Logo
image

ধুবুৰীয়েই নহয়, ৩ সমষ্টিতেই জয়ক লৈ আত্মবিশ্বাসী আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’: অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত আজিও যেন ‘হট কেক’ স্বৰূপ হৈ আছে ধুবুৰী সমষ্টি৷ বিশেষকৈ বদৰুদ্দিন আজমলৰ ৰাজনৈতিক ভৱিষ্যতৰ বিষয়টো সৰ্বাধিক চৰ্চাৰ বিষয় হৈ আছে ৰাজনৈতিক মহলত৷ শাসকীয় পক্ষ বিজেপিয়ে হওঁক বা বিৰোধী শিবিৰে হওক সকলোৱে সমস্বৰে দাবী কৰিছে যে এইবাৰ আজমলৰ ৰাজনৈতিক কেৰিয়াৰ অন্ত পৰিব৷ কিন্তু ইয়াৰ বিপৰীতে বদৰুদ্দিন আজমলে দৃঢ়তাৰে দাবী কৰি আছে যে কেৱল ধুবুৰীয়ে নহয় কৰিমগঞ্জ আৰু নগাঁতো তেওঁৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব৷ তিনিওটা সমষ্টিক লৈ প্ৰবল আত্মবিশ্বাসী বদৰুদ্দিন আজমল৷ আজমলৰ এই দৃঢ়স্থিতিৰ বিপৰীতে মন্ত্ৰী ৰঞ্জিত দাসে দাবী কৰিছিল যে ধুবুৰীত আজমল হাৰিব আৰু কংগ্ৰেছ প্ৰাৰ্থী জন জয়ী হ’ব৷ ঠিক তেনেদৰে কৰিমগঞ্জ আৰু নগাঁৱতো অতি কম ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী দুজন জয়ী হ’ব বুলি তেওঁ কৰিছিল৷ 


মন্ত্ৰী দাসৰ সমীক্ষা মতে বৰপেটাত মনোৰঞ্জন তালুকদাৰ পৰাজিত হ’ব৷ কিন্তু মন্ত্ৰী ৰঞ্জিত দাসৰ এই সমীক্ষাক সম্পূৰ্ণৰূপে প্ৰত্যাখান কৰিছে সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰে৷ আজমলে সংবাদ মাধ্যমৰ আগত দাবী কৰি কয়–আমি তিনিটা সমষ্টিত জিকি আছো৷ কংগ্ৰেছ আৰু বিজেপিৰ সৈতে আমাৰ যুদ্ধ চলি আছে৷ ধুবুৰীত মই জয়ী হম৷ ৰঞ্জিত দাসে মোৰ ঘৰৰ কথা কি জানে? ৰঞ্জিত দাসে পাগলৰ দৰে বকি আছে৷ আনহাতে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মন্ত্ৰী দাসক কটাক্ষ কৰি কয়–ৰঞ্জিত দাসৰ কংগ্ৰেছ প্ৰেম কিয় বাঢ়িছে মই ধৰিব পৰা নাই৷ তেওঁৰ কংগ্ৰেছ প্ৰেম বহুত বাঢ়িছে৷ ১৯১৬ চনতো তেওঁৰ কংগ্ৰেছ প্ৰেম বাঢ়িছিল৷ ২০২১ ত সৰ্বানন্দ সোণোৱালক এৰি তেওঁ পলাল৷ মই ১ লাখ ভোটো নাপাম বুলি কৈছে৷ তেওঁৰ ৰাজনৈতিক জ্ঞান প্ৰায় শূন্য৷ বৰপেটাত আমি প্ৰতিদ্বন্দ্বিতাত আছো৷ মই নিজে হৰা-জিকাৰ কথা নকও৷ বেলট বক্সত কি আছে ৪ তাৰিখে গম পোৱা যাব৷ বিজেপিৰ যোৱাবাৰৰ যি ৯ খন আসন আছিল তাৰ পৰাও এইবাৰ আসন কমিব৷ বিজেপিৰ প্ৰতি অগপৰ চামচাগিৰি বহুত বেছি হৈছে৷ তেওঁলোকৰ বাবে ধুবুৰী হাৰা আসন৷ সেই খনত জয়ৰ কল্পনাও কৰিব নোৱাৰে অগপই৷ ললি পপ দি ফুচলাইছে বিজেপিয়ে৷ ধুবুৰীৰ জন বিন্যাস অনুসৰি অগপ বা বিজেপিয়ে যথেষ্ট কম ভোট পাব৷ ধুবুৰীত কংগ্ৰেছ জয়ী হ’ব৷ আজমলৰ বিৰুদ্ধে যথেষ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে৷ হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰি আজমলে যি ৰাজনীতি কৰি আছে ভোটাৰ ৰাইজে তাক সমৰ্থন কৰা নাই৷