Logo
image

বতৰ বিজ্ঞানৰ সকীয়নিঃ ধুমুহা-বৰষুণৰ মাজতেই দিব লগা হ'ব পাৰে ভোট

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৬ মে': দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ চাৰিটা লোকসভা সমষ্টিৰ নিৰ্বাচনত বতৰে বিধি-পথালি দিয়াটো প্ৰায় নিশ্চিত হৈছে। ইতিমধ্যেই অসমত ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত ১০ টা সমষ্টিৰ নিৰ্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। ৭ মে'ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া চাৰিটা সমষ্টি ক্ৰমে - গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ৫ মে'ত সামৰণি পৰে। কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শেষ দিনটোত বতৰে সকলো দল আৰু প্ৰাৰ্থীক ভীষণ অসুবিধাৰ পেলায়। 

আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বেছিভাগ দল আৰু প্ৰার্থীৰ কেইবাখনো নিৰ্বাচনী সভা দেওবাৰে পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণ আৰু বেয়া বতৰৰ বাবে হেলিকপ্টাৰ আকাশত উৰিব নোৱাৰাৰ বাবে শেষ মুহূৰ্তত বাতিল কৰিবলগীয়া হয়। ইফালে শিলাবৃষ্টি, ধুমুহাই ৭ মে'ৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বত বিঘিনি ঘটোৱাৰ আশংকা ঘনীভূত হৈছে। কিয়নো গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  শনিবাৰে আগন্তুক পাঁচদিন অৰ্থাৎ অহা ৮  মে' পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ঠাইত গাজনি- ঢেৰেকনি , ধুমুহা, শিলাবৃষ্টিসহ মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি সকীয়নি দিছে। বিগত ৪৮ ঘণ্টাত ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৪ টা লোকসভা সমষ্টিৰ সকলো ঠাইতে কম-বেছি পৰিমাণে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা যদি বাস্তৱত পৰিণত হয় তেন্তে বতৰে ৭ মে'ৰ নিৰ্বাচনৰ দিনা ভোটাৰ ৰাইজে ধুমুহা-বৰষুণৰ মাজতেই দিব লগা হ'ব পাৰে ভোট। বতৰ অতি বেয়া হ'লে ভোটদানৰ হাৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। 

সোমবাৰ সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চাৰিটা লোকসভা সমষ্টি অৰ্থাৎ নামনি আৰু পশ্চিম অসমৰ বিভিন্ন প্ৰান্তত গাজনি, ঢেৰেকনি, বৰষুণৰ লগতে দুই-এঠাইত বজ্ৰপাত পৰাৰো বাতৰি পোৱা গৈছে।  আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বহু অঞ্চলত কম-বেছি পৰিমাণে আৰু কিছু অঞ্চলত ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈছে। সন্ধিয়া পৰ্যন্ত বিগত ২৪  ঘণ্টাত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চাৰিটা সমষ্টিৰ ভিতৰত গুৱাহাটী মহানগৰীত সৰ্বাধিক ৪৩.৪ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। আনকি দেওবাৰৰ দৰে সোমবাৰেও সূৰ্য দেৱতাই ভুমুকি নামাৰিলে চাৰিওটা সমষ্টিৰ আকাশত। একেই পুনৰাবৃত্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মঙলবাৰে ভোটগ্ৰহণ পৰ্বত। বতৰৰ শেহতীয়া অৱস্থাই ৰাজনৈতিক দল আৰু প্ৰার্থী সকলকো চিন্তিত কৰি তুলিছে। 

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে আগন্তুক পাঁচটা দিনত ৰাজ্যৰ বেচিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু কিছু কিছু ভিতৰুৱা বা সীমান্তৱৰ্তী অঞ্চলসমূহত গাজনি, ঢেৰেকনি, শিলাবৃষ্টিৰ সৈতে বৰষুণ অহাৰ লগতে প্ৰতি ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা-বতাহ আহিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে। আনকি একে সময়তে ঠাইবিশেষে বজ্ৰপাতৰ সতৰ্কতা জাৰি কৰিছে। 

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বৰষুণ আহি থকা বাবে দেওবাৰৰ দৰে সোমবাৰেও ৰাজ্যৰ বেছিভাগ অঞ্চলতে তাপমাত্ৰা স্বাভাবিকতকৈ অধিক নিম্নগামী হোৱাৰ ফলত ৰাইজে গেলা গৰমৰ পৰা হাত সৰাৰ বিপৰীতে ওলোটাই অলপ শীত অনুভৱ কৰিবলগীয়া হৈছে। আনকি ভোটগ্ৰহণ কেন্দ্ৰৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীসকল বৰষুণৰ মাজতে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। ইয়াৰ মাজতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দল আৰু প্ৰার্থীয়ে কামনা কৰিছে ৭ মে'ৰ ভোটগ্ৰহণৰ দিনটোত যাতে বতৰ ফৰকাল হয়। কিয়নো যদি নেৰানেপেৰা বৰষুণ হয়, তেন্তে ভোটদানৰ হাৰ নিম্নগামী হোৱাৰ আশংকা কৰিছে ৰাজনৈতিক পৰ্যবেক্ষকসকলে।