Logo
image

৯২% ভোটেৰে ধুবুৰীত আজমলৰ বিদায়ধবনি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : পানী জাৰি অগণন লোকক সন্মোহিত কৰা বদৰুদ্দিন আজমলৰ বিপদ আসন্ন৷ ধুবুৰীত তেওঁৰ দীৰ্ঘদিনৰ দুৰ্গ খহি যোৱাটো প্ৰায় নিশ্চিত হৈছে সংসদীয় নিৰ্বাচনত৷ দীৰ্ঘদিন ধৰি ধৰ্মীয় সংখ্যালঘূ লোকসকলক আজমলে কৰি অহা প্ৰৱঞ্চনাৰ উত্তৰ এইবাৰ ধুবুৰীবাসীয়ে ইভিএমৰ মাধ্যমেৰে দিয়া বুলি কেৱল ধুবুৰীৰ ৰাইজেই নহয় ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকসকলেও দাবী কৰিছে৷ ধুবুৰী সংসদীয় সমষ্টিৰ অন্তৰ্গত  গৌৰীপুৰত দেশৰ ভিতৰত সৰ্বাধিক ভোটদান হৈছে৷ ‘আমাৰ অসম’ৰ হাতত পৰা তথ্যমতে ধুবুৰী সংসদীয় সমষ্টিৰ অন্তৰ্গত ধৰ্মীয় সংখ্যালঘু এলেকাত ভোটদানক লৈ কাৰ্যতঃ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ হয়তো বদৰুদ্দিন আজমলক এশিকনি দিবৰ বাবে মন বান্ধিছে ধুবুৰীৰ দীৰ্ঘদিনে আজমলে ভোট বেংক ৰূপে ব্যৱহাৰ কৰি অহা ধৰ্মীয় সংখ্যালঘু লোকসকলে৷ ধুবুৰীৰ ভোটাৰে দাবী কৰা মতে ধৰ্মীয় সংখ্যালঘূ ভোটাৰ এইবাৰ আজমলক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হৈছে৷ ধুবুৰীবাসীয়ে আজমলৰ ভেটি খহাই ভৱিষ্যতে স্থানীয় লোকক ধুবুৰীৰ দায়িত্ব অৰ্পণ কৰাৰ পৰিকল্পনাৰ অংশৰূপে এইবেলি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক সমৰ্থন জনোৱা বুলি কয় ধুবুৰীৰ একাংশ সচেতন লোকে৷ ৯২ শতাংশ ভোটেৰে আজমলৰ সন্মুখত যেন বিদায়ধবনি দিছে ধুবুৰীবাসীয়ে৷ নিৰ্বাচন আয়োগে সদৰী কৰা তথ্য মতে ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৯২.০৮ শতাংশ৷ ধুবুৰী সংসদীয় সমষ্টিৰ অন্তৰ্গত মন্দিয়া আৰু বিলাসীপাৰাৰ বাহিৰে কেউটা বিধানসভা সমষ্টিত ৯০ শতাংশতকৈ অধিক ভোটদান হৈছে৷ বিলাসীপাৰাত ভোটদানৰ হাৰ ৮৯.২২ শতাংশ৷ গোলকগঞ্জত ৯০.৬৯ শতাংশ, গৌৰীপুৰত ৯৪.০৩ শতাংশ, ধুবুৰীত ৯২.৯৩ শতাংশ, বীৰছিং-জাৰুৱাত ৯৪.১০ শতাংশ, মানকাচৰত ৯২.০৫ শতাংশ, জলেশ্বৰত ৯৩.৭৮ শতাংশ, গোৱালপাৰা পূবত ৯১.৮৬ শতাংশ, সৃজনগ্ৰামত ৯২.৪৯ শতাংশ, মন্দিয়াত ৮৯.৩২ শতাংশ আৰু চেঙাত ৯১.৩১ শতাংশ৷

দেশৰ ভিতৰত ৰেকৰ্ড গঢ়িলে বীৰছিং-জাৰুৱা আৰু গৌৰীপুৰ বিধানসভা সমষ্টিয়ে

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক : ভাৰতৰ ভিতৰত ৰেকৰ্ড গঢ়িলে বীৰছিং-জাৰুৱা আৰু গৌৰীপুৰ বিধানসভা সমষ্টিয়ে৷ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত বীৰছিং-জাৰুৱা বিধানসভা সমষ্টিত ৯৪.১০ শতাংশ আৰু গৌৰীপুৰ বিধানসভা সমষ্টিত ৯৪.০২ শতাংশ ভোটদান হয়৷ এয়া দেশৰ ভিতৰতে সৰ্বাধিক ভোটদান৷ উল্লেখ্য, ধুবুৰী লোকসভা সমষ্টিত মুলতে এআইইউডিএফ দলৰ প্ৰাৰ্থী তথা একেৰাহে ধুবুৰী লোকসভা সমষ্টিৰ পৰা তিনিবাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমল, কংগ্ৰেছ মিত্ৰদলৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুচেইন আৰু অগপ বিজেপি মিত্ৰজোঁটৰ পৰা অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ মাজত ত্ৰিকোণীয়া যুঁজ হোৱাটো প্ৰায় স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে৷ একেৰাহে তিনিবাৰকৈ ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমলৰ প্ৰতি ৰাইজৰ এইবেলি ৰাইজে অনীহা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ তদুপৰি সাংসদ আজমলতকৈ তেওঁৰ একাংশ সাংগো-পাংগৰ ভূমিকাত ৰাইজ ক্ষুব্ধ হোৱা বুলি জানিব পৰা গৈছে৷ ২০০৫ চনত ধুবুৰীত খোপনি পুতি ২০০৬ দক্ষিণ শালমাৰা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হোৱা বদৰুউদ্দিন আজমল ২০০৯ চনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷ তিনিবাৰকৈ ধুবুৰীৰ সাংসদ হোৱা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বৰ পৰাই প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল যদিও আজমল আৰু তেওঁৰ বিধায়কে দিনে নিশাই প্ৰচাৰ অভিযান চলাই ভোটাৰক দলৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰচেষ্টা চলায় যদিও প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ লোৱা তিনি গগৈ ক্ৰমে গৌৰব গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ব্যাপক প্ৰচাৰ সভাই এআইইউডিএফ দলক থান বান কৰি তোলে৷