Logo
image

মমতাই বংগত লুটপাত চলাইছেঃ হিমন্তবিশ্ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’: মমতা বেনাৰ্জীয়ে কি কৰি আছে? তেখেত কেৱল লুণ্ঠনহে চলাই আছে বংগত৷ এই অভিযোগ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে অসমৰ ১৪টা লোকসভা সমষ্টিত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত মুখ্যমন্ত্ৰী ড॰ শৰ্মা উপস্থিত হয় চুবুৰীয়া ৰাজ্য পশ্চিম বংগত৷         
  
শেহতীয়াভাৱে বংগৰ বিভিন্ন সমষ্টিত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী৷ প্ৰতিখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজৰ ভাষণত আক্ৰমণৰ মূল লক্ষ্য কৰি লৈছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক৷ শুকুৰবাৰেও বংগৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়– বংগত কেৱল লুণ্ঠনহে চলি আছে মমতা বেনাৰ্জীৰ নেতৃত্বত৷ সন্দেশখালীৰ গোচৰৰ তদন্তক তেখেতে অনাহক হস্তক্ষেপ কৰি আছে৷ মমতা বেনাৰ্জীৰ ওচৰত ৰাইজৰ বাবে কিবা ইচ্যু আছে নেকি? তেখেতে বংগত লুণ্ঠন চলাবলৈহে জানে৷ তাৰ বাহিৰে অন্য একো ইচ্যু তেখেতৰ ওচৰত নাই৷ মুখ্যমন্ত্ৰী পদত থকাৰ পাছতো চাকৰিৰ বাবে উৎকোচ লোৱাৰ দৰে কাৰ্য মমতা বেনাৰ্জীৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়৷ অন্ততঃ চাকৰি দিয়া বিনিময়ত উৎকোচ ল’ব নালাগে৷ হিন্দুৱে হওক বা মুছলমানে হওক, কাৰো পৰাই চাকৰি দিয়াৰ বিনিময়ত উৎকোচ ল’ব নোৱাৰে৷ সন্দেশখালীৰ গোচৰতো তেখেতে অযথা হস্তক্ষেপ কৰি আছে৷ অথচ উচ্ছতম আৰু উচ্ছ ন্যায়ালয়ে চিবিআইক এই গোচৰৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে৷ ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে এই ঘটনাৰ সৈতে তেখেত হয়তো কিবা প্ৰকাৰে জড়িত হৈ আছে৷ নহ’লে গোচৰটোত কিয় হস্তক্ষেপ কৰি থাকিব৷ 


উল্লেখ্য যে, বংগত সাতটা পৰ্যায়ত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভোটগ্ৰহণ চলিব৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই বৃহস্পতিবাৰে ওড়িশাৰ মালকানগিৰিত ভাৰতীয় জনতা পাৰ্টিৰ  নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কৈছিল  বিজেপিয়ে লোকসভা নিৰ্বাচনত ৪০০ আসন লাভৰ বাবে অহোপুৰুষাৰ্থ কৰিছে কাৰণ ‘কংগ্ৰেছে ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰিব পাৰে৷ ৰাইজে আমাক প্ৰশ্ন কৰে যে আমি কিয় ৪০০ আসন বিচাৰো৷ আমি ৪০০ আসন বিচাৰো কাৰণ ‘কংগ্ৰেছে ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰিব পাৰে৷ ভাৰতত যাতে বাবৰি মছজিদ কেতিয়াও পুনৰ নিৰ্মাণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ এই কাৰণেই আমি প্ৰধানমন্ত্ৰী মোদীক ৪০০ৰো অধিক আসন দি প্ৰধানমন্ত্ৰী বনাব লাগিব৷ আগতে কংগ্ৰেছে আমাক ৰাম মন্দিৰ কেতিয়া নিৰ্মাণ হ’ব সেই তাৰিখ সুধিছিল৷ এতিয়া তেওঁলোকে এই বিষয়ে সোধা বন্ধ কৰি দিছে৷ কংগ্ৰেছে জানে আমি ৰাম মন্দিৰত ৰৈ নাযাওঁ, আমি আমাৰ দেশৰ প্ৰতিটো মন্দিৰ মুকলি কৰি দিব লাগিব৷ আমাৰ এজেণ্ডা দীঘলীয়া৷