Logo
image

বিহাৰত হিমন্তবিশ্বঃ ৪০০ আসন পালে কৃষ্ণৰ জন্মভূমি উদ্ধাৰ কৰিম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মে’: ওড়িশা, পশ্চিমবংগৰ পাছত এইবাৰ বিহাৰত মাৰথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বিহাৰত লালু প্ৰসাদ যাদবৰ বংশগত ৰাজনীতি উৎখাত কৰাৰ সংকল্প লৈ শনিবাৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা৷ সমগ্ৰ দেশৰ লগতে বিহাৰতো বিজেপি তথা এন ডি এৰ আধিপত্য বিস্তাৰ কৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ কয়– লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰিশ পাৰ কৰাৰ লক্ষ্য লৈছে৷ চাৰিশখন আসনেই আমি পাম৷ যাদব বংশৰ ম্যাদ ৪জুনত উকলি যাব৷ এতিয়া তেওঁলোকে য’ত যিমান বৈঠক অনুষ্ঠিত কৰে কৰি থাকক৷ চাৰি জুনৰ পাছত তেওঁলোকৰ বৈঠকলৈ কোনো নাহে৷ চাৰিশখন আসন পোৱাৰ পাছত আমি পাক অধিকৃত কাশ্মীৰ দখল কৰিম৷ আমি শ্ৰীকৃষ্ণৰ জন্মভূমিও উদ্ধাৰ কৰিম৷ সেইবাবে চাৰিশখন আসন লাভ কৰাটো আমাৰ কাৰণে ডাঙৰ ‘এজেণ্ডা’ আমি ইউনিফৰ্ম চিভিল ক’ৰ্ড বলবৎ কৰিম৷ পাক অধিকৃত কাশ্মীৰক ভাৰতৰ অংগ কৰাটো আমাৰ দায়িত্ব৷ মোদীৰ নেতৃত্বত ভাৰতক বিশ্বগুৰুৰূপে গঢ়ি তুলিব লাগে৷ এন ডি এ চাৰিশখন আসন পালে শ্ৰীকৃষ্ণৰ জন্মভূমি পাম৷ আমি ঔৰংজেব আৰু বাবৰৰ সৈতে যুঁজ কৰিছোঁ৷ ৰাহুল গান্ধীয়ে কি কয় কৈ থাকক৷ তেওঁৰ কথাৰ কি মূল্য আছে?