Logo
image

ৰাজ্য তোলপাৰ! আজমলৰ ভুৱা ভিডিঅ’ কোনে বনালে

আমাৰ অসম, ১১ মাৰ্চঃ সামাজিক মাধ্যমত ভাইৰেল হোৱা এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ ভাষণৰ বিকৃত কৰা এটা উগ্ৰ সাম্প্ৰদায়িক ভিডিঅ’ই সমগ্ৰ অসমতে টোলপাৰ লগাইছে৷ কোনো বিৰোধী দলৰ আই টি চেলে এই ভিডিঅ’টো বিকৃত কৰা বুলি সন্দেহ কৰা হৈছে৷ কিন্তু বৰ্তমানলৈকে নিৰ্বাচন আয়োগ বা আৰক্ষীয়ে এই বিকৃত ভিডিঅ’ৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ মৌলনা বদৰুদ্দিন আজমলৰ ভাষণ এডিট কৰি দুষ্ট চক্ৰই সমগ্ৰ অসমতে উগ্ৰ সাম্প্ৰদায়িকতা বিয়পাব বিচাৰিছে৷ প্ৰকৃততে ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত এক নিৰ্বাচনী সভাত মৌলনা বদৰুদ্দিন আজমলে মন্তব্য কৰিছিল যে মোগলে ভাৰতত ৮০০ বছৰ আসন কৰাৰ পাছতো সকলোকে মুছলমান বনাব পৰা নাছিল৷ এনেদৰে ইংৰাজে ভাৰতত দুশ বছৰ শাসন কৰাৰ পাছতো সকলাকে খ্ৰীষ্টান বনাব পৰা নাই৷ জৱাহৰলাল নেহৰুৰ পৰা ড॰ মনমোহন সিঙলৈ সুদীৰ্ঘ দেশ কংগ্ৰেছ দলে শাসনৰ কৰাৰ পাছতো ভাৰত মুছলমান ৰাষ্ট্ৰ হোৱা নাছিল৷ তেনে প্ৰেক্ষাপটত এটা দলে ভাৰতবৰ্ষক মুছলমান ৰাষ্ট্ৰত পৰিণত কৰিব বুলি কোৱাটো হাঁহি উঠা কথা৷ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ আৰু ধৰ্মনিৰপেক্ষ হৈয়ে থাকিব৷ কিন্তু কোনো দুষ্ট চক্ৰই মৌলনা আজমলৰ এই ভাষণৰ ভিডিঅ’ বিকৃত কৰি যোৱা ৪৮ ঘণ্টাত এনেদৰে প্ৰচাৰ চলাইছে যে মোগলসকলে ভাৰতবৰ্ষ ৮০০ বছৰ শাসন কৰিছে৷ গতিকে ভাৰতবৰ্ষ মুছলমান ৰাষ্ট্ৰ হ’ব লাগে৷ কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰ হ’লে ভাৰতবৰ্ষত এখনো হিন্দু মানুহ থাকিব নোৱাৰিব, সকলোকে মুছলমান বনাই দিয়া হ’ব৷ ইফালে বিতৰ্কিত ভিডিঅ’লৈ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱাত বুধবাৰে হোজাইস্থিত আজমল হাউছত এক সংবাদ মলৰ আয়োজন কৰি নিজৰ স্থিতি স্পষ্ট কৰে মৌলনা বদৰুদ্দিন আজমলে৷  অসমত মিত্ৰজোঁটৰ চৰকাৰ অহাৰ শংকাত ভুগি বিৰোধীয়ে ভুৱা ভিডিঅ’ প্ৰস্তুত কৰি এ আই ইউ ডি এফৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে বদৰুদ্দিন আজমলে৷ তেঁও কয়– এল আৰ অ নামৰ এটা ফেইক এন জি অ’ই যোৱা কালি এটা ভিডিঅ’ ভাইৰেল কৰিছে৷ অসমত ইছলামিক স্থান বনোৱাৰ কথা কৈ মোৰ বিৰুদ্ধে এটা ভূৱা প্ৰচাৰ চলাই আমাৰ হিন্দু ভোটাৰ ভাইসকলৰ ভোট নষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ এই ভিডিঅ’টো ১০০ শতাংশ মিছা৷ তেওৰ হাতত মূল ভিডিঅ’টো আছে, যিটোৰ লগত ইডিটিং কৰা ভিডিঅটোৰ কোনো মিল নাই৷ এতিয়া ভুৱা অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আজমলে আইনৰ কাষ চাপি আৰক্ষীক গোচৰ দিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ আজমলৰ সন্দেহ অসমৰ এ আই ইউ ডি এফৰ ৰাজনৈতিক শত্ৰুসকলে এইবোৰ কৰি আছে৷ যিয়েই নকৰক কিয় এইবাৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ আহিব, সেয়া নিশ্চিত বুলি আজমলৰ দাবী৷ আজমলে লগতে কয়- এইবাৰ বিজেপি শংকিত হৈছে, কাৰণ মহাজোঁটে অসমত চৰকাৰ গঠন কৰিব, সেই উমান পাই এটা চক্ৰ অপপ্ৰচাৰত লিপ্ত হৈ পৰিছে৷ যিয়েই নকৰক কিয়- আমি অকলে কমেও ১৮খন আসনত জয়ী হম৷ ইয়াৰ পিছতো হাগ্ৰামাসহ অন্যান্য মিত্ৰদলেও বহু কেইখন আসন লাভ কৰিব৷ সেয়েহে আমি অসমত কংগ্ৰেছৰ মহাজোঁটৰ সৈতে মিলি চৰকাৰ গঠন কৰিম বুলি আজমলে মন্তব্য কৰে৷ ইফালে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাইৰেল হোৱা ভিডিঅ’টোৰ ফৰেনচিক পৰীক্ষাৰ দাবী উত্থাপন কৰিছে৷