Logo
image

৯৩ সমষ্টিত আজি মতদান, ভোটদানৰ হাৰ উন্নত হোৱাৰ প্ৰত্যাশা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ মে’ : গুজৰাটৰ গান্ধীনগৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মধ্যপ্ৰদেশৰ বিদিশাত প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু একেখন ৰাজ্যৰে গুনাত মঙলবাৰে ৰাজনৈতিক ভাগ্য নিৰূপন হ’ব কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ৷ দেশৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মঙলবাৰে মুঠতে ৯৩টা সমষ্টিত ভোটগ্ৰহণ হ’ব৷ তৃতীয় পৰ্যায়ত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱে উত্তৰ প্ৰদেশৰ মইনপুৰী সমষ্টিৰ পৰা আৰু শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া ছুলেই মহাৰাষ্ট্ৰৰ বাৰামাটিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে মধ্যপ্ৰদেশৰ সৰ্বাধিক কাৰ্যকালৰ মুখ্যমন্ত্ৰী তথা ৫ বাৰৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ পথ সহজ হ’ব বুলি আশা কৰা হৈছে৷ আনহাতে মহাৰাষ্ট্ৰৰ বাৰামাটিৰ যুঁজে সকলোৰে দৃষ্টি কাঢ়িছে৷ কিয়নো বাৰামাটিত শাৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া ছুলেৰ প্ৰতিদ্বন্দ্বিতা হ’ব অজিত পাৱাৰৰ পত্নী বিজেপিৰ সুনেত্ৰা পাৱাৰৰ বিৰুদ্ধে৷

তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুঠ ৯৪টা সমষ্টিত ভোটগ্ৰহণ হ’ব বুলি ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে৷ কিন্তু গুজৰাটৰ ছুৰাটত বিজেপি প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাত আৰু জম্মু-কাশ্মীৰৰ অননন্তনাগ-ৰাজৌৰি আসনৰ নিৰ্বাচন ২৫ মে’লৈ স্থানান্তৰ কৰাত নিৰ্বাচনী সূচীৰ সালসলনি হয়৷ অৱশ্যে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ স্থগিত ৰখা মধ্যপ্ৰদেশৰ বেটুল সমষ্টিৰ ভোটগ্ৰহণৰ সূচী মঙলবাৰে নিৰ্ধাৰণ কৰাত দ্বিতীয় পৰ্যায়ত ৯৩টা সমষ্টিত ভোটগ্ৰহণৰ সিদ্ধান্ত হয়৷ গুজৰাটৰ মুঠ ২৫ টা সমষ্টিৰ ভোটগ্ৰহণ মঙলবাৰে এটা পৰ্যায়তে সম্পন্ন হ’ব৷ ইয়াৰ উপৰি অসমৰ অন্তিম চ্ছ্ৰটা সমষ্টিত, বিহাৰৰ ৫টা, ছত্তীশগড়ৰ ৭টা, দাদৰা নগৰ হাভেলী আৰু দমন ডিউৰ ২টা, গোৱাৰ ২টা, কৰ্ণাটকৰ অন্তিম ১৪টা, মধ্যপ্ৰদেশৰ ৯টা, মহাৰাষ্ট্ৰৰ ১১টা, উত্তৰ প্ৰদেশৰ ১০টা আৰু পশ্চিমবংগৰ ৪টা সমষ্টিত মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব৷ এই পৰ্যন্ত দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে আৰু দুয়োটা পৰ্যায়তে ভোটদানৰ নিম্ন হাৰে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে৷ তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ দ্বিতীয় পৰ্যায়লৈকে মুঠতে ১৯০ জন সাংসদৰ ভাগ্য নিৰ্ধাৰণ হৈ গৈছে৷ নিৰ্বাচন সম্পূৰ্ণ হৈছে তামিলনাডু, কেৰালা, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, উত্তৰাখণ্ড, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীত৷ উল্লেখ্য, প্ৰথম পৰ্যায়ত ৬৬.১৪ শতাংশই আৰু দ্বিতীয় পৰ্যায়ত ৬৯ শতাংশই ভোটদান কৰিছিল৷ দেশজুৰি তাপপ্ৰবাহ আৰু আন আন আনুষংগিক কাৰণত ভোটদানৰ হাৰ হ্ৰাস পোৱা বুলি চৰ্চা হৈছিল৷ মঙলবাৰে তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰত্যাশা থাকিলেও দেশত তাপপ্ৰবাহ অব্যাহত থকাত কিমান ভোটাৰে ভোটদান কৰে সেয়া লক্ষণীয় হ’ব৷