Logo
image

ছুপাৰ ৰিছ

  •  লকডাউনত সমগ্ৰ দেশ স্তব্ধ হৈ থকাৰ ছমাহত ভাৰতত জনতাই খাবলৈ নোপোৱাকৈ থকাৰ সময়ত নতুনকৈ  ১৫ জন বিলিয়নাৰ হৈছে৷ অৰ্থাৎ ১০০ কোটি মাৰ্কিন ডলাৰৰ মালিক৷
  • ভাৰতত বিলিয়নাৰ অৰ্থাৎ ১০০ কোটি মাৰ্কিন ডলাৰ পৰিমাণৰ বা তাতকৈ অধিক সম্পদৰ গৰাকী আছে ১১৯৷ ২০০০ চনত ভাৰতত বিলিয়নাৰ আছিল ৯ জন৷ ২০১৭ চনত হ’লগৈ ১০১ জন৷ আজিৰ দিনত ১১৯৷ 
  • ভাৰতৰ চহকী ১০ শতাংশ ব্যক্তিৰ হাতত দেশৰ মুঠ সম্পদৰ ৭৭% আছে৷ অৰ্থাৎ দেশৰ ১৩০ কোটি জনতাৰ ৯০ শতাংশ, মানে ১১৭ কোটি লোকৰ সম্পত্তি ৭৭ শতাংশ৷ 
  • ২০১৯ চনত দেশত উৎপাদিত মুঠ সম্পদৰ ৭৩ শতাংশ লৈ গৈছে দেশৰ ৰ শতাংশ ‘ছুপাৰ ৰিছ’ ব্যক্তিয়ে৷
  • ভাৰতৰ  দাল-দৰিদ্ৰৰ সংখ্যা ৬৭ নিযুত৷ তেওঁলোকৰ হাতত দেশৰ মুঠেই ৰ শতাংশ সম্পদহে আছে৷ 
  • ভাৰতত প্ৰতিদিনেই  ৭০ জন নতুন মিলিয়নিয়াৰ হয়৷ 
  • ভাৰতত যিমান বিলিয়নাৰ আছে তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ ১,৪৪,২২ বিলিয়ন৷ এয়া দেশৰ যোৱাবছৰৰ বাজেটতকৈ অধিক৷ 
  • ভাৰতৰ প্ৰতি চেকেণ্ডত দুজন মানুহ দাল-দৰিদ্ৰ হয়, বেমাৰত টকা খৰচ কৰি৷ এনেদৰে প্ৰতি বছৰ দেশত ৬৩ নিযুত দৰিদ্ৰ হয়৷
  • ভাৰতৰ আগশাৰীৰ কাপোৰৰ কোম্পানী এটাৰ শীৰ্ষ বিষয়াই পোৱা সমান দৰমহা পাবলৈ গাঁৱৰ দৈনিক হাজিৰা কৰি খোৱা এজনৰ  ৯৪১ বছৰ লাগিব৷
  • ‘ছুপাৰ ৰিছ’সকলক ‘আলট্ৰা হাই-নেট-ৱৰ্থ ইণ্ডিভিজুৱেল বুলি কোৱা হয়৷