Logo
image

কচুয়ে মেদবহুলতা কমায়, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে

কচু যথেষ্ট ঔষধিগুণসম্পন্ন মানৱ শৰীৰৰ বাবে উপকাৰী উদ্ভিদ৷ থলুৱাভাৱে উৎপাদিত কচুত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, আইৰণ, ফাইবাৰ, কেলচিয়াম, মেংগানিজ, জিংক, কপাৰ, ফছফৰাচ আদি উপাদান পোৱা যায়৷ কচু বিভিন্ন ধৰণে খাব পাৰি৷ সিজাই, ভাজি, পুৰি, তৰকাৰী বনাই, পিটিকা কৰি খাব পাৰি৷ কচুৰ ডাল-পাত, লতি, মাটিৰ তলত থকা মঙহাল অংশ আদি খাদ্য হিচাপে খোৱা হয়৷ 
- কচুৱে ৰক্তহীনতা সমস্যা দূৰ কৰে৷ দূষিত ৰক্ত শোধন কৰাৰ লগতে এইবিধ খাদ্য সামগ্ৰীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ কচুত থকা পটাছিয়ামে তেজৰ নলী মুকলি কৰে আৰু  উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ 
- কচুত থকা ডায়েটেৰী ফাইবাৰে তেজত ইনছুলিন আৰু গ্লুজকত প্ৰভাৱ পেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷
- কচুত থকা কেলছিয়ামে শৰীৰৰ হাড় আৰু দাঁতৰ গঠন মজবুত কৰে৷ কচুৱে শৰীৰৰ মাংসপেশী আৰু স্নায়ুতন্ত্ৰ সবল কৰে৷
- কচুত থকা এণ্টি অক্সিডেণ্টে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ 
- ক’লা কচুৰ থুৰি বা কচুৰ লতি জালুকীয়া আঞ্জা খালে প্ৰসূতি মাতৃৰ দুগ্ধ বৃদ্ধি পায়৷ গাৰ বিষ হ’লে কলা কচুৰ আঞ্জা জালুক দি খালে উপকাৰ পোৱা যায়৷ কচুৰ আঞ্জা পিত্তনাশক, কৃমিৰ সমস্যা নাশ কৰে৷ 
- ওল কচু অৰ্শ ৰোগৰ বাবে মহৌষধস্বৰূপ৷
- কচুৱে মেদবহুলতা কমায়, ওজন হ্ৰাস কৰাটো বিশেষভাৱে সহায় কৰে৷ তনচিল বা গলৰ ৰোগৰ বাবে কচু অতি উপকাৰী৷
- কচুৱে কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে, হজম শক্তি বঢ়ায়৷ দৃষ্টি শক্তিৰ কাৰণেও কচু অতি উপকাৰী৷
- প্ৰস্ৰাৱ নহ’লে ক’লা চকুৰ পাত আৰু ঠাৰি সিজাই খালে প্ৰস্ৰাৱ খোলোচা হয়৷ 
- ভিটামিনৰ অভাৱ বা বীজাণু সংক্ৰমণজিনত মুখৰ ভিতৰত ঘাঁ হ’লে ক’লা কচু খালে উপকাৰ পোৱা যায়৷