Logo
image

বহিঃৰাজ্যত প্ৰচাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত, পূৰ্বেই প্ৰেৰণ ‘এডভাঞ্চ টীম’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’: ওড়িশা, বংগ আৰু অন্ধ্ৰপ্ৰদেশত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷  বৃহস্পতিবাৰে পুৱাই তেওঁ ৰাওনা হৈছে ওড়িশালৈ৷ কালিলৈ তেওঁ ওড়িশাৰ মালকানগিৰী, খালিকোটা আৰু চিত্ৰকোন্দাত নিৰ্বাচনী প্ৰচাৰ চলাব৷ দহ মে’ত তেওঁ পশ্চিমবংগত আৰু এঘাৰ মে’ত অন্ধ্ৰপ্ৰদেশত কেইবাখনো নিৰ্বাচনী সভাত ভাগ ল’ব৷ অসমৰ ১৪টা সংসদীয় সমষ্টিৰ ১১৭ খন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় মুখ্যমন্ত্ৰী শৰ্মাই৷ নেতাৰ আহ৩ায়কৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দলৰ হৈ দেশৰ বিভিন্ন স্থানত প্ৰচাৰৰ দায়িত্ব দিলেও তেওঁ অসমৰ বাহিৰে উত্তৰ পূবৰ কোনো ৰাজ্যত প্ৰচাৰ চলোৱা দেখা নগ’ল৷ বহিঃৰাজ্যত প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পূৰ্বে সংশ্লিষ্ট ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে বিজেপিৰ এটা ‘এডভাঞ্চ টীম’৷ উক্ত এডভাঞ্চ টীমত আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিন, বিধায়ক কৌশিক ৰাই, কৃষ্ণেও পাল, দীপায়ন চক্ৰৱৰ্তী, ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ, ৰাজ্যিক কোষাধ্যক্ষ ৰাজ কুমাৰ শৰ্মা, জ্যেষ্ঠ নেতা বিজয় গুপ্তা, ৰূপম গোস্বামী, হবিব মহম্মদ চৌধুৰী, কল্যাণ গোস্বামী আদি৷ বুধবাৰেই তেওঁলোক ওড়িশা অভিমুখে ৰাওনা হৈছে৷ ইফালে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ নেতৃত্বত এটা এডভাঞ্চ টীম ৰাওনা হৈছে পশ্চিমবংগলৈ৷