Logo
image

ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি, শেষ ৪ টা সমষ্টিত কাইলৈ ভোট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মে’ : বিগত ডেৰ মাহ ধৰি ৰাজনৈতিক নৃত্য, গীত, শ্লোগান, প্ৰতিশ্ৰুতিৰে মুখৰিত হৈ থকা অসমৰ আকাশ-বতাহ এতিয়া হৈ পৰিছে শান্ত৷ কিয়নো দেওবাৰে বিয়লি ৫ বজাৰ লগে লগে অসমত অন্ত পৰিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ৷ মঙলবাৰে গুৱাহাটীকে ধৰি নামনি অসমৰ চাৰি সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ৷ অসমত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ৷ সোমবাৰে পুৱাৰে পৰা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ’ব প’লিং, প্ৰিজাইডিং বিষয়াসকল৷ উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ আছিল যথেষ্ট বেছি৷ লগতে তৃতীয় পৰ্যায়তো যাতে ভোটদান কৰিবলৈ ভোটাৰ ৰাইজ ওলাই আহে তাৰ বাবে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছিল নিৰ্বাচন আয়োগে৷ ইতিমধ্যে অসমত সম্পন্ন হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৮.২৮ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত আন ৫ সমষ্টিত ভোটদানৰ হাৰ আছিল ৮১.১৭ শতাংশ৷ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিকেইটা হ’ল–গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী৷ আনহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰি সমষ্টিৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ৪৭গৰাকী প্ৰাৰ্থীয়ে৷ তাৰ ভিতৰত ৩১গৰাকী প্ৰাৰ্থী শাসক-বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ হোৱাৰ উপৰিও ১৬গৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ লক্ষণীয়ভাৱে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অকল গুৱাহাটী লোকসভা সমষ্টিতহে দলীয় প্ৰাৰ্থী দিয়াৰ বিপৰীতে বাকী তিনিটা সমষ্টিত সমৰ্থন আগবঢ়াইছে মিত্ৰদলৰ প্ৰাৰ্থীক৷ বৰপেটা আৰু ধুবুৰীত মিত্ৰজোঁটৰ হৈ অগপই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে একমাত্ৰ কোকৰাঝাৰ সমষ্টিত দলীয় প্ৰাৰ্থী দিছে ইউ পি পি এল দলে৷ একেদৰে কংগ্ৰেছ দলে চাৰিওটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এ আই ইউ ডি এফ দলে ধুবুৰীত, বিপিএফ দলে কোকৰাঝাৰ আৰু বৰপেটাত, তৃণমূল কংগ্ৰেছে কোক্‌ৰাঝাৰ আৰু বৰপেটাত, চিপিআইএম দলে বৰপেটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৬গৰাকী মহিলা প্ৰাৰ্থী আছে৷ গুৱাহাটীত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুগৰাকী মহিলা প্ৰাৰ্থীয়ে৷

ইপিনে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪টা সমষ্টিত মুঠ ভোটাৰ আছে ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী৷ তাৰ ভিতৰত ৪১ লাখ ৫৪৪ জন পুৰুষ ভোটাৰ, ৪০ লাখ ৪৮ হাজাৰ ৪৩৬ গৰাকী মহিলা ভোটাৰ আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ ৪টা লোকসভা সমষ্টিৰ ভিতৰত মুঠ বিধানসভা সমষ্টি আছে ৪০টা৷ মঙলবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ মুঠ ৯,৫১৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ লক্ষণীয়ভাৱে ধুবুৰী লোকসভা সমষ্টিত এইবাৰ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজখন৷ তিনিবাৰৰ সাংসদ তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ সন্মুখত শক্তিশালী প্ৰত্যাহ৩ান হিচাপে থিয় দিছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে৷ তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ ধুবুৰীলৈ আহিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ো৷ কংগ্ৰেছ নেতা গৌৰব গগৈৰ উপৰিও ধুবুৰীত প্ৰচাৰ চলাইছিল বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ একেদৰে ধুবুৰীৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ শেষৰপিনে প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এ আই ইউ ডি এফ প্ৰাৰ্থী আজমলৰ হৈ সামাজিক মাধ্যমযোগে প্ৰচাৰ চলাইছিল আছাউদ্দিন ওৱেইছিয়ে৷ কংগ্ৰেছ, অগপ, এ আই ইউ ডি এফৰ উপৰিও ধুবুৰীত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে৷ তাৰ ভিতৰত মাথোঁ এগৰাকী মহিলা প্ৰাৰ্থী আছে৷ ১০গৰাকী বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী হোৱাৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থী আছে ৩গৰাকী৷ ধুবুৰীত মুঠ চ্ছ লাখ ৬০ হাজাৰ ৮২৭গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ৬২ হাজাৰ ২১৭ জন, মহিলা ভোটাৰ ১২ লাখ ৯৮ হাজাৰ ৫৮৫গৰাকী আৰু ২৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷ সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ আছে ৩,০২৪টা৷

গুৱাহাটী লোকসভা সমষ্টিটো বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীৰ মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা আছে৷ প্ৰচাৰৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰাৰ্থীয়ে পৃথকে ইতিমধ্যে দিছে চমক৷ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ গুৱাহাটীত দুটাকৈ ৰোড শ্ব’ত অংশ লৈছিল প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে৷ সকলো মন্ত্ৰীকে গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰৰ দায়িত্ব দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ নিজেও গুৱাহাটীত অংশ লৈছিল কেইবাখনো নিৰ্বাচনী সভাত৷ একেদৰে গুৱাহাটীত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ ৰাজ্যৰ একাংশ বুদ্ধিজীৱিৰ লগতে সাংসদ গৌৰৱ গগৈ, বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চলাইছিল প্ৰচাৰ৷ লগতে দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ গুৱাহাটীলৈ আহিছিল নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী অলকা লাম্বা৷ কংগ্ৰেছ, বিজেপিৰ উপৰিও গুৱাহাটীত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ৮গৰাকী প্ৰাৰ্থীয়ে৷ তাৰ ভিতৰত দুগৰাকী হ’ল মহিলা প্ৰাৰ্থী৷ বিভিন্ন ৰাজনৈতিক দলৰ ৬গৰাকী প্ৰাৰ্থীৰ বিপৰীতে ২গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা৷ সমষ্টিটোত মুঠ ২০ লাখ ৩৬ হাজাৰ ৮৪৬গৰাকী ভোটাৰৰ ভিতৰত ১০ লাখ ৰ হাজাৰ ২০০ জন পুৰুষ ভোটাৰ, ১০ লাখ ৩৫ হাজাৰ ৫৮৮গৰাকী মহিলা ভোটাৰ আৰু ৫৮গৰাকী আছে তৃতীয় লিংগৰ ভোটাৰ৷ গুৱাহাটীত এইবাৰ মুঠ ভোটকেন্দ্ৰ আছে ২,১৭৯টা৷

আনহাতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এখন বিশাল জনসভা সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সমষ্টিটোত অংশ লৈছিল কেইবাখনো নিৰ্বাচনী সভাত৷ বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ কয়াকুছিত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰিছিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে৷ কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ অন্যান্য নেতাসকলেও প্ৰচাৰ চলালেও বৰপেটাত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকে বিধায়ক অখিল গগৈ আৰু ডিব্ৰুগড়ৰ বিৰোধীৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ৷ ইয়াৰ বিপৰীতে বৰপেটাৰ চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ আৰু দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বষ¹য়ান নেতা সীতাৰাম য়েচুৰী৷ বৰপেটাত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে৷ তাৰ ভিতৰত আছে এগৰাকী মহিলাপ্ৰাৰ্থী৷ বৰপেটাত বিভিন্ন ৰাজনৈতিক দলৰ ৯গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী আছে ৫ গৰাকী৷ সমষ্টিটোত মুঠ ১৯ লাখ ৬৬ হাজাৰ ৮৪৭ গৰাকী ভোটাৰৰ ভিতৰত ৯ লাখ ৯৫ হাজাৰ ৭৯৯ জন পুৰুষ ভোটাৰ, ৯ লাখ ৭১ হাজাৰ ২৭গৰাকী মহিলা ভোটাৰ আৰু ২১গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷ বৰপেটাত মুঠ ভোটকেন্দ্ৰ আছে ২,৪৫১টা৷

কোকৰাঝাৰত এইবাৰ মূল যুঁজখন শাসকীয় আৰু বিৰোধীৰ দুই বড়ো জনগোষ্ঠীয় প্ৰাৰ্থীৰ মাজতে হোৱাৰ সম্ভাৱনা আছে৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিপিএফ প্ৰাৰ্থী খাম্ফা  বৰগয়াৰীৰ মাজত যুঁজখন লক্ষণীয় হৈ পৰিছিল৷ কোকৰাঝাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কোকৰাঝাৰত মুঠ ১২গৰাকী প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ তাৰ ভিতৰত দুগৰাকী হ’ল মহিলা প্ৰাৰ্থী৷ বিভিন্ন ৰাজনৈতিক দলৰ ৬গৰাকী প্ৰাৰ্থী থকাৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থী আছে ৬গৰাকী৷ সমষ্টিটোত মুঠ ১৪ লাখ ৪১ হাজাৰ ৩২৮ জন পুৰুষ ভোটাৰ, ৭ লাখ ৪৩ হাজাৰ ২৩৬ গৰাকী মহিলা ভোটাৰ আৰু ৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে৷ কোকৰাঝাৰত মুঠ ভোটকেন্দ্ৰ আছে ১,৮৬২টা৷

আটাইকেইটা সমষ্টিতে শান্তিপূৰ্ণ পৰিৱেশত মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিটো কেন্দ্ৰত নিয়োগ কৰা হৈছে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰি ইতিমধ্যে নামনি অসমৰ ৪ জিলাত বাহৰ পাতিছে অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দল৷ বিশেষকৈ স্পৰ্শকাতৰ আৰু অতিস্পৰ্শকাৰ কেন্দ্ৰসমূহত সশস্ত্ৰ নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ উপৰিও প্ৰায় ৫০ শতাংশ ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিংৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে৷