Logo
image

নিৰ্বাচন গ'ল, বজাৰত এতিয়া দামবৃদ্ধিৰ জুইঃ আদা-নহৰুৰ বৰ্ধিত দামে জ্বলাকলা খুৱাইছে গ্ৰাহকক

'আমাৰ অসম’ৰ বান্দৰদেৱাৰ বিশেষ প্ৰতিবেদক, ১৩মে’: লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত খাদ্য আৰু দ্ৰব্যৰ অস্বাভাৱিক দামবৃদ্ধিৱে জনসাধাৰণৰ জ্বলাকলা খুৱাইছে৷ লোকসভা নিৰ্বাচনৰ পাছতে এতিয়া বজাৰত নিয়ন্ত্ৰণ হেৰুৱাইছে চৰকাৰে৷ লখিমপুৰ জিলাৰ ভিতৰতে লেখতলবলগীয়া এখন বজাৰ হৈছে হাৰমতী সাপ্তাহিক বজাৰ৷ সপ্তাহত তিনিটা দিনতে বজাৰ থকা হাৰমতী বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে নিতৌ ৰন্ধনশালত ব্যৱহাৰ হোৱা আদা ,নহৰুৰ দাম এতিয়া আকাশলংঘী হৈছে ৷ পূৰ্বতে প্ৰতি কিলোগ্ৰাম আদা ৩০ ৰ পৰা ৪০ টকাত বিক্ৰী হৈছিল, সেই আদা বৰ্তমান প্ৰতিকিলোগ্ৰাম বিক্ৰী হৈছে ১০০ৰ পৰা ১২০ টকাত ৷ আনহাতে যি নহৰুৰ দাম প্ৰতিকিলোত ৮০ টকা আছিল, বৰ্তমান সেই নহৰুৰ দাম হৈছেগৈ ৪০০ ৰ পৰা ৫০০ টকা পৰ্যন্ত৷ 

এনে আকাশলংঘী দামে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক৷ অসম চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো খুচুৰা ব্যৱসায়ীসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম  নিজ ইচ্ছামতে কেনেকৈ বৃদ্ধি কৰিব পাৰিছে, তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সম্প্ৰতি গ্ৰাম্য বজাৰখনত মাঘবিহুৰ পৰাই মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে আদা-নহৰুৰ দাম৷ এইক্ষেত্ৰত চৰকাৰক সমগ্ৰ বিষয়টো কিছু গুৰুত্ব দি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷