Logo
image

শিক্ষাৰ্থী নাথাকিলেও বিয়লিলৈ স্কুলতে কটাব লাগিব শিক্ষকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ মে’ : শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰী নাথাকিলেও বিদ্যালয়তে ডেৰ-দুই ঘণ্টা শুই-বহি কটাব লাগিব প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে৷– এনে এক আজৱ নিৰ্দেশনাকে জাৰি কৰিছে শিক্ষা বিভাগে৷ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পাছতেই সৰ্বশিক্ষা অভিযানৰ কতৃৰ্পক্ষই ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ এছচিইআৰটিৰ বাৰ্ষিক শৈক্ষিক কেলেণ্ডাৰৰ ভিত্তিত বিদ্যালয়ত শিক্ষকৰ উপস্থিতি তথা কৰ্ম সময় নিৰ্ধাৰণ কৰা হৈছে৷ এছচিইআৰটিৰ ২০২৪ বৰ্ষৰ বাৰ্ষিক শৈক্ষিক কেলেণ্ডাৰ অনুসৰি এতিয়াৰে পৰা প্ৰাথমিক শিক্ষকৰ নিজ নিজ বিদ্যালয়ত উপস্থিতি হোৱা অৰ্থাৎ প্ৰৱেশৰ সময় হৈছে পুৱা ৯ বজাত৷ একেদৰে বিদ্যালয়ৰ ছুটীৰ সময় হৈছে বিয়লি ৩.২৫ বজা৷ এক কথাত শিক্ষাসেতু প’ৰ্টেলত শিক্ষকসকলে বিদ্যালয়ত উপস্থিত আৰু প্ৰস্থানৰ এই সময়সীমা মানি চলিব লাগিব৷ লক্ষণীয় বিষয়টো হৈছে শিক্ষা বিভাগৰ এই নিৰ্দেশত প্ৰাথমিক বিদ্যালয়ত অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত বিদ্যালয় ছুটীৰ কোনো নতুন সময় উল্লেখ কৰা নাই যদিও পূৰ্বৰ নিৰ্দেশনা অনুসৰি দিনৰ ১.৪৫ বজাত বিদ্যালয় ছুটী দিব লাগিব৷ স্বাভাৱিকতেই এতিয়া শিক্ষক সমাজৰ মাজতো প্ৰশ্ন উঠিছে যদিহে ছাত্ৰ-ছাত্ৰীক ২ বজাৰ পূৰ্বে ছুটী দিয়া হয়, তেনেহ’লে শিক্ষকসকলে একো কাম নোহোৱাকৈ বিয়লি ৩.২৫ বজালৈ অপেক্ষা কৰিব লাগিব নেকি? বিদ্যালয় ছুটীৰ পাছত শিক্ষকসকলে ডেৰ-দুই ঘণ্টা সময় কি কৰি কটাব বুলিও প্ৰশ্ন কৰিছে একাংশ শিক্ষকে৷ অৱশ্যে একাংশ শিক্ষকে শিক্ষা বিভাগৰ এই কাৰ্যৰ বিৰোধিতা কৰিলেও আন একাংশ শিক্ষকে আকৌ জিৰণিৰ সময়খিনিত ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কামত ব্যস্ত হ’ব পৰা যাব বুলিও মন্তব্য কৰিছে৷ এইসকল শিক্ষকৰ যুক্তি– আন আন চৰকাৰী কৰ্মচাৰীয়ে যদি বিয়লি ৪-৫ বজালৈ কাৰ্যালয়ত কাম কৰিব পাৰে, তেনেহ’লে শিক্ষকসকলে ৩.২৫ বজালৈ বিদ্যালয়ত উপস্থিত থকাত আপত্তি ক’ত?