Logo
image

এইবাৰ কেজৰিৱালৰ বিৰুদ্ধে তদন্ত কৰিব ‘নিয়া’ই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ মে’ : বিপদ তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে দিল্লীৰ কাৰাবন্দী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ৷ আবকাৰী দুৰ্নীতিৰ গোচৰত যোৱা ২১ মাৰ্চৰ পৰা বন্দী হৈ থকা কেজৰিৱাল আৰু তেওঁৰ নেতৃত্বাধীন আম আদমী পাৰ্টীৰ চৰকাৰৰ বিৰুদ্ধে নিষিদ্ধ খালিস্তানপন্থী বিদেশী সংগঠন ‘শিখ ফৰ জাষ্টিচ’ৰ পৰা বিশাল পৰিমাণৰ ধন লোৱাৰ অভিযোগৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ‘নিয়া’ক অনুমতি দিছে দিল্লীৰ উপ-ৰাজ্যপাল ভিকে ছাক্সেনাই৷ আমেৰিকাস্থিত খালিস্তানপন্থী সংগঠন ‘শিখ ফৰ জাষ্টিচ’ৰ পৰা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে ১৬ নিযুত মাৰ্কিন ডলাৰ বা প্ৰায় ১৩০ কোটি টকা লোৱাৰ অভিযোগ উঠিছে৷ আপ চৰকাৰে দিল্লীৰ ১৯৯৩ চনৰ বোমা বিস্ফোৰণৰ অভিযুক্ত দেৱেন্দ্ৰ পান ভূল্লাৰক মুকলি কৰি দিয়াৰ বিনিময়ত এই বিশাল পৰিমাণৰ বিদেশী মুদ্ৰা লোৱাৰ অভিযোগ উঠিছে৷ সেই অভিযোগৰ তদন্ত কৰাৰ বাবে ‘নিয়া’ক দায়িত্ব দিবলৈ অনুমোদন জনোৱাৰ বাবে দিল্লীৰ উপ-ৰাজ্যপাল ভিকে ছাক্সেনাই কেন্দ্ৰীয়   কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক অনুৰোধ জনাইছে৷ কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰিৰ উপৰি আন গুৰুতৰ অভিযোগৰ সন্ধানত থকা মোদী চৰকাৰে তাৎক্ষণিকভাৱে উপ ৰাজ্যপালৰ অনুৰোধত সহাঁৰি জনাব বুলি এটা শীৰ্ষ স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে৷ মঙলবাৰে কেজৰিৱালৰ আবকাৰী কেলেংকাৰিৰ গোচৰৰ কাৰাবন্দিত্বৰ শুনানি হ’ব আৰু উচ্ছতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ সূচীৰ প্ৰতি লক্ষ্য ৰাখি জামিন প্ৰদানৰ বিবেচনা কৰাৰ আগতীয়া আশ্বাস দিছে৷ কাইলৈ কেজৰিৱালে জামিন লাভ কৰিলেও ‘নিয়া’ই তেওঁক অচিৰেই গ্ৰেপ্তাৰ কৰাৰ বাট মুকলি হ’ল৷ কিয়নো বিদেশী মুদ্ৰা উলংঘা আইনৰ অধীনত ‘নিয়া’ই তেওঁক সহজেই অভিযুক্ত কৰিব পাৰিব৷ তদুপৰি নিষিদ্ধ ভাৰত বিৰোধী সংগঠনৰ পৰা ধন লোৱাৰ অভিযোগত কেজৰিৱালৰ বিৰুদ্ধে কঠোৰ ধাৰা ব্যৱহাৰ কৰাৰো সুযোগ আছে ‘নিয়া’ৰ হাতত৷