Logo
image

ৰাজদীপে চলাইছে কয়লা ছিণ্ডিকেট

ভেদ ভাঙি দিলে টিকটবঞ্চিত বিজেপি বিধায়ক দিলীপ পালে

আমাৰ অসম, ১১ মাৰ্চঃ ‘বৰাকৰ কয়লা, চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবেই মোৰ টিকট কটা গ’ল৷ মোৰ টিকট কটাৰ আঁৰত বৰাকৰ কয়লা ছিণ্ডিকেট চলোৱা সাংসদ ৰাজদীপ  ৰায়ৰ হাত আছে৷ তেওঁৰ বিৰুদ্ধে মাত মতাটোৱেই মোৰ দোষ হ’ল৷’ বৰাকৰ কয়লা, চুপাৰী ছিণ্ডিকেটৰ ভেদ ভাঙি বুধবাৰে শিলচৰত এই বিস্ফোৰক মন্তব্য কৰিলে শিলচৰৰ টিকটবঞ্চিত বিজেপি প্ৰাৰ্থী দিলীপ পালে৷ শিলচৰত এটা সংবাদ মেল পাতি এনে অভিযোগ কৰে শিলচৰ সমষ্টিৰ দুটাকৈ কাৰ্যকালৰ বিজেপি বিধায়ক দিলীপ কুমাৰ পালে৷ কালি নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা শিলচৰত উপস্থিত হৈ দিলীপ কুমাৰ পালৰ ক্ষোভ প্ৰশমিত কৰিবলৈ চেষ্টা কৰিছিল৷ অন্যায়ভাৱে টিকট কটাৰ পাছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে দিলীপ পালে৷ বুকুট এনে খং, ক্ষোভ লৈ টিকট বঞ্চিত হোৱা  দিলীপ পালে নিৰ্দলীয় প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি বিজেপিৰ পৰা পদত্যাগ কৰে৷ বুধবাৰে দুপৰীয়া ২১ গৰাকী দলীয় কৰ্মীক লৈ দলত্যাগ পত্ৰ সভাপতি ৰঞ্জিত কুমাৰ দাসলৈ প্ৰেৰণ কৰে তেওঁ৷  বিয়লি শিলচৰত এটা সংবাদ মেল পাতি দিলীপ কুমাৰ পালে কয়, অসমত বাহিৰৰ মানুহ আজি বিজেপিৰ মূল কৰ্মকৰ্তা৷ কয়লা, ছুপাৰী আদি ছিণ্ডিকেটৰ মেৰপাকত ৰাজ্য চৰকাৰ৷ ছিণ্ডিকেটৰ মেৰপাকত পৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসহায়৷ তেওঁ কয়, বিজেপি দলে কাছাৰৰ এটা সীমান্ত কাটিগৰাত গৌতম ৰয়, আন সীমান্তত কৌশিক ৰায় আৰু আন এটা সীমান্তত আমিনূল হক লস্কৰক বহুৱাই ছিণ্ডিকেট ৰাজ চলাইছে বৰাকৰ সাংসদ ডাঃ ৰাজদীপ ৰায়ে৷ তেওঁলোক ছিণ্ডিকেট গোষ্ঠীৰ প্ৰিয় লোক৷ সাংসদ ডাঃ ৰাজদীপ ৰায় বৰাকৰ কয়লা চিণ্ডিকেটৰ ৰজা৷ ডাঃ ৰাজদীপ ৰায়ৰ বিৰোধিতাৰ বাবেই তেওঁ টিকট নাপালে বুলি অভিযোগ কৰে৷