Logo
image

বিজুলী-মীৰাৰ ৰোড শ্ব’ মহানগৰী শ্বাসৰুদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মে’ :ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত দেওবাৰে গুৱাহাটী মহানগৰীক শ্বাসৰুদ্ধ কৰি শাসক-বিৰোধী দুয়োপক্ষই বৃহৎ ৰোড শ্ব’, ৰেলীৰে ভোটাৰৰ মন জয় কৰাৰ শেষ চেষ্টা চলায়৷ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত অগপই মহানগৰীৰ ৰাজপথত বাহিৰ কৰে বিশাল বাইক ৰেলী৷ বিজেপি যুৱ মৰ্চায়ো বিজুলী কলিতা সমৰ্থনত বাইক ৰেলী উলিয়ায়৷ ইফালে, কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থনত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে গুৱাহাটী জি এছ ৰোডত বিশাল ৰোড শ্ব’ উলিয়ায়৷ গুৱাহাটী মহানগৰীত দেওবাৰৰ দিনটোত চলা শাসক-বিৰোধীৰ এই ৰাজনৈতিক কুচকাৱাজৰ ফলত মহানগৰীত প্ৰচণ্ড যান-যঁটৰ সৃষ্টি হয়৷ সমগ্ৰ জি এছ ৰোডটোৱে কাৰ্যতঃ সাধাৰণ মানুহৰ বাবে বন্ধ হৈ পৰে৷ দীৰ্ঘ সময়ৰ যাত্ৰীবাহী বাছৰ লগতে ব্যক্তিগত যান-বাহনৰ উপৰি বহু লোক ৰাজপথতে আবদ্ধ হৈ পৰে৷ উল্লেখ্য যে দেওবাৰে পুৱা জ্জ্ব বজাত প্ৰদেশ বিজেপিৰ যুৱ মৰ্চাই বিজুলী কলিতা মেধিৰ সমৰ্থনত গুৱাহাটীৰ খানাপাৰা খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ  বিশাল বাইক ৰেলী উলিয়ায়৷ এই বাইক ৰেলী উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এই বাইক ৰেলীত প্ৰদেশ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, প্ৰদেশ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা আদিয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে দিনৰ ১১ বজাত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত দিছপুৰৰ অসম বিধানসভাৰ সন্মুখৰ পৰা আমবাৰীস্থিত অগপ মুখ্য সদৰলৈ বিশাল বাইক ৰেলী বাহিৰ কৰে৷ ঠিক একে সময়তে কংগ্ৰেছ দলে ৰাজীৱ ভৱনৰ পৰা মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ মীৰা বৰঠাকুৰৰ সমৰ্থনত বিশাল ৰোড শ্ব’ বাহিৰ কৰে৷ গণেশগুৰিৰ উৰণীয়া সেতুত একে সময়তে দুয়োটা সমদল বিপৰীত দিশে নিজৰ নিজৰ লক্ষ্যস্থান অভিমুখে আগবাঢ়ে৷ 

গুৱাহাটীত বিজুলী কলিতাৰ সমৰ্থনত অগপৰ বিশাল বাইক ৰেলী

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত দেওবাৰে এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত দিশপুৰস্থিত অসম বিধানসভাৰ সন্মুখৰ পৰা আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়লৈ উলিওৱা এই বৃহৎ বাইক ৰেলীত সহস্ৰাধি অধিক লোকে অংশগ্ৰহণ কৰি এনডিএ-ৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ আশাৰ মৃদং বজালে৷ এই বাইক ৰেলীৰ নেতৃত্ব দিয়ে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷  ৰেলীটোত অংশগ্ৰহণ কৰি সভাপতি অতুল বৰাই এইদৰে কয়– ‘গণেশগুৰিৰ পৰা আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়লৈ উলিওৰা এই ৰেলীৰ সময়ছোৱাত ৰাইজৰ স্বতঃস্ফুৰ্ত সঁহাৰি আৰু বিপুল সমৰ্থনে পুনৰ যে চৌদিশে এনডিএৰে বিজয় নিচান উৰিব, তাৰেই স্পষ্ট ইংগিত বহন কৰিছে৷  বৰষুণৰ বাধাৰো নেওচি এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰা দলৰ প্ৰতিগৰাকী সতীৰ্থক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ লোকসভা নিৰ্বাচন ২০২৪ৰ অন্তিম পৰ্যায়ত আমাৰ ৰাজ্যখন উপনীত হৈছে৷ অহা ৭ মে’ৰ দিনা তৃতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব৷ আপোনালোক সকলোৱে জ্ঞাত যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে গুৱাহাটী সংসদীয় সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি, বৰপেটা সংসদীয় সমষ্টিত অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী, কোকৰাঝাৰ সংসদীয় সমষ্টিত ইউপিপিএল দলৰ জয়ন্ত বসুমতাৰী আৰু ধুবুৰী সংসদীয় সমষ্টিত অসম গণ পৰিষদৰ জাবেদ ইছলাম ডাঙৰীয়া অৱতীৰ্ণ হৈছে৷ বিগত ১০ বছৰৰ এনডিএ চৰকাৰৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ যাত্ৰাক অনাগত দিনবোৰতো অনিৰুদ্ধ কৰি ৰাখিবলৈ আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ শক্তিশালী কৰিব লাগিব৷ সেয়েহে শান্তি, সমৃদ্ধি, প্ৰগতিৰ বৃহত্তৰ স্বাৰ্থত জ্জ মে’ৰ দিনা আপোনালোক সকলোৱে দলে-বলে ওলাই আহক আৰু গুৱাহাটী সংসদীয় সমষ্টিৰ বাবে ইভিএমৰ পদুম ফুলৰ বুটাম, বৰপেটা সংসদীয় সমষ্টিত ইভিএমৰ হাতীৰ চিনৰ বুটাম, কোকৰাঝাৰ সংসদীয় সমষ্টিত ইভিএম-ৰ ট্ৰেক্টৰ চিনৰ বুটাম আৰু ধুবুৰী সংসদীয় সমষ্টিত হাতীৰ চিনৰ বুটাম টিপি এনডিএ-ৰ কেউগৰাকী প্ৰাৰ্থীক আশীৰ্বাদ দিয়ক আৰু নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাই এনডিএ-ই অনা বিকাশৰ যাত্ৰাত আপোনালোকো সক্ৰিয় অংশীদাৰ হওক৷’ আনহাতে, অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৰেলীত অংশগ্ৰহণ কৰি কয় যে ৰাইজৰ পাৰভঙা উছাহ দেখি আমি নিশ্চিত যে নিৰ্বাচনৰ ফলাফলৰ দিনা আমি জয়ঢোল বজাম৷ তেওঁ লগতে সকলো ৰাইজক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ 

গুৱাহাটীত যুৱ মৰ্চাৰ বাইক ৰেলী মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি গুৱাহাটীত এক বিশাল বাইক ৰেলী অনুষ্ঠিত হয়þ৷ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনাখন গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ যুৱ মৰ্চাই উলিওৱা বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ৰেলীটো শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে, এইবাৰৰ নিৰ্বাচন আনকেইবাৰতকৈ অধিক তাৎপৰ্যপূৰ্ণ৷ বিগত নিৰ্বাচনসমূহৰ তুলনাত এইবাৰ সকলো অঞ্চলতে ৰাইজে প্ৰত্যক্ষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ওলাই আহি বিপুল সঁহাৰি আগবঢ়াইছে৷ ৰাজ্যৰ মহিলা সকলৰ এশ শতাংশ সমৰ্থন পোৱাৰ সমান্তৰালকৈ যুৱ প্ৰজন্মৰ উৎসাহ উদ্দীপনা অভূতপূৰ্ব৷ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই কয় যে, আগতে নিৰ্বাচনত অংশ ল’বলৈ ৰাইজ দ্বিধাগ্ৰস্ত হৈছিল, কিন্তু এইবাৰ সকলো স্তৰৰ ৰাইজে নিৰ্বাচনটো উৎসৱৰ দৰে পালন কৰি নৰেন্দ্ৰ মোদীক তৃতীয বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিবলৈ ওলাই আহিছে৷ খানাপাৰাৰ পৰা গুৱাহাটীৰ মাজ-মজিয়াৰে লতাশিল খেলপথাৰলৈ ওলোৱা ৰেলীটোত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাৰ লগতে অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তাপস কলিতা, ত্ৰিদিৱজ্যোতি মৰাণ, গুৱাহাটী জিলা যুৱ মৰ্চাৰ প্ৰভাৰী গৌতম শৰ্মা, সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকে আদি কৰি বিজেপিৰ জ্যেষ্ঠ নেতৃত্ব, যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে৷

পাহাৰত পট্টা দিয়াৰ সপক্ষে দুয়োপক্ষ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : কি শাসক দল, কি বিৰোধী! সকলোৱে যেন একে ঘাটৰ পানী৷ একমাত্ৰ ভোটৰ স্বাৰ্থতে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই গুৱাহাটীৰ পাহাৰ বেদখলকৰাকীক ভূমিপট্টনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিবলৈকো কুণ্ঠাবোধ নকৰিলে৷ গুৱাহাটী মহানগৰকীক আগুৰি থকা ১৮টা পাহাৰত অবাধ বেদখলৰ পৰিণতি ইতিমধ্যে মহানগৰবাসীয়ে ভোগ কৰিছে৷ পাহাৰ বেদখল কৰি সেউজ আৱৰণ ধবংস কৰাৰ ফলত গুৱাহাটী মহানগৰত এপ্ৰিল মাহতে উৎকট গৰমত থাকিব নোৱৰা পৰিৱেশৰ সৃষ্টি হোৱাই নহয়, পাহাৰ খননৰ ফলত কৃত্ৰিম বান তথা ভূমি…লৰ ঘটনাও সংঘটিত হৈ আহিছে৷ কিন্তু পাহাৰ বেদখল কৰি অবাধ নিৰ্মাণৰ ফলত জলবায়ুৰ আমূল পৰিৱৰ্তন দেখিও ভোটৰ আশাত পাহাৰত ভূমিপট্টা প্ৰদানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰেও বিজেপিয়ে পাহাৰবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি কংগ্ৰেছ চৰকাৰ আহিলে গুৱাহাটীৰ পাহাৰত বাস কৰা সকলোকে ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ সমৰ্থনত ভোট দিবলৈ আহ৩ান জনাই ভাষণত কয়– ‘দুবছৰৰ ভিতৰত বসুন্ধৰা আঁচনিৰ জৰিয়তে গুৱাহাটীৰ পাহাৰত বসবাস কৰি থকা সকলো খিলঞ্জীয়া অসমীয়াক ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ’ব৷ কম প্ৰিমিয়াত মহানগৰীৰ পাহাৰৰ মানুহৰ বাবে কৰা হ’ব মাটিৰ বন্দবস্তি৷ এই দুবছৰৰ ভিতৰতে গুৱাহাটী পাহাৰত বাস কৰা খিলঞ্জীয়া লোকসকলৰ সমস্যা সমাধান হ’ব, গুৱাহাটীবাসীৰ বাবে সুকীয়াকৈ ‘মিছ বসুন্ধৰা’ আঁচনি আৰম্ভ কৰি পাহাৰৰ খিলঞ্জীয়া পৰিয়ালক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিনিময়ত লোকসভা নিৰ্বাচনত বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলি কলিতাক ভোট দিবলৈকো আহ৩ান জনায়৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই প্ৰতিশ্ৰুতি দিলেও গুৱাহাটীৰ পাহাৰবাসীক মাটিপট্টা প্ৰদানৰ নামত বিজেপি চৰকাৰে বাৰে বাৰে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে৷ গুৱাহাটীক ভূমিপট্টা দিয়াৰ ইচ্ছা নাই বাবে প্ৰিমিয়ামৰ মূল্য ২০০ শতাংশ বৃদ্ধি কৰা বুলিও অভিযোগ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে৷ মীৰা বৰঠাকুৰে পাহাৰবাসীক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতিয়ে পাহাৰে পাহাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাও দেখা যায়৷ এনে নিৰ্বাচনী প্ৰচাৰ সভাত মীৰা বৰঠাকুৰে পাহাৰত ৮৫ হাজাৰ পৰিয়ালৰ ভূমিপট্টাৰ অধিকাৰ প্ৰদানত সহায়ৰ প্ৰতিশ্ৰুতি দি কয় যে– গুৱাহাটীৰ ১৮টা পাহাৰত বাসকৰা ৮৫ হাজাৰ পৰিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ ৰাম ঠগনৰ বাবে সাজু হওক৷ পূৰ্বে বিধানসভাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই কৈছিল– ৰাইজ এইবাৰ আমাক ভোট দিয়ক৷ আমি পাহাৰৰ সকলোকে ভূমিপট্টা দিম৷ কিন্তু বাস্তৱত ৰাইজে ভূমিপট্টা নাপালে৷ এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মাই কৈছে–লোকসভা নিৰ্বাচনৰ পাছতহে পট্টা দিম৷ আ(ৰ্যজনকভাৱে গুৱাহাটীৰ পাহাৰত বাস কৰা লোকৰ ভূমি পট্টাৰ প্ৰিমিয়াম প্ৰায় ২০০ শতাংশ বৃদ্ধি কৰিছে৷ এই প্ৰিমিয়াম ৩০-৪০ লাখ টকাৰ পৰা ৬০-৭০ লাখ টকালৈ বৃদ্ধি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মা বাকী আৰু ফঁাকিৰ মুখ্যমন্ত্ৰী৷ জিএমচি নিৰ্বাচনৰ সময়তো ৱাৰ্ডে ৱাৰ্ডে ১০ কোটি টকা পাব বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই৷ এতিয়া ৬০টা ৱাৰ্ডৰ মানুহে কিমান টকা পালে, উপ-পথ কেইটাৰ অৱস্থাই প্ৰমাণ কৰে৷ মাটি ভালপোৱা হিমন্ত বিশ্ব শৰ্মাই চাহ বাগানৰ মাটিৰহে দাম কমাইছে৷ যাতে তেওঁৰ পৰিয়ালে বাগানৰ সেই মাটি কিনি ৰিৰ্জ’ট বনাব পাৰে৷ 

গুৱাহাটীত মীৰা বৰঠাকুৰৰ ৰোড শ্ব’

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত দেওবাৰে দলৰ কৰ্মী-সমৰ্থকসকলে গুৱাহাটীত এক বিশাল সমদল তথা ৰোড শ্ব’ কৰে৷ প্ৰতিকুল বতৰক নেওচি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ উলিওৱা ৰোড শ্ব’ত মীৰা বৰঠাকুৰ গোস্বামীক সংগ দিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাবধায়ক ড॰ জিতেন্দ্ৰ সিং, সম্পাদক তথা সহঃ তত্বাবধায়ক পৃথ্বীৰাজ প্ৰভাকৰ নাথ, সাংসদ অজিত কুমাৰ ভূঞা আৰু প্ৰদ্যুৎ বৰদলৈ, দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ড॰ হেমপ্ৰভা শইকীয়া, বিধায়কদ্বয় ক্ৰমে– নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ আৰু ৰ’জলীনা তিৰ্কী, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যেতি তালুকদাৰ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আদিয়ে৷ আনহাতে, প্ৰায় চাৰে চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’ত বিভিন্ন প্ৰান্তৰ পৰা অহা কংগ্ৰেছ দলৰ প্ৰায় দহ হাজাৰ কৰ্মী সমৰ্থকে ভাগ  হৈ হাতে হাতে দলীয় পতাকা উৰুৱাই কংগ্ৰেছ জিন্দাবাদ, মীৰা বৰঠাকুৰ গোস্বামী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ ধবনি দি আকাশ-বতাহ মুখৰিত কৰি তোলে৷ ইফালে, অতি ব্যস্ত পথ হিচাপে পৰিচিত জি এছ ৰোডত কংগ্ৰেছ দলে উলিওৱা ৰোড শ্ব’ত ভীষণ যান-জঁটৰ সৃষ্টি হয়৷ বহু সময়লৈ পথচোৱা বন্ধ হৈ একপ্ৰকাৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰোড শ্ব’ৰ সামৰণিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত সংবাদ মাধ্যমত সম্বোধন কৰি ৰোড শ্ব’ত ভাগ লোৱা কংগ্ৰেছ নেতাসকলে কয়– আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত দিল্লীত চৰকাৰ হোৱাটো নিশ্চিত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ চৰম প্ৰৱঞ্চনা, মিথ্যাচাৰৰ প্ৰত্যুত্তৰ ৰাইজে নিৰ্বাচনত দিব৷ মূল্যবৃদ্ধি নিবনুৱা সমস্যাই দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ হৈ পৰাৰ বিপৰীতে এচাম চহকী লোকৰহে অৱস্থা ভাল হৈছে৷ মধ্যবিত্ত লোকে চকুৰে সৰিয়হ ফুল দেখিবলগা হৈছে৷ গুৱাহাটীত দলৰ মীৰা বৰঠাকুৰ গোস্বামী এগৰাকী সাহসী প্ৰাৰ্থী৷ তেওঁক নিৰ্বাচিত কৰিলে সংসদত গুৱাহাটীকে ধৰি ৰাজ্যৰ সমস্যা বলিষ্ঠভাৱে উপস্থাপন কৰিব পাৰিব৷ গতিকে মীৰা বাইদেউক বিপুল ভোটত বিজয়ী কৰিব লাগিব বুলি নেতাসকলে আহ্বান জনায়৷ ইফালে, ৰোড শ্ব’ৰ পূৰ্বে ৰাজীৱ ভৱনত সংবাদ মাধ্যমেৰে হোৱা চমু বাৰ্তালাপত মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়– নিৰ্বাচনত মই জিকিম বুলি আশাবাদী৷ বিগত কেইদিনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা অকুণ্ঠ মৰম আৰু সঁহাৰি লাভ কৰিছোঁ৷ য’তেই গৈছোঁ তাতেই ৰাইজে মোক ৰাজনীতিৰ উৰ্ধত আকোৱালি লৈছে৷ সেই মৰম ভোটলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত আৰু এই মৰমে মোক নিৰ্বাচনত বিজয়ী হোৱাত সহায় কৰিব৷ উল্লেখ্য ৰোড শ্ব’ত এখন পুষ্পসজ্জিত খোলা বাহনত মীৰা বৰঠাকুৰ গোস্বামীক লৈ ভাগ লৈছিল কৰ্মী-সমৰ্থকসকলে৷

বিজুলীক লৈ আজাৰাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : গুৱাহাটীকে ধৰি ৰাজ্যৰ মুঠ চাৰিটা লোকসভা সমষ্টিত অহা ৭ মে’ত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ শনিবাৰে প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু বত্তৰ্মান জালুকবাৰী সমষ্টিত অন্তৰ্ভূক্ত হোৱা আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাংগণত বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশাল নিৰ্বাচনী সভাত ভাগ লয়৷ নিৰ্বাচনী সভাত ‘‘আকৌ এবাৰ মোদী চৰকাৰ’’ গীতৰ তালে তালে নাচি নাচি হিমন্ত বিশ্ব শৰ্মাই কয়—কংগ্ৰেছ আছিল সূতা-কম্বল, লুঙি-ধুতিৰ চৰকাৰ৷ কিন্ত আমি আঁচনি দিছো৷ আমাৰ বিজেপি চৰকাৰে দুখীয়া মানুহক কোনো ভেটী নোলোৱাকৈ চাকৰি দিছে, অৰুণোদয় দিছে, লাখপতি বাইদেউ আঁচনি দিছে৷ মই যোৱা তিনি বছৰে মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত ক’তো বোমা ফুটা নাই৷ বিধানসভাত সৰ্বমুঠ ১২৬খন আসনৰ ১০৫টা বিজেপিয়ে পাব আৰু লোকসভাত আমি ৰাজ্যত ১৩খন আসন লাভ কৰিম৷ গতিকে আপোনালোকে পদুম ফুলৰ ছবিত বিজুলী কলিতা মেধিক ভোট দি জয়যুক্ত কৰক৷ অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়– হাতী মানে পদুম, পদুম মানেই হাতী৷ গতিকে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিক পদুম ফুলৰ ছবিত ভোট দি জয়ী কৰক৷  বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত ধৰা সভাত বিধায়ক কলিতাৰ উপৰিও প্ৰাৰ্থী বিজুলী কলিতা মেধি,  সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অগপৰ সম্পাদক সুভাষ শৰ্মা, আজাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপিকে ধৰি অগপ-বিজেপি দলৰ কেবাগৰাকীও নেতা উপস্থিত থাকে৷ উল্লেখ্য যে কিনকিনিয়া বৰষুণক নেওচিও সভাখনত পশ্চিম গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগপ-বিজেপি দুয়োটা দলৰে কেইবা হাজাৰ কৰ্মী-সমৰ্থক উপস্থিত থাকে৷ 

‘বিজেপিৰ আমোলত ৰাইজৰ সৰ্বাংগীন বিকাশ হৈছে’

গুৱাহাটী : বিগত কিছুদিনত কংগ্ৰেছ দলৰ বিভিন্ন স্তৰৰ নেতা তথা বিজেপি বিৰোধী একাংশ লোকে বিজেপিৰ আমোলত গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি অভিযোগেৰে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছক ভোটদানৰ আহ্বান জনোৱা কাৰ্যক হাস্যাস্পদ আখ্যা দিছে ৰাজ্যিক বিজেপিয়ে৷ আজি দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত প্ৰদেশ বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই কয় যে স্বৰাজোত্তৰ ভাৰতবৰ্ষত ছটা দশকৰো অধিক কাল শাসনৰ সময়ত গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতি বিভিন্ন সময়ত চৰম ভাবুকি সৃষ্টি কৰা কংগ্ৰেছ দলক গণতন্ত্ৰ ৰক্ষাৰ বাবে ভোটদানৰ আহ৩ান দৰাচলতে উদক ভেটাৰখীয়া পতাৰ আহ্বানহে মাথোঁ৷ দেশজুৰি লক্ষাধিক লোকক দমন-নিৰ্যাতনেৰে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দেশবাসীক ত্ৰাসিত কৰা কংগ্ৰেছ দলৰ নেতৃত্বত গণতন্ত্ৰ ৰক্ষাৰ কল্পনা বাতুলতাহে মাত্ৰ বুলি বিজেপিয়ে প্ৰকাশ কৰে৷ একেধৰণে সংবিধানৰ ৩৫৬ নং ধাৰা প্ৰয়োগেৰে কেৱল ১৯৬৬ চনৰ পৰা ১৯৭৭ চনৰ ভিতৰত ৩৯বাৰ বিভিন্ন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা, দেশৰ ইতিহাসত নজিৰ সৃষ্টি কৰি ১৯৬৬ চনত মিজোৰামত নিজ দেশৰ নাগৰিকৰ ওপৰতে বায়ুসেনাৰ দ্বাৰা বোমাবৰ্ষণ কৰোৱা, ‘Compulsory deposite scheme act’ৰ অধীনত সকলো কৰদাতা, সম্পত্তিধাৰী আৰু চৰকাৰী কৰ্মচাৰীৰ উপাৰ্জনৰ ১৮ শতাংশ জব্দ কৰা, অসমৰ প্ৰেক্ষাপটত ঐতিহাসিক অসম আন্দোলনত ৮৫৫ গৰাকী শ্বহীদক হত্যা কৰা আৰু কেইবা সহস্ৰ লোকক ঘূণীয়া কৰা, তিৰাশীত অবৈধ নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি অলেখ গণতন্ত্ৰ হত্যাৰ উদাহৰণেৰে কংগ্ৰেছৰ ইতিহাস ভৰি আছে বুলি মুখ্য মুখপাত্ৰ বৰুৱাই উল্লেখ কৰে৷ সেয়েহে গণতন্ত্ৰ বচোৱাৰ বাবে কংগ্ৰেছক ভোটদান কৰাৰ আহ৩ানে জনসাধাৰণক কোনো কাৰণতে পতিয়ন নিয়াব নোৱাৰে বুলি বিজেপিয়ে মত প্ৰকাশ কৰে৷ ইয়াৰ বিপৰীতে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ লোকৰ সামূহিক উত্তৰণৰ বাবে গ্ৰহণ কৰা কল্যাণকামী পদক্ষেপে সমগ্ৰ দেশৰ জনসাধাৰণকে আশ্বস্ত কৰিব পাৰিছে৷ বিগত সময়ত দেশৰ ৮০ কোটি জনতাক খাদ্য সুৰক্ষা আঁচনিৰ আউটিলৈ আনি সকাহ প্ৰদান কৰা, ৫০ কোটিৰো অধিক লোকক জনধন আঁচনিৰ যোগেদি দেশৰ বিত্তীয় ব্যৱস্থাপনাৰ অংশীদাৰ কৰি তোলা, বিগত পাঁচটা বছৰত ১৩.৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা, অসম তথা উত্তৰ-পূৰ্বাঞ্চলকো দেশজুৰি সৃষ্টি হোৱা উন্নয়নৰ জোৱাৰৰ সমপৰ্যায়লৈ উন্নীত কৰাকে ধৰি অলেখ উন্নয়নমূলক পদক্ষেপে জনসাধাৰণক উপকৃত কৰিছে৷ ৰাজ্যখনতো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ লগতে সকলো স্তৰৰ ৰাইজৰ সৰ্বাংগীণ বিকাশ সম্ভৱ হৈছে৷ সেয়েহে দেশ ৰ লগতে অসমৰ জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ পক্ষত থিয় দিয়াটো ধুৰূপ বুলি ৰাজ্যিক বিজেপিয়ে দৃঢ়ভাৱে মতপোষণ কৰে৷ সংবাদমেলত দলৰ মুখপাত্ৰদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা, পংকজ বৰবৰা আৰু সংবাদ বিভাগৰ আহ৩ায়ক দেবান ধ্ৰnৱজ্যোতি মৰলো উপস্থিত থাকে৷

 বিজুলীলৈ সমৰ্থন জ্জটা বড়ো সংগঠনৰ

‘আমাৰ অসম’ৰ বকোৰ প্ৰতিবেদক : তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিলৈ মুকলি সমৰ্থন আগবঢ়াইছে কামৰূপ জিলাৰ বড়ো জনগোষ্ঠীৰ জ্জটাকৈ জাতীয় সংগঠনে৷ উল্লেখ্য, সত্তাৰ সংকটত ভুগি দীৰ্ঘদিনে অস্তিত্বৰ সংগ্ৰাম চলাই অহা অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰা লগতে জাতিটোৰ মাজত শান্তি প্ৰতিষ্ঠাত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, তেতিয়াৰ বিজেপি চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী এল কে আদৱানিয়ে লোৱা পদক্ষেপৰ লগতে ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিটোৰ সৰ্বতোপ্ৰকাৰৰ উত্তোৰণৰ বাবে আগবঢ়োৱা অৰিহনাৰ প্ৰতি কৃতজ্ঞতা জনাইয়ে গুৱাহাটী লোকসভাত মিত্ৰজোঁটৰ সমৰ্থিত বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক সমৰ্থন জনোৱা বুলি আজি কামৰূপ জিলাৰ বকোত কামৰূপ জিলাৰ বড়ো জনগোষ্ঠীয় সংগঠনসমূহৰ দ্বাৰা আয়োজিত এক সংবাদ মেলত এই সমৰ্থনৰ কথা ব্যক্ত কৰে৷ বকোস্থিত বড়ো জাতীয় পৰিষদৰ স্থায়ী কাৰ্যালয়ত দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদ, কামৰূপ জিলা বড়ো সাহিত্য সভা, দক্ষিণ কামৰূপ জিলা বাথৌ মহাসভা, দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থা, দক্ষিণ কামৰূপ জিলা বড়ো হাৰিম আফাদ, দক্ষিণ কামৰূপ জিলা বড়ো মহিলা কল্যাণ পৰিষদ আৰু বকো আঞ্চলিক বড়ো জাতীয় পৰিষদকে ধৰি জ্জটাকৈ বড়ো জাতীয় সংগঠনে যৌথভাৱে আয়োজন কৰে এই সংবাদমেল৷ সংবাদমেল সম্বোধন কৰি দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিয়দৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বড়ো জাতিৰ লোকৰ থকা আস্থা, বকোত অনুষ্ঠিত কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি বকোলৈ আগবঢ়োৱা অনুদান, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বড়ো-কছাৰী কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনেশ্বৰ বসুমতাৰী আৰু ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাৰ আহ৩ানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী লোকসভা এলেকাৰ প্ৰায় ডেৰ লাখ বড়ো ভোটাৰ ৰাইজক গুৱাহাটী লোকসভাৰ মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক এশ শতাংশই ভোট দিয়াৰ বাবে আহ৩ান জনায়৷ সংবাদমেলত কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়ো, সাধাৰণ সম্পাদক কমল বড়ো, কামৰূপ জিলা বডো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী ৰমিলা দৈমাৰী, কামৰূপ জিলা বাথৌ মহাসভাৰ সভাপতি বিষ্ণু বসুমতাৰীকে ধৰি বড়ো জাতীয় সংগঠনৰ কেইবাগৰাকী নেতা উপস্থিত থাকে৷

বৰষুণৰ মাজতে শুৱালকুছিত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’

‘আমাৰ অসম’ৰ শুৱালকুছিৰ প্ৰতিবেদক : প্ৰতিকূল বতৰকো নেওঁচি সহস্ৰাধিক বিজেপি কৰ্মীৰ উপস্থিতিত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুৱালকুছিত লোকসভা নিৰ্বাচনৰ শেষৰখন সভা সম্বোধন কৰে৷ পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ মাজত বিয়লি তিনি বজাত শুৱালকুছি হাস্পতাল চ’কত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে খোলা জীপত উঠি ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিবলৈ ৰাইজক অনুৰোধ জনায়৷ লগতে সমষ্টিটোৰ বাইশ বছৰীয়া অভিভাৱক হিচাপে আগৰ নিৰ্বাচনৰ অভিলেখ ভংগ কৰি জালুকবাৰীৰ ভিতৰত সৰ্বাধিক ভোটদানেৰে তেওঁৰ সন্মান ৰক্ষা কৰিবলৈ ৰাইজক অনুৰোধ জনায়৷ কিয়নো হাতীৰ জয়ে বিজেপিৰ জয় আৰু বিজেপিৰ জয়ে নৰেন্দ্ৰ মোদীৰ জয়৷ উল্লেখ্য,অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী সভাৰ শেষৰখন সভা শুৱালকুছিত ৰোড শ্ব’ৰ জৰিয়তে সমাপন কৰাৰ পৰিকল্পনাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল৷ এই সময়ছোৱাত শুৱালকুছি হাস্পতাল চ’কৰ পৰা ন-পাৰা বস্ত্ৰ বজাৰ চ’ক হৈ প্ৰায় দুই কিলোমিটাৰ পদযাত্ৰাৰে কাঞ্চন নগৰ চ’কত সামৰণি কৰাৰ পৰিকল্পন যদিও প্ৰাকৃতিক পৰিৱেশৰ বাবে এই পদযাত্ৰা সামৰণি মাৰি হাস্পতাল চ’কৰ পৰাই ৰাইজক উদ্দেশ্যি সম্বোধন কৰে৷ ইফালে মুখ্যমন্ত্ৰীৰ আগমণক লৈ শুৱালকুছিৰ ৰাইজৰ মাজত কালিৰে পৰা উখল-মাখল পৰিৱেশ৷ হাস্পতাল চ’কৰ পৰা কাঞ্চন নগৰলৈ প্ৰতিটো পৰিয়ালৰ পদূলিমুখত কলপুলি ৰোপণ কৰি বন্তি জ্বলাই মুখ্যমন্ত্ৰীক আদৰণিৰ প্ৰস্তুতি কৰিছিল যদিও বতৰে সকলো পণ্ড কৰি পেলায়৷ তৎসত্ত্বেও প্ৰৱল বৰষুণকো নেওচি সহস্ৰাধিক কৰ্মী, যুৱক-যুৱতী, আবাল বৃদ্ধ-বনিতাৰ মুখ্যমন্ত্ৰীক উস্ম আদৰণি জনায়৷ 

গুৱাহাটীত বিজুলীৰ হৈ প্ৰচাৰ মন্ত্ৰী জয়ন্তমল্লৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : এই অঞ্চলত ভোট বিচাৰিব নালাগে৷ এই অঞ্চলৰ এশ শতাংশ মানুহে বিজেপিত ভোট দিয়ে৷ ইয়াত আহি ভোট বিচৰাৰ প্ৰশ্নই নুঠে৷ নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনা কেৱল যাতে নিজৰ মানুহখিনিক লগ পাওঁ, আশিষ ল’ব পাৰো সেইবাবেই আজি ইয়ালৈ আহিছোঁ-দেওবাৰে গুৱাহাটীৰ ফটাশিল আমবাৰীত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ তেওঁ ভাষণত কয় যে, এই অঞ্চল ৰাইজ সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আছে৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পৰা আদি কৰি সকলো নিৰ্বাচনতে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ সদায় বিজেপিক ভোট দি আহিছে আৰু আগন্তুক দিনতো বিজেপিৰ প্ৰতি আস্থা ৰাখিব বুলি মঞ্চৰ পৰাই উপস্থিত ৰাইজক সেৱা জনায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ তেওঁ লগতে কয় যে, গুৱাহাটীবাসীক উন্নয়নৰ কথা ক’বলৈ প্ৰয়োজন নাই৷ মহানগৰবাসীয়ে ওলাই গলেই চৰকাৰৰ উন্নয়নমূলক কাম-কাজ নিজ চকুৰে দেখি আহিছে৷ ৰাইজে দেখিলেই গম পায় য়ে, চলিত চৰকাৰে অতি কম সময়ৰ ভিতৰত বিপুল পৰিমাণৰ উন্নয়নমূলক কাম-কাজ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটী মহানগৰীত নৱনিৰ্মিত কেইবাখনো উৰণীয়া সেতু, দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি আহ৩ান জনায় যে, আগন্তুক নিৰ্বাচনত যাতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীক ১৪টা সমষ্টিৰ ভিতৰত আটাইতকৈ অধিক ভোটৰ ব্যৱধানত জয় যুক্ত কৰে৷ গুৱাহাটী লোকসভা সমষ্টিত অসমৰ ভিতৰত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ বতৰে বিধি-পথালি দিলেও যাতে ভোটদানৰ দিনা ১০০ শতাংশ ভোট নিশ্চিত হয় তাৰ পৰিবেশ গঢ়ি তুলিবলৈ আহ৩ান জনায় মন্ত্ৰী বৰুৱাই৷ বিজেপিৰ পক্ষত যাতে ভোট প্ৰদান কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিব পাৰি তাৰ বাবে আগবাঢ়িবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰী বৰুৱাই৷