বিজেপিৰ আতংকৰ পৰা ৰাইজক মুক্ত কৰিবলৈ কংগ্ৰেছ দল আগবাঢ়ি আহিছে৷ আনকি অমিত শ্বাহৰ সভাৰ পৰা যাব বিচৰা মহিলাসকলক গুণ্ডাৰূপী মন্ত্ৰীয়ে আবদ্ধ কৰি ৰখাৰ কথাও সদৰি কৰে সাংসদ গৌৰৱ গগৈয়ে৷ কৰ্ণাটকৰ বিজেপি নেতাৰ যৌন কেলেংকাৰি সন্দৰ্ভতো সৰৱ হৈ পৰে সাংসদ গৌৰৱ গগৈ৷ মুখ্যমন্ত্ৰীৰ লাখপতি বাইদেউ আঁচনি সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয়– হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ দিছপুৰৰ এগৰাকী মহিলাইহে লাখপতি হৈ থাকিব৷ বাকীবোৰ মহিলাক কেতিয়াও লাখপতি হ’ব নিদিয়ে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে৷ সাংসদ গৌৰৱ গগৈ নলবাৰীত উপস্থিত হোৱাৰ লগে লগে নলবাৰীৰ সীমান্তবৰ্তী ঠাই নৌনা পাৰৰ পৰা এক বিশাল বাইক ৰেলীৰে নলবাৰীলৈ আদৰি আনে দলীয় নেতা-কৰ্মীসকলে৷