Logo
image

হাউছ অৱ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথম অসমীয়া

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ মে’: ব্ৰিটিছ সংসদৰ উচ্ছ সদন ‘হাউছ অৱ লৰ্ডছ’লৈ নিৰ্বাচিত হৈছে এগৰাকী অসমীয়া মূলৰ ব্ৰিটিছ মহিলা৷ প্ৰথমগৰাকী অসমীয়া হিচাপে আয়েশা ইউছুফ হাজৰিকাই বৃহস্পতিবাৰে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰত হাউচ অৱ লৰ্ডছত কোটব্ৰিজৰ কাৰনেছ হাজৰিকা হিচাপে আসন গ্ৰহণ কৰে৷ ১৯৭৫ চনৰ ১৫ ডিচেম্বৰত স্কটলেণ্ডৰ বেলশ্বিলত জন্মগ্ৰহণ কৰা আয়েশা হাজৰিকা দেশখনৰ লেবাৰ পাৰ্চীৰ প্ৰাক্তন ৰাজনৈতিক উপদেষ্টা আৰু জ্যেষ্ঠ সাংবাদিক৷ বেলশ্বিল আৰু কোটব্ৰিজত ডাঙৰ দীঘল হোৱা আয়েশা হাজৰিকাৰ পিতৃৰ নাম ডাঃ লিয়াকত আলী হাজৰিকা৷ উত্তৰ লখিমপুৰৰ সন্তান লিয়াকত আলী হাজৰিকাই ১৯৬০ চনত গ্লাছগোত স্থায়ীভাৱে থাকিবলৈ লৈছিল আৰু পৰৱৰ্তী সময়ত বৃটিছ নাগৰিকত্ব গ্ৰহণ কৰিছিল৷ আয়েশাৰ ককাদেউতাক প্ৰয়াত ইউছুফ আলী হাজৰিকা অসমৰ এজন প্ৰখ্যাত অধিবক্তা আৰু লখিমপুৰ পৌৰ সভাৰ সভাপতিও আছিল৷ বৰ্তমান লণ্ডনৰ বিখ্যাত টাইমছ ৰেডিঅ’ৰ উপস্থাপক হিচাপে কৰ্মৰত আয়েশা হাজৰিকাই পূৰ্বে ২০০৭ চনৰ পৰা ২০১৫ চনলৈ লেবাৰ পাৰ্টীৰ নেতা তথা প্ৰাক্তন ব্ৰিটিছ প্ৰধনমন্ত্ৰী গৰ্ডন ব্ৰাউন, সাংসদ হেৰিট হাৰমান আৰু প্ৰধানমন্ত্ৰী এড মিলিবেণ্ডৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিয়োজিত হৈ আছিল৷ এগৰাকী ষ্টেণ্ড আপ কমেডিয়ান হিচাপেও জনাজাত আয়েশাই বৃহস্পতিবাৰে উচ্ছ সদনত শপত গ্ৰহণৰ সময়ত পৰম্পৰাগত স্কাৰলেট ৰ’ব্‌ছ পৰিধান কৰা কৰা দেখা গৈছিল৷ হাউছ অৱ লৰ্ডছত প্ৰৱেশৰ পাছতেই মাইক্ৰ’ব্লগিং ছাইটত আয়েশা হাজৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰি লিখিছে এইদৰে–‘আপোনালোক সকলোৱে শুভেচ্ছাৰ বাবে বহুত বহুত ধন্যবাদ৷ পৰিয়াল, বন্ধু-বান্ধৱীৰ সৈতে পাৰ কৰা আজিৰ এই দিনটো মোৰ বাবে এক অবিশ্বাস্য আৰু বিশেষ দিন৷ মুছলমান হিচাপে মোৰ পিতৃ-মাতৃয়ে ভাৰতৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰি কঠোৰ পৰিশ্ৰম আৰু প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল৷ তেওঁলোকক আজি মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ৷ হাউছ অৱ লৰ্ডছত সদস্য হিচাপে যোগদান কৰাটো সঁচাকৈয়ে মোৰ জীৱনৰ বাবে অতি গৌৰৱৰ বিষয়৷’ উল্লেখ্য, আয়েশা হাজৰিকাই ২০১০ চনত লণ্ডনৰ ঐতিহাসিক মহিলা সমতা আইনৰ খচৰা প্ৰস্তুতত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ লণ্ডনৰ ইভিনিং ষ্টেণ্ডাৰ্ড, স্কটছমেন, গ্ৰেজিয়া আদি বাতৰি কাকত স্তম্ভলেখক প্ৰৱাসী অসমীয়া হাজৰিকাৰ বিবিচি, নিউজ নাইট, গুড মৰ্ণিং ব্ৰিটেইন, চি এন এন ইণ্টাৰনেশ্বনেল আদি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় টেলিভিশ্বনতো কাম কৰাৰ অভিজ্ঞতা আছে৷ আয়েশা হাজৰিকাই ২০১৮ চনত ‘পান্স এণ্ড জুডি পলিটিক্সছ’ শীৰ্ষক এখন গ্ৰন্থও প্ৰকাশ কৰিছিল৷ এডিনবাৰ্গ মহোৎসৱত ষ্টেণ্ড আপ কমেডিয়ান হিচাপে বঁটা লাভ কৰা অসম কন্যা আয়েশাই ২০১৯ চনত হাল বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে৷