Logo
image

২ বিতৰ্কিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে

আমাৰ অসম, ১২ মাৰ্চঃ ৰাজ্যত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ শাসক-বিৰোধী আনকি নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰত পিছ পৰি ৰোৱা নাই৷ বিশেষকৈ শাসকীয় বিজেপিৰ শীৰ্ষ হাইপ্ৰফাইল নেতাসকলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ লানি লাগিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনৰ অধিসূচনা ঘোষণাৰ পূৰ্বৰে পৰা অসমত প্ৰচাৰ অব্যাহত ৰাখিছে৷ বিজেপিৰ দুয়োজন শীৰ্ষ নেতাই পুনৰ অসমত প্ৰচাৰ চলোৱাৰ পৰিকল্পনা কৰিছে৷ এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ দুই বিতৰ্কিত প্ৰাৰ্থীক উদ্ধাৰ কৰিবৰ বাবে প্ৰচাৰ চলাবলৈ আহিব অসমলৈ৷ ১৪ মাৰ্চত গৃহমন্ত্ৰী শ্বাহে কয়লা ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মা আৰু দিনটোতে দুটাকৈ দল-বাগৰা অতি সুবিধাবাদী নেতা হিচাপে চিহ্নিত ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ অহাৰ সম্ভাৱনা আছে৷ কিবা কাৰণত ভ্ৰমণৰ তাৰিখ সলনি হ’ব পাৰে যদিও ভাস্কৰ শৰ্মা আৰু পৰমানন্দ ৰাজবংশীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অমিত শ্বাহ অহাটো খাটাং বুলি প্ৰদেশ বিজেপিৰ উচ্ছস্তৰীয় সূত্ৰই সদৰী কৰিছে৷ একে সময়তে মাজুলীলৈও আহিব অমিত শ্বাহ৷ জাতি-মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনক মুকলি সমৰ্থন জনাই বাংলাদেশীক বৰপীৰা পাৰি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভাতো অংশ ল’ব অমিত শ্বাহে৷ লক্ষণীয়ভাৱে এইবাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত ভাস্কৰ শৰ্মাৰ নেতৃত্বাধীন কয়লা ছিণ্ডিকেটৰ ধন বিনিয়োগ হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে৷ আনকি মাৰ্ঘেৰিটাৰ বাহিৰেও কেইবাটাও সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমস্ত ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে ভাস্কৰ শৰ্মা বাহিনীয়ে৷ সেইবাবেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোৱনিকোঠাৰ লোক বুলি পৰিচিতি থকা বিজেপিৰ যুৱনেতা লক্ষ্য কোঁৱৰৰ পৰিৱৰ্তে ভাস্কৰ শৰ্মাক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া বুলিও অভিযোগ উঠিছে৷ অৱশ্যে ভাস্কৰ শৰ্মাৰ প্ৰাৰ্থিত্বত শেষ মুহূৰ্তত মুখ্যমন্ত্ৰী সোণোৱালেও মৌনভাৱে সমৰ্থন জনোৱা বুলি বিজেপি সূত্ৰই সদৰী কৰিছে৷ মুখ্যমন্ত্ৰীৰ সোণোৱালৰ এই ইউ-টাৰ্ন ৰাজনীতিৰ আঁৰত কি আছে সেয়া সময়েহে ক’ব৷ কেৱল ভাস্কৰ শৰ্মাৰ সমষ্টিতে নহয়, কয়লা ছিণ্ডিকেটৰ কমিচনৰ ধন বিজেপিয়ে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰত ব্যয় কৰা বুলিও অভিযোগ উঠিছে৷ ইপিনে, মাৰ্ঘেৰিটাৰ প্ৰচাৰ সভাৰ সমান্তৰালভাৱে অমিত শ্বাহে ছিপাঝাৰ সমষ্টিৰ ন-বিজেপি প্ৰাৰ্থী তথা বহু-বিতৰ্কিত পৰমানন্দ ৰাজবংশীৰ হৈও নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একান্ত অনুৰাগী হিচাপে জনাজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে কেইমাহমান পূৰ্বে অগপত যোগদান কৰিছিল৷ ৰাজবংশীৰ ৰাজনৈতিক গুৰু হৈছে তেওঁতকৈ প্ৰায় পোন্ধৰ বছৰে সৰু হিমন্তবিশ্ব শৰ্মা৷ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ আগৰে পৰাই হিমন্তবিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে কাম কৰিছিল সাহিত্য সভাৰ তদানীন্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে৷ আনকি, মন্ত্ৰী শৰ্মাৰ পছন্দৰ লোকক শৰ্মাৰ চুপাৰিশ মতে সাহিত্য সভাৰ গুৰুদায়িত্ব অৰ্পণ কৰাতো আগভাগ লৈছিল ৰাজবংশীয়ে৷ অৱশ্যে ৰাজবংশীৰ এই আনুগত্যৰ পুৰস্কাৰ দিবলৈ নাপাহৰিলে মন্ত্ৰী শৰ্মাই৷ ছিপাঝাৰ সমষ্টিটো প্ৰথমে অগপক এৰি দিয়াৰ কথা আছিল বাবেই ‘কা’বিৰোধী আন্দোলনত লম্ফজম্ফ কৰা পৰমানন্দ ৰাজবংশীয়ে নিশাটোৰ ভিতৰতে মোট সলাই ‘কা’ সমৰ্থক অগপত যোগ দিলে৷ পৰৱৰ্তী সময়ত ৰাজনীতি সলনি হ’ল৷ ছিপাঝাৰ সমষ্টি গ’ল বিজেপিৰ হাতলৈ৷ তথাপি ‘বঞ্চিত’ নহ’ল পৰমানন্দ ৰাজবংশী৷ গুৰু হিমন্তৰ দিহা মতেই শিষ্য পৰমাই ঘণ্টাৰ ভিতৰতে আকৌ মোট সলালে৷ হাতী পাৰ্টী এৰি পদুম পাৰ্টীলৈ আহিল৷ পৰিধান কৰিলে গেৰুৱা বসন৷ ৰাইজক ক’লে কোনেও নুবুজা সংজ্ঞা– মই আঞ্চলিকতাবাদৰ ভিত্তিত প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয়তাবাদৰ সমৰ্থক৷ আঞ্চলিকতাবাদ মই ভাল পাওঁ, কিন্তু ৰাইজৰ সপোনবোৰ পূৰণ কৰিবৰ বাবেই মই ৰাষ্ট্ৰীয়তাবাদী হৈছোঁ...৷ বিজেপিত যোগ দিয়াৰ পূৰ্বেই প্ৰাৰ্থিত্ব নিশ্চিত হৈছিল ৰাজবংশীৰ৷ দুদিন পাছত ছিপাঝাৰত ৰাজবংশীক বিজেপিৰ প্ৰাৰ্থিত্ব দি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলে বিজেপিয়ে৷ কিন্তু অসম সাহিত্য সভাত পৰমা ৰাজবংশীয়ে যি গেৰুৱাকৰণ ৰাজনীতি আৰম্ভ কৰি থৈ গ’ল সেয়া এতিয়াও অব্যাহত আছে৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকে সভাপতিৰ নিৰ্দেশমৰ্মে সভাৰ কোনো বিষয়ববীয়া বা সদস্যক সক্ৰিয় ৰাজনৈতিক কৰ্মত জড়িত নহ’বলৈ নিৰ্দেশ জাৰি কৰাৰ পাছদিনাই এই নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই শুৱালকুছিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে অসম সাহিত্য সভাৰ উপসভাপতি তথা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে৷ কেৱল সেয়ে নহয়, বিজেপিক দলেবলে ভোট দি হিমন্তক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ৩ান জনালে অসম সাহিত্য সভাৰ উপসভাপতিয়ে৷ এই ভয়ংকৰ ঘটনাপ্ৰৱাহত চকু মুদা কুলিৰ ভাও জুৰিলে সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাকে ধৰি সভাৰ বিষয়ববীয়াসকলে৷ তেওঁলোকৰ প্ৰতিবাদ কৰাৰ সাহস নোহোৱা হ’ল৷ সাহস কৰিবনো কেনেকৈ? হিমন্তবিশ্ব শৰ্মাৰ মাতৃক বাধা দিব পৰা শক্তি অসম সাহিত্য সভাৰ আছে জানো? কোনোবা হৰি-যদু-মধু হোৱা হ’লে লগে লগেই নিলম্বিত হ’লহেঁতেন৷ বা বহিষ্কৃত হ’লহেঁতেন৷ কিন্তু মৃণালিনী দেৱী এয়া সপোনতো ভাবিব নোৱৰা কথা৷ কাৰণ তেওঁ অসমৰ আটাইতকৈ শক্তিশালী মন্ত্ৰীজনৰ মাতৃ৷ এইদৰেই অসমৰ আটাইতকৈ শক্তিশালী জাতীয় সংগঠনটো এতিয়া বিজেপিৰ ‘বি’ টীমত পৰিণত হ’বলৈ উদ্যত হৈছে৷ মূৰৰ পৰাই গেলিছে অসম সাহিত্য সভা৷ সাহিত্য সভাক গেলোৱা অভিযান আৰম্ভ কৰা পৰমা ৰাজবংশীৰ ‘পৰমালি’ এতিয়াও অব্যাহত আছে৷ কৈশোৰৰ পৰাই জয় আই অসম ধবনি দিয়া আছুৰ এসময়ৰ শক্তিমান নেতাজনে এতিয়া এই ধবনি দিবলৈ পাহৰি গ’ল৷ মুখত আখৈ ফুটাদি ফুটিছে– ভাৰত মাতা কী জয়, জয় শ্ৰীৰাম...৷ এইজন পৰমানন্দ ৰাজবংশীক উদ্ধাৰ কৰিবলৈ আহিব অমিত শ্বাহ৷ নৰেন্দ্ৰ মোদীও অহাৰ সম্ভাৱনা আছে৷ কাৰণ পৰমা ৰাজবংশীৰ দৰে নিশাটোৰ ভিতৰতে মোট সলোৱা লোক মোদী-শ্বাহৰ অতি পছন্দৰ...৷