গৌৰৱ নহয়, মইহে মুখ্যমন্ত্ৰী! ৰিপুণ
আমাৰ অসম, ১১ মাৰ্চঃ নিজকে নিজে ৰাজ্যৰ ভাবী মুখ্যমন্ত্ৰী বুলি পৰিচয় দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ বুধবাৰে তেওঁ সাংবাদিকৰ আগত কয়– ‘হাইকমাণ্ডে যদি মোক মুখ্যমন্ত্ৰীৰ পদ দিয়ে নিশ্চয় গ্ৰহণ কৰিম৷ কাপুৰুষেহে মুখ্যমন্ত্ৰীৰ পদ ল’বলৈ ইচ্ছা নকৰিব৷ ৰাজনীতিত অভিলাষ, উচ্ছাকাংক্ষা থাকিব লাগে৷ তেতিয়াহে ৰাজনীতিত সফল হ’ব পৰা যায়৷ মুখ্যমন্ত্ৰী হোৱাৰ মোৰো অভিলাষ, উচ্ছাকাংক্ষা আছে৷ মুখ্যমন্ত্ৰী পদৰ বাবে মই সকলো ফালৰ পৰা উপযুক্ত৷ হাইকামাণ্ডে বিচাৰিলে নিশ্চয় মই মুখ্যমন্ত্ৰী হ’ম৷’ ইফালে, প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ৪৭টা সমষ্টিৰ ৪০টা কংগ্ৰেছ মহাজোঁটৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৰিপুণ বৰাই৷ তেওঁ কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে ডিষ্টিংচন পাব৷ ইফালে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিজেপিৰ ‘বি’ টিম হয় নে নহয় সেয়া তৃতীয় পৰ্যায়ৰ দল দুটাৰ প্ৰাৰ্থী তালিকাৰ পৰাই ৰাইজে গম পাব বুলিও তেওঁ মন্তব্য কৰে৷ উল্লেখ্য যে গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সকলোতকৈ পচন্দনৰ প্ৰাৰ্থী বুলি বিভিন্ন ৰাষ্ট্ৰীয় সমীক্ষাই স্থান দিয়াৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আজি নিজকে মহাজোঁটৰ ভাবী মুখ্যমন্ত্ৰী বুলি ঘোষণা কৰাটোৱে সুকীয়া তাৎপৰ্য বহন কৰিছে৷