Logo
image

সুৰাৰ বিক্ৰী কমিছে, দিছপুৰত হাহাকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ মে’: হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা অসম চৰকাৰৰ বাবে এটা বেয়া খবৰ! বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বাৰ্ষিক আবকাৰী ৰাজহৰ পৰিমাণ চাৰে চাৰি হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য লোৱাৰ সময়তে অসমত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে সুৰাৰ বিক্ৰীৰ পৰিমাণ৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও অসমত ৫০ শতাংশ মদৰ বিক্ৰীৰ হ্ৰাস পাইছে৷ মদৰ বিক্ৰী কমি যোৱাত স্বাভাৱিকভাৱেই আবকাৰী ৰাজহ হ্ৰাস পাবলৈ ধৰাত দিছপুৰত হাহাকাৰ লাগিছে৷ যাৰ বাবে ৰাজহ ঘাটি জোৰা মাৰিবলৈ সুৰা ব্যৱসায়ীসকলক মদ বিক্ৰীৰ টাৰ্গেট বান্ধ দিছে আবকাৰী বিভাগে৷ অন্যথা অনুজ্ঞা-পত্ৰ বাতিলৰো হুমকি দিছে বিভাগীয় বৰমূৰীয়াসকলে৷ এক কথাত আবকাৰী বিভাগৰ এই নিৰ্দেশক লৈ সৰ্বত্ৰ প্ৰশ্ন উঠিছে৷ ৱাইন শ্বপ-বাৰৰ মালিকসকলে মদাহীক এতিয়া ঘৰৰ পৰা ধৰি বান্ধি আনি হ’লেও সুৰাপান কৰিবলৈ বাধ্য কৰোৱাব লাগিব নেকি? আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি অসমত বৰ্তমান ১৭০৭খন ৱাইন শ্বপ, ৯২৩খন বাৰ আৰু ৩৭৩খন দেশীয় সুৰাৰ বিপণী আছে৷ ইয়াৰোপৰি আবকাৰী বিভাগে নতুনকৈ ৰাজ্যৰ ২৬খন জিলাত ২০৩খন ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ বিভাগীয় তথ্য মতে চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ৰাজ্যত আবকাৰী ৰাজহ সংগ্ৰহ হৈছে ৩,৮১৬ কোটি টকা৷ কিন্তু ধাৰ-ঋণেৰে চলি থকা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰে বাৰ্ষিক আবকাৰী ৰাজহৰ পৰিমাণ ৪,৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যৰে শেহতীয়াকৈ সুৰাম দাম ১০-২০ শতাংশ  পৰ্যন্ত বৃদ্ধি কৰে৷ কিন্তু ৮ মাহৰ ভিতৰত দুবাৰকৈ মদৰ দাম বিক্ৰী কৰাত সুৰাপায়ীসকলকো কাৰ্যতঃ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলালে৷ যাৰ পৰিপ্ৰেক্ষিতত বহু মদাহীয়ে বিলাতী সুৰা বাদ দি দেশীয় সুৰা আৰু চুলাইত হাত দিবলৈয়ো বাধ্য হৈ পৰিল৷ আনহাতে, যিসকলে নিয়মীয়াকৈ সুৰাপন কৰে সেইসকলৰ বহুতেই দৈনিক সুৰাপানৰ পৰিমাণো হ্ৰাস কৰিছে৷ ২০২৩ চনৰ এপ্ৰিল মাহৰ তুলনাত ২০২৪ চনৰ এপ্ৰিল মাহত ৰাজ্যত সুৰাৰ খুচুৰা বিক্ৰী ৫০ শতাংশ হ্ৰাস পাইছে৷ বিগত ৪ মে’ত আবকাৰী বিভাগৰ এখন বৈঠকত এই তথ্য প্ৰকাশ পাইছে৷ যাৰ বাবে সুৰা বিক্ৰী হ্ৰাস পোৱাত ৰাজহৰ পৰিমাণ কমি যোৱাত মুখ্যমন্ত্ৰীৰ ৰোষত পৰাৰ ভয়ত আবকাৰী আয়ুক্ত জিতু দলে আৰু উপ-আয়ুক্ত প্ৰাঞ্জল বৰাই এতিয়া ৱাইন শ্বপ-বাৰৰ মালিকক সুৰা বিক্ৰী বৃদ্ধিৰ টাৰ্গেট বান্ধি দিবলৈকো কেৰেপ কৰা নাই৷ ৪ মে’ত অনুষ্ঠিত বৈঠকতে আবকাৰী আয়ুক্তই প্ৰতিখন জিলাৰে আবকাৰী অধীক্ষকক অনুজ্ঞা-পত্ৰ থকা ৱাইন শ্বপক মদ বিক্ৰীৰ টাৰ্গেট বান্ধি দিবলৈকো নিৰ্দেশ প্ৰদান কৰিছে৷ বৈঠকত প্ৰকাশ পোৱা তথ্য অনুসৰি বিগত বৰ্ষত ৰাজ্যত বিলাতী সুৰাৰ বিক্ৰীৰ পৰিমাণ ২৯.২২ শতাংশ হ্ৰাস পাইছে৷ একেদৰে ২০২৩ বৰ্ষটোত বীয়েৰ বিক্ৰীৰ পৰিমাণো ২৫.১০ শতাংশ হ্ৰাস পাইছে৷ অৱশ্যে বিলাতী সুৰা আৰু বীয়েৰৰ খুচুৰা বিক্ৰী হ্ৰাস পালেও উক্ত সময়ছোৱাত দেশীয় সুৰাৰ বিক্ৰী ২১.১১ শতাংশ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি কেৱল গুৱাহাটী মহানগৰীতে বিগত বৰ্ষত বিদেশী সুৰাৰ বিক্ৰী ১৯.০৭ শতাংশ হ্ৰাস পাইছে৷ একেদৰে মহানগৰীত বীয়েৰ বিক্ৰীও ১৫.৭১ শতাংশ হ্ৰাস পাইছে৷ ইয়াৰ বিপৰীতে গুৱাহাটীত দেশীয় সুৰাৰ বিক্ৰীৰ ৫৪ শতাংশ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে বিগত ২০২৩-২৪ বৰ্ষত ৰাজ্যত সৰ্বমুঠ ১,৪৭,১৮,০০৮ কেচ বিলাতী সুৰা বিক্ৰী হৈছিল যদিও আবকাৰী বিভাগে জিলাসমূহক এতিয়া ২০২৪-২৫ বিত্তীয় বৰ্ষত ১৬১৮৯৮০৯ কেচ বিলাতী সুৰা বিক্ৰীৰ টাৰ্গেট বান্ধি দিছে৷ অৰ্থাৎ সুৰাপায়ীয়ে পান কৰাৰ ইচ্ছা নকৰিলেও ৱাইন শ্বপসমূহে এইবাৰ ১৪,৭৭,৮০১ কেচ অধিক সুৰা বিক্ৰী কৰিব লাগিব৷ একেদৰে ২০২৩-২৪ বৰ্ষত ৰাজ্যত ১,০৫,৬৫,০৪৫ কেচ বীয়েৰ বিক্ৰী হৈছিল যদিও চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যত বীয়েৰ বিক্ৰীৰ পৰিমাণ ১,২১,৪৯,৮০১ কেচলৈ বৃদ্ধি কৰিব লাগিব৷ অৰ্থাৎ চলিত বৰ্ষত ১৫,৮৪,৭৫৬ কেচ বীয়েৰ অধিক বিক্ৰীৰ টাৰ্গেট বান্ধি দিয়া হৈছে৷ অনুৰূপভাৱে দেশীয় সুৰাৰ বিক্ৰীৰ পৰিমাণো বিগত বৰ্ষৰ তুলনাত এইবাৰ ৪,১৫,০৯০ কেচ অধিক বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে৷ তথ্য অনুসৰি আবকাৰী বিভাগে গুৱাহাটীৰ প্ৰতিখন ৱাইন শ্বপকে প্ৰতিমাহে ৪,৫০০ লিটাৰ বিলাতী সুৰা বিক্ৰীৰ টাৰ্গেট বান্ধি দিয়াৰ বিপৰীতে ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰো লক্ষ্য নিৰ্ধাৰণ কৰি দিছে৷ স্বাভাৱিকতেই সুৰাৰ বিক্ৰী হ্ৰাস পোৱাত দিছপুৰত হাহাকাৰ লগাই নহয়,  মদৰ বিক্ৰী বৃদ্ধিৰ বাবে সুৰা ব্যৱসায়ীক টাৰ্গেট বান্ধি দিয়া ব্যৱসায়ীসকলে শংকিত হৈ পৰিছে৷ মদৰ দাম বৃদ্ধিৰ লগতে বিভাগীয় বৰমূৰীয়াৰ পৰা অনুজ্ঞা-পত্ৰ নবীকৰণ মাচুল বৃদ্ধিৰ মাজতে এইবাৰ সুৰা বিক্ৰীৰ লক্ষ্য পূৰণ নকৰিলে অনুজ্ঞা-পত্ৰ কৰ্তনৰ মৌখিক ভাবুকি লাভ কৰি থলুৱা ব্যৱসায়ীসকলে চিন্তিত হৈ পৰিছে৷ সুৰা বিক্ৰী হ্ৰাস পোৱাটো সমাজৰ বাবে মংগলজনক কথা যদিও ডেৰ লাখ কোটি টকা ঋণত ককবকাই থকা চৰকাৰৰ ৰাজকোষৰ বাবে অশনি সংকেত হৈ পৰিছে৷