Logo
image

মানৱ সম্পদৰ ভৱিষ্যৎ

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ক অনুসৰণ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত অনা নতুন পৰিৱৰ্তনে এক যোগাত্মক দিশক প্ৰতিফলিত কৰিছে৷ উক্ত ফলাফল অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বে বৰ্তি থকা ‘ষ্টেণ্ড’ ব্যৱস্থাৰ অৱসান ঘটাই শীৰ্ষস্থান প্ৰাপ্ত পাঁচজন পৰীক্ষাৰ্থীৰ নাম ঘোষণা কৰা হৈছে আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ইয়াক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে৷ উল্লেখ্য এই পৰীক্ষাসমূহত ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ সংবাদ মাধ্যম, সামাজিক মাধ্যমকে ধৰি আমাৰ প্ৰচলিত সমাজত যথেষ্ট উৎসাহ, আগ্ৰহ পৰিলক্ষিত হয়৷ ছপা মাধ্যম, বিদ্যুতিন মাধ্যমত এই ছাত্ৰ-ছাত্ৰীসকলৰ সাক্ষাৎকাৰ, মত প্ৰকাশ আদি বিস্তৃতভাৱে প্ৰকাশে কিছুদিনৰ বাবে হ’লেও তেওঁলোকক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি ৰাখে৷ শৈক্ষিক-সামাজিক ব্যৱস্থাটোত ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীৰ হঠাৎ গুৰুত্ব বাঢ়ি যায় যদিও তেওঁলোক সমান্তৰালকৈ এক মানসিক চাপৰো সন্মুখীন হয়৷ ইফালে নূ্যনতম নম্বৰৰ বাবে ষ্টেণ্ড নকৰা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ সমকক্ষসকলৰ দৰে গুৰুত্ব নোপোৱাটোক লৈয়ো তেওঁলোকৰ মাজত এক অসন্তুষ্টি, হতাশাৰ ভাৱ অহাটো অস্বাভাৱিক নহয়৷ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ প্ৰয়োগৰ পাছত ষ্টেণ্ড কৰাটো প্ৰত্যাহাৰৰ সপক্ষে আন এক যুক্তি হ’ল বিশেষকৈ উচ্ছতৰ মাধ্যমিকত ষ্টেণ্ড কৰিলেও দেশৰ প্ৰখ্যাত শিক্ষানুষ্ঠানসমূহত আসন লাভৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে৷ ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ স্নাতক পৰ্যায়তো উচ্ছতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ পৰিৱৰ্তে স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে এণ্ট্ৰেন্স পৰীক্ষাৰ নিয়ম বাধ্যতামূলক হোৱাৰ দিশে আগবাঢ়িছে৷ আনহাতে পূৰ্বতে থকা উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত শীৰ্ষস্থান প্ৰাপকসকলৰ বাবে ৰাজ্যৰ ইঞ্জিনিয়াৰিং, মেডিকেল কলেজত থকা আসন সংৰক্ষণৰ ব্যৱস্থা বাতিল কৰাৰ বাবে এইসকল ছাত্ৰ-ছাত্ৰীয়েও প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তেহে আসন লাভ কৰাটো নিশ্চিত কৰা হ’ল৷ জীৱনৰ এক কঠিন পৰীক্ষাত অৱতীৰ্ণ হৈ ষ্টেণ্ড কৰাটো আন বহু ছাত্ৰ-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে যদিও এইক্ষেত্ৰত কেতবোৰ নেতিবাচক দিশ নিহিত হৈ থকাৰ বাবে ‘ষ্টেণ্ড’ ব্যৱস্থাৰ বিলোপ ঘটোৱাটো এক সময়সাপেক্ষ ব্যৱস্থা হিচাপে অভিহিত কৰিব পাৰি৷ নতুন শিক্ষানীতি অনুসৰি মুখস্থ শিকন, পৰীক্ষাকেন্দ্ৰিক শিকনৰ ক্ৰমান্বয়ে অন্ত পেলাই মূল বিষয়বস্তু হূদয়ংগম কৰি শিক্ষাৰ্থীৰ মনত ধাৰণাভিত্তিক জ্ঞানৰ উন্মেষ ঘটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আমাৰ শিক্ষা ব্যৱস্থাত এনে কথাবোৰ বহু আগতেই প্ৰয়োগ হোৱাটো বাঞ্ছনীয় আছিল যদিও সেয়া আজিকোপতি হৈ উঠা নাই৷ তাৰ পৰিৱৰ্তে শিক্ষান্ত পৰীক্ষা, উচ্ছতৰ মাধ্যমিকৰ পৰা স্নাতক, স্নাতকোত্তৰ পৰ্যন্ত মুখস্থ বিদ্যাইহে অগ্ৰাধিকাৰ লাভ কৰে৷ সকলো বিষয়ত এই কথা প্ৰযোজ্য নহয় যদিও অধিকাংশ বিষয়ৰ ক্ষেত্ৰতে ইয়াৰ যোগেদিয়েই শিক্ষাৰ্থীয়ে মূল পৰীক্ষাত নম্বৰ লাভ কৰাত নিযোজিত হয়৷ বিষয়বস্তু খৰচি মাৰি তাৰ ওপৰত জ্ঞান আহৰণৰ ফলত শিক্ষাৰ্থীৰ যৌগিক, উদ্ভাৱনী চিন্তাৰ বিকাশ সাধন হয়৷ স্কুলীয়া শিক্ষাতেই ইয়াৰ ভেটি স্থাপন হ’লে পৰৱৰ্তী পৰ্যায়ত এইসকলে নিজৰ বৌদ্ধিক দিশ সৱল কৰাৰ লগতে গৱেষণাৰ ক্ষেত্ৰতো সফল হোৱাৰ সম্ভাৱনা থাকে৷ এনে পৰিপ্ৰেক্ষিতত ছেবা, উচ্ছতৰ শিক্ষা সংসদ আদিয়ে শিক্ষণ, শিকন, প্ৰশ্নৰ পেটাৰ্ণ, মূল্যায়ন, ব্যক্তিত্বৰ বিকাশ, মূল্যবোধৰ শিক্ষা, দক্ষতাকেন্দ্ৰিক পাঠ্যক্ৰম আদিৰ ক্ষেত্ৰত দুই এক পদক্ষেপ গ্ৰহণ কৰিছে যদিও দুয়োটা নিয়ন্ত্ৰক সংস্থাৰ কৰ্মপদ্ধতিত বহু সংস্কাৰৰ প্ৰয়োজনীয়তা আছে৷ চৰকাৰে শিক্ষানুষ্ঠানৰ গুণগত মানৰ আধাৰ হিচাপে মূলতঃ বিদ্যালয়খনৰ শিক্ষান্ত পৰীক্ষা, উচ্ছতৰ মাধ্যমিকৰ ফলাফলক গণ্য কৰে বাবে বহু শিক্ষানুষ্ঠানে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিচৰা দিশবোৰ নস্যাৎ কৰি কেৱল যেনতেন প্ৰকাৰেণ ফলাফলৰ হাৰ বৃদ্ধিতহে অধিক গুৰুত্ব দিয়ে৷ পৰীক্ষাত নকল প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে শেহতীয়াকৈ অতি কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও ফলাফল ভাল কৰাৰ স্বাৰ্থত একাংশ শিক্ষানুষ্ঠানে নকল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আওকাণ কৰে৷ এনে কাৰ্যক ৰোধ কৰাৰ বাবে পোনপটীয়া প্ৰশ্নৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ধাৰণা ভিত্তিৰ প্ৰশ্নৰ ওপৰত গুৰুত্ব দিছে আৰু ছেবাই ভৱিষ্যতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইয়াক প্ৰয়োগ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে সময়ৰ লগত সংগতি ৰাখি ছেবাই চলিত শিক্ষা বৰ্ষৰ পৰা নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে ‘কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্‌ছ’ সন্নিবিষ্ট কৰাৰ লগতে সাজ-পোছাক ডিজাইন, উড্‌ক্ৰাফ্‌ট, সংগীত, নৃত্য, যোগ, শাৰীৰিক শিক্ষা, ফাইন আৰ্টছ, গৃহ বিজ্ঞান আদিৰ সংযোজন ঘটাইছে৷ সাম্প্ৰতিক সময়ত এনে বিষয়সমূহৰ ব্যৱহাৰিক জ্ঞানে শিক্ষাৰ্থীৰ ভৱিষ্যতে স্ব-নিয়োজনৰ পথ মুকলি কৰাৰ সম্ভাৱনা আছে৷ অনুৰূপভাৱে অসমৰ কলেজ-বিশ্ববিদ্যালয়সমূহতো এনে বহু নতুন বিষয়, পাঠ্যক্ৰম সংযোজনেৰে শিক্ষাৰ্থীৰ নিয়োগ নিশ্চিতকৰণ, ব্যক্তিত্বৰ বিকাশৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে৷ নতুনত্বৰ সংযোজন হোৱাটো সময়ৰ দাবী৷ কিন্তু প্ৰশ্ন হ’ল– নতুনত্বৰ নামত অনা দিশসমূহৰ সন্মুখীন হ’ব পৰাকৈ শিক্ষা ব্যৱস্থাটোত জড়িত অংশীদাৰসকল কিমান প্ৰস্তুত সেয়াহে গুৰুত্বপূৰ্ণ কথা৷ নিশ্চিতভাৱে সেই কথাই নিৰূপিত কৰিব মানৱ সম্পদৰ ভৱিষ্যৎ৷