Logo
image

টকা যাৰ মুলুক তাৰ

◾কোটিপতি হ’ল বহু বিধায়ক

◾ধনকুবেৰ প্ৰাৰ্থীয়ে পাইছে অগ্ৰাধিকাৰ

◾৫ বছৰত ৭ কোটিৰ পৰা ২৪ কোটি হ’লগৈ মন্ত্ৰী নৱ দলেৰ সম্পত্তি

আমাৰ অসম, ১১ মাৰ্চঃ আগতে আছিল জোৰ যাৰ মুলুক তাৰ, এতিয়া টকা যাৰ মুলুক তাৰ বুলি ক’লেও হয়তো অত্যুক্তি কৰা নহ’ব৷ অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলে শপতনামাযোগে দাখিল কৰা ধন-সম্পত্তিৰ তথ্যলৈ মন কৰিলে বহুতৰে চকু কপালত উঠিব৷ পাঁচ বছৰৰ ভিতৰতে কোটিপতি হ’ল বহু মন্ত্ৰী-বিধায়ক৷ বিভিন্ন দলত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আশ্চৰ্যজনকভাৱে অগ্ৰাধিকাৰ পাইছে ধনকুবেৰ প্ৰাৰ্থীয়ে৷ উল্লেখ্য, সংসদৰ প্ৰায় ৭০ শতাংশ সাংসদেই কোটিপতি বুলি ইতিমধ্যে সমীক্ষাত প্ৰকাশ পাইছে৷ কিন্তু অসম বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাতো পিছপৰি ৰোৱা নাই কোটিপতি প্ৰাৰ্থী৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলপৰ্ব অন্ত পৰিল যদিও বৃহৎসংখ্যক কোটিপতি প্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নমা দেখা গৈছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়ক নৱ দলে, বলীন চেতিয়া, ভাস্কৰ শৰ্মা, কুশল দুৱৰী, ৰমাকান্ত দেউৰী, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, কেশৱ মহন্ত, অতুল বৰা, বিজেপি প্ৰাৰ্থী জিতু গোস্বামী, কংগ্ৰেছ প্ৰাৰ্থী ভৰত নৰহৰ পৰা আৰম্ভ কৰি নিৰ্দলীয় প্ৰাৰ্থী আশিস হালদাৰ, জিতেন গগৈ পৰ্যন্ত বহুসংখ্যক কোটিপতি প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে৷ আনকি বিধায়কৰ দৰমহা পোৱা বহু জনপ্ৰতিনিধিৰ পাঁচ বছৰীয়া কাৰ্যকালতে ৫০ৰ পৰা ২০০ শতাংশপৰ্যন্ত সা-সম্পত্তি বৃদ্ধি হ’ল৷ সবাতোকৈ আশ্চৰ্যজনক বিষয়টো হৈছে, এইসকলৰ জনপ্ৰতিনিধিৰ পাঁচ বছৰতে পৰ্বতসম সম্পত্তি বৃদ্ধি পালেও তেওঁলোকে কিন্তু ধন আহৰণৰ উৎসৰ তথ্য ৰাজহুৱা কৰা নাই৷ স্বাভাৱিকতেই প্ৰশ্ন উঠিছে, বিধায়ক-মন্ত্ৰী হোৱাৰ সুবাদতে দুৰ্নীতিৰে ধন আহৰণ কৰে নেকি নিৰ্বাচিত জনপ্ৰতিনিধিসকলে৷ এই অভিযোগ কিন্তু উলাই কৰিব পৰা বিধৰ নহয়৷ ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ২.১০ কোটি টকা৷ কিন্তু পাঁচ বছৰত সোণোৱালৰ সম্পত্তি ৫০ শতাংশ বৃদ্ধি পাই হ’লগৈ ৩.১৮ কোটি টকা৷ আনহাতে, মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ পাঁচ বছৰ পূৰ্বে সা-সম্পত্তি আছিল ৭.৩০ কোটি টকাৰ৷ অৱশ্যে বৰ্তমান মন্ত্ৰী দলেৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৪,৫৫,৩৩,৫০১ টকাৰ৷ অৰ্থাৎ পাঁচ বছৰত দলেৰ সম্পত্তি বাঢ়িল ১৬.৬৩ কোটি টকাৰ [২২৭ শতাংশ]৷ আনহাতে কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ পাঁচ বছৰ পূৰ্বে সম্পত্তিৰ পৰিমাণ ৪.৩৩ কোটি টকাৰ আছিল যদিও বৰ্তমান স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪.৭৭ কোটি টকালৈ বৃদ্ধি পালে৷ অৰ্থাৎ ৰকিবুল হুছেইনৰ সম্পত্তি বৃদ্ধি হ’ল প্ৰায় ৪০ লাখ টকাৰ৷ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আন এজন কোটিপতি বিজেপি প্ৰাৰ্থী হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা৷ শৰ্মাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ৬ কোটি টকাৰ৷ আনহাতে থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক কুশল দুৱৰীৰ সম্পত্তি ১.৯২ কোটি টকাৰ, ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক প্ৰশান্ত ফুকনৰ সম্পত্তি প্ৰায় ৩ কোটি টকাৰ, গহপুৰ সমষ্টিৰ প্ৰাৰ্থী উৎপল বৰাৰো সম্পত্তি প্ৰায় ৩ কোটি টকাৰ৷ কংগ্ৰেছ প্ৰাৰ্থী ভৰত নৰহৰ সম্পত্তি প্ৰায় ৬ কোটি টকাৰ, বিজেপি প্ৰাৰ্থী বলীন চেতিয়াৰ সম্পত্তি প্ৰায় এক কোটি টকাৰ, মন্ত্ৰী ৰঞ্জিত দত্তৰ সম্পত্তি প্ৰায় ১.২০ কোটি টকাৰ, বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ জিতু গোস্বামীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১১ কোটি টকাৰ, অসম জাতীয় পৰিষদৰ তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী ছমচেৰ সিঙৰ সম্পত্তি প্ৰায় ৩ কোটি টকাৰ, বিধায়ক দেৱব্ৰত শইকীয়াৰ সম্পত্তি ডেৰ কোটি টকাৰ, কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ সম্পত্তি প্ৰায় এক কোটি টকাৰ, মন্ত্ৰী কেশৱ মহন্তৰ সম্পত্তিৰ পৰিমাণো প্ৰায় ডেৰ কোটি টকাৰ৷ কেৱল শাসক-বিৰোধী প্ৰাৰ্থীয়েই নহয়, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সোণাই সমষ্টিৰ আশিস হালদাৰৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ডেৰ কোটি টকা৷ তদুপৰি বোকাখাত সমষ্টিৰ প্ৰাৰ্থী জিতেন গগৈৰো সম্পত্তি প্ৰায় ৩ কোটি টকা৷ লক্ষণীয়ভাৱে কেইবাগৰাকী প্ৰাৰ্থীৰ আকৌ নিবনুৱা গৃহিনী পত্নীহে প্ৰাৰ্থীগৰাকীতকৈ অধিক ধনী৷ স্বামীৰ বিপৰীতে পত্নী ধনী হোৱাৰ কাৰণ ‘অ’পেন ছীক্ৰেট’৷ প্ৰাৰ্থীৰ ধনী পত্নীৰ তালিকাত মন্ত্ৰী ৰঞ্জিত দত্তৰ পত্নী, প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ পত্নী, বিধায়ক বলীন চেতিয়াৰ পত্নী, বিধায়ক ৰকিবুল হুছেইনৰ পত্নী, মন্ত্ৰী কেশৱ মহন্তৰ পত্নী অন্যতম৷ অৱশ্যে বিগত পাঁচ বছৰত সকলো মন্ত্ৰী-বিধায়কেই সা-সম্পত্তি বৃদ্ধি হ’ল যদিও শাসকীয় বিজেপি দলৰ দুগৰাকী বিধায়কৰ সম্পত্তি অজ্ঞাত কাৰণত হ্ৰাস পোৱাহে দেখা গৈছে৷ ‘বিশেষভাৱে দুৰ্ভগীয়া’ এই দুই বিধায়ক হৈছে ঢেকীয়াজুলিৰ অশোক সিংঘাল আৰু বটদ্ৰৱাৰ আঙুৰলতা ডেকা৷ পাঁচ বছৰৰ পূৰ্বে বিতৰ্কিত বিধায়ক অশোক সিংঘালৰ সম্পত্তি ৭.২৬ কোটি টকাৰ আছিল যদিও বৰ্তমান সম্পত্তিৰ পৰিমাণ ৪.৫৩ কোটি টকালৈ হ্ৰাস পোৱা বুলি শপতনামাত উল্লেখ কৰিছে৷ অৰ্থাৎ পাঁচ বছৰত সিংঘালে ২.৭ কোটি টকাৰ সম্পত্তি হেৰুৱালে৷ আনহাতে, বিধায়ক আঙুৰলতা ডেকাৰ পাঁচ বছৰ পূৰ্বে থকা ৯৬ লাখ টকাৰ সা-সম্পত্তি বৰ্তমান ৮২ লাখ টকালৈ হ্ৰাস পালে৷ অৰ্থাৎ আঙুৰলতাই বিধায়ক হৈ পাঁচ বছৰত ১৩ লাখ টকাৰ সম্পত্তি হেৰুৱালে৷ দুয়োজন বিধায়কৰ সঁচাকৈয়ে সম্পত্তি হ্ৰাস পাইছে নে সম্পত্তিৰ তথ্য লুকুৱাইছে সেয়া কিন্তু স্পষ্ট নহয়৷ লক্ষণীয়ভাৱে নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ ভিৰ লগাত কেৱল ধনৱন্ত প্ৰাৰ্থীকহে ৰাজনৈতিক দলসমূহে টিকট দিয়ে নেকি বুলিও চৰ্চা লাভ কৰিছে৷ উদাহৰণস্বৰূপে অসম বিধানসভাৰ বৰ্তমানৰ আটাইতকৈ ‘দুখীয়া’ বিধায়ক হিচাপে পৰিচিত নাওবৈচা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক এইবাৰ টিকট নিদিলে বদৰুদ্দিন আজমলে৷ নিৰ্বাচনত দলীয় টিকটৰ নামত কোটি কোটি টকা লেনদেন হোৱা বুলি উঠা অভিযোগ যেন সত্য প্ৰমাণিত হৈ পৰিছে৷ ধন দিব নোৱৰাৰ বাবেই ইউ ডি এফ নেতৃত্বই বিধায়ক মামুন ইমদাদুলক টিকটৰ পৰা বঞ্চিত কৰা বুলিও অভিযোগ উঠিছে৷ শেহতীয়াকৈ এ আই ইউ ডি এফৰ নেতৃত্বৰ লগতে কংগ্ৰেছৰ ৰিপুণ বৰা, আৰু অসম গণ পৰিষদৰ অতুল-কেশৱৰ লগতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধেও প্ৰাৰ্থীৰ পৰা টকা লৈ টিকট প্ৰদান কৰাৰ অভিযোগ উঠিছিল৷ কোটিপতি প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰম্পৰা বেছি পুৰণি নহয়৷ মূল্যবোধৰ ৰাজনীতিৰে শৰৎ সিংহ, দ্ৰুপদ বৰগোহাঁই, হেমেন দাস, সোণেশ্বৰ বৰা, লক্ষ্যধৰ চৌধুৰীৰ দৰে নেতাই অসম বিধানসভা শুৱনি কৰাৰ উদাহৰণ বিদ্যমান৷ আনকি কোটিপতি প্ৰাৰ্থীৰ ধনবল-বাহুবলৰ মাজতে মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই ৮৮ বছৰ বয়সতো এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ কিন্তু এইসকল সৰ্বহাৰা নেতাই কৰা আদৰ্শগত ৰাজনীতিৰ পৰিৱেশ এতিয়া আৰু নাই৷ লক্ষণীয় বিষয়টো হৈছে, নিৰ্বাচন আয়োগ একোজন প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় সৰ্বাধিক ৩৫ লাখ টকা নিৰ্ধাৰণ কৰি দিছে৷ নিৰ্ধাৰিত ধনতকৈ প্ৰচাৰৰ নামত অধিক ব্যয় কৰিলে সংশি¡ষ্ট প্ৰাৰ্থীজনৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰিব বুলিও স্পষ্ট কৰি দিছে নিৰ্বাচন আয়োগে৷ কিন্তু বাস্তৱত নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা ফুটুকাৰ ফেনতহে পৰিণত হৈছে৷ কিয়নো শাসক-বিৰোধীৰ প্ৰাৰ্থীয়ে একোখন প্ৰচাৰ সভা তথা মনোনয়ন পত্ৰ দাখিলৰ সময়তে ২০ লাখ টকাপৰ্যন্ত খৰচ কৰাৰ অভিযোগ উঠিছে৷ তেনেস্থলত নিৰ্বাচন আয়োগৰ নিৰীক্ষণকাৰী দলে কি কৰ্তব্য পালন কৰিছে সেয়াও কোটিটকীয়া প্ৰশ্ন৷