Logo
image

আমেথি, ৰাইবেৰেলীক লৈ কংগ্ৰেছৰ বিড়ম্বনা

নতুন দিল্লী, ৩ মে’: আমেথি আৰু ৰাইবেৰেলী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই৷ উল্লেখ্য যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে এইবাৰ এই সমষ্টি দুটাত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্তত অটল হৈ থকাত স্বাভাৱিকতে সমষ্টি দুটাক লৈ কংগ্ৰেছত বিড়ম্বনাৰ সৃষ্টি হৈছে৷ ইপিনে, আজি সন্ধিয়া ৰাহুল গান্ধীৰ সৈতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই এক বৈঠকত মিলিত হয়৷ উক্ত বৈঠকতো ৰাহুলে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্তত অটল হৈ থকা বুলি জনোৱাত কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে তেওঁক সিদ্ধান্ত সলনি কৰাৰ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত পুনৰ চিন্তা-চৰ্চা কৰিবলৈ কিছু ঘণ্টা সময় দিয়ে৷ উল্লেখ্য যে কাইলৈ আমেথি আৰু ৰাইবেৰেলী সমষ্টিত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন৷ এনে অৱস্থাত ৰাহুল আৰু প্ৰিয়ংকাৰ সিদ্ধান্তক লৈ স্বাভাৱিকতে অস্বস্তিকৰ পৰিস্থিতিত পৰিছে কংগ্ৰেছৰ হাইকমাণ্ড৷ এটা সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আমেথি আৰু ৰাইবেৰেলীক যিহেতু গান্ধী পৰিয়ালে দশক দশক ধৰি প্ৰতিনিধিত্ব কৰি আহিছে তেনে ক্ষেত্ৰত ৰাহুল আৰু প্ৰিয়ংকাক পূৰ্বৰ সেই পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়৷ কিন্তু প্ৰিয়ংকা আৰু ৰাহুল গান্ধীয়ে কোনোপধ্যেই সমষ্টি দুটাত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পূৰ্বে সমষ্টি দুটাৰ প্ৰাৰ্থী থিৰাং কৰিবলৈ কেইবাৰো দলীয় বৈঠক অনুষ্ঠিত হয় যদিও কোনো এখন বৈঠকে আমেথি আৰু ৰাইবেৰেলীত কংগ্ৰেছৰ প্ৰাৰ্থী নিশ্চিত কৰিব নোৱৰাত অৱশেষত বিষয়টো দলীয় মুৰব্বী মল্লিকাৰ্জুন খৰ্গেলৈ ঠেলি দিয়ে৷ উল্লেখ্য যে আমেথি আৰু ৰাইবেৰেলীত অহা ২০ মে’ত পঞ্চম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷