Logo
image

পিক্‌চাৰ অভী বাকী হ্যে! হিমন্ত

আমাৰ অসম, ১১ মাৰ্চঃ এজেপিক পদুলি শুঙা দল আখ্যা দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বুধবাৰে নলবাৰী সমষ্টিত তেওঁৰ ঘনিষ্ঠ জয়ন্তমল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নৱগঠিত দলটোক উদ্দেশ্যি এনে তীৰ্যক মন্তব্য কৰে৷ তেওঁ কয়– অসম জাতীয় পৰিষদৰ নেতাসকলে কৈছে আমি অসমৰ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাম৷ আমি কৈছোঁ আমি মানুহৰ ঘৰে ঘৰে নাযাও৷ আমি মানুহৰ হৃদয়ে হৃদয়ে যাম৷ হৃদয়ে হৃদয়ে বাস কৰিবলৈ যত্ন কৰিম৷ বিগত তিনিটা বছৰত অসমৰ জনগণে ট্ৰেইলাৰ দেখিছে৷ এতিয়া দেখিব আচল চিনেমা৷ পিক্‌চাৰ অভি বাকী হে আমি অসমবাসীৰ হৃদয়ত সোমাই যাম৷ আমি কাৰো পদুলি শুঙিবলৈ নাযাও৷ উল্লেখ্য, অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব লৈ লুৰীণজ্যোতি গগৈয়ে বিজেপি চৰকাৰ ভ্ৰষ্টাচাৰী নীতি-আদৰ্শৰ বিষয়ে ৰাজ্যবাসীক সজাগ কৰিবলৈ ঘৰে ঘৰে যাব বুলি ঘোষণা কৰিছিল৷ সেইষাৰ কথাৰ উত্তৰ দি মন্ত্ৰী শৰ্মাই বুধবাৰে এনেদৰে কয়৷