নিৰ্বাচনৰ সুবিধা লৈ এইবাৰ ব্ৰইলাৰ ছিণ্ডিকেট
শীঘ্ৰে জুই-ছাই দাম হ’ব চিকেনৰ
আমাৰ অসম, ১২ মাৰ্চঃ ৰাজ্যৰ সৰ্বত্ৰ এতিয়া নিৰ্বাচনী বতাহ৷ নিৰ্বাচনী বতৰৰ ধামখুমীয়া মাজতে ৰাজ্যত ছিণ্ডিকেট চক্ৰ পুনৰ সক্ৰিয় হৈ পৰাৰ অভিযোগ উঠিছে৷ ছিণ্ডিকেট চক্ৰক কমিচন দি অসমৰ পৰা দৈনিক শ শ কয়লা, চুপাৰি, অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক ওলাই যোৱাৰ বিপৰীতে বহিঃৰাজ্যৰ পৰা নিতৌ অসমলৈ আহি আছে ব্ৰইলাৰ, গাহৰীৰ লগতে ধঁপাত জাতীয় সামগ্ৰীভৰ্তি ট্ৰাক৷ উদ্বেগজনকভাৱে এই ছিণ্ডিকেটৰ আঁৰত বিজেপি আৰু ইউ পি পি এলৰ নেতাৰ লগতে প্ৰাক্তন উগ্ৰপন্থীৰ নাম সাঙুৰ খাই পৰিছে৷ বি টি আৰত ক্ষমতালৈ আহিয়েই ইউ পি পি এল আৰু বিজেপি মিত্ৰজোঁটৰ পৰিষদৰ নেতা-পালি নেতাই আৰক্ষীৰ পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ শ্ৰীৰামপুৰৰ শিমলুতাপু অঞ্চলত ঘাটি পাতি চক্ৰটোৱে শ্ৰীৰামপুৰ গেট পাৰ কৰোৱাৰ নামত কয়লা-ছুপাৰিৰ পৰা ব্ৰইলাৰ-গাহৰীলৈ প্ৰতিখন ট্ৰাকৰ পৰা মোতা অংকৰ কমিচন সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছে৷ শেহতীয়াকৈ এই ছিণ্ডিকেট চক্ৰটোৱে পশ্চিমবংগৰ পৰা অহা ব্ৰইলাৰ মূৰ্গী কঢ়িওৱা বাহনৰ পৰা বুজন পৰিমাণৰ কমিচন সংগ্ৰহ কৰাত অসমত ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে৷ তদুপৰি ধুবুৰীৰ ছাগলীয়াতো প্ৰাক্তন উগ্ৰপন্থীৰ নেতৃত্বত ব্ৰইলাৰ-গাহৰিৰ ছিণ্ডিকেটৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ শ্ৰীৰামপুৰত ছিণ্ডিকেট চলোৱাৰ অভিযোগৰ আঙুলি উঠিছে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা পাৰিষদ সজল সিন্হালৈ৷ পাৰিষদজনৰ ঘনিষ্ঠ হাফিজুল ইছলাম আৰু গল্ডেন বসুমতাৰীয়ে শ্ৰীৰামপুৰৰ সীমাত চলাইছে ছিণ্ডিকেট৷ হাফিজুল ইছলামেও বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও জয়লাভ কৰিব পৰা নাছিল৷ পূৰ্বে গৰু ছিণ্ডিকেটৰ গোচৰত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হাফিজুল শেহতীয়াকৈ ধুবুৰী এৰি কোকৰাঝাৰৰ ছিণ্ডিকেট আৰম্ভ কৰিছে৷ হাফিজুলৰ সহযোগী আনটো ছিণ্ডিকেট মাফিয়া গল্ডেন বসুমতাৰী হৈছে ইউ পি পি এলৰ এজন সক্ৰিয় নেতা৷ বিটিচি চীফ প্ৰমোদ বড়োৰেও মধুৰ সম্পৰ্ক আছে গল্ডেনৰ৷ এই দুই ছিণ্ডিকেট কাণ্ডাৰীয়ে শ্ৰীৰামপুৰ হৈ পশ্চিমবংগৰ পৰা অসমলৈ অহা ব্ৰইলাৰ কুকুৰা আৰু পাঞ্জাৱ-হাৰিয়ানাৰ পৰা অহা গাহৰি ট্ৰাকৰ পৰা কমিচন সংগ্ৰহ কৰি আহিছে৷ কমিচন নিদিলে বহিঃৰাজ্যৰ পৰা শ্ৰীৰামপুৰেদি কোনো সামগ্ৰী অসমত প্ৰৱেশ কৰিবলৈ নিদিয়ে দালাল চক্ৰটোৱে৷ তদুপৰি চাধা-জৰ্দাকে ধৰি ধঁপাতজাতীয় সামগ্ৰী সৰবৰাহ কৰা প্ৰতিখন বাহনৰ পৰাও নিৰ্ধাৰিত হাৰত দৈনিক কমিচন সংগ্ৰহ কৰে এই চক্ৰটোৱে৷ লক্ষণীয় বিষয়টো হৈছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড॰ এল আৰ বিষ্ণয়ে বিটিএডিৰ দায়িত্ব লোৱাৰ পাছতেই এদিন পূৰ্বে শ্ৰীৰামপুৰ গেটেদি ওলাই গ’ল প্ৰায় ৪ শতাধিক অবৈধ কয়লা ভৰ্তি ট্ৰাক৷ প্ৰতিখন ট্ৰাকৰ পৰাও ছিণ্ডিকেট চক্ৰটোৱে ৩০ হাজাৰ টকাকৈ কমিচন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ তদুপৰি বাৰ্মিজ চুপাৰীৰ লগতে অৰুণাচলী সুৰা গেটেদি বহিঃৰাজ্যলৈ পাৰ কৰোৱাৰ বিনিময়ত মাফিয়া কায়দাৰে চক্ৰটোৱে ধন সংগ্ৰহ কৰি আহিছে৷ ইপিনে কোক্ৰাঝাৰৰ শ্ৰীৰামপুৰ গেটৰ সমান্তৰালভাৱে ধুবুৰীৰ ছাগলীয়াতো অব্যাহত আছে ছিণ্ডিকেট চক্ৰৰ হাতোৰা৷ প্ৰাক্তন উগ্ৰপন্থী আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়কৰ ঘনিষ্ঠ একাংশই ছাগলীয়াত ছিণ্ডিকেট চলোৱাৰ অভিযোগ উঠিছে৷ বিশেষকৈ পশ্চিমবংগৰ পৰা ছাগলীয়া হৈ অসমত প্ৰৱেশ কৰা ব্ৰইলাৰ আৰু গাহৰি ট্ৰাকৰ পৰা এই চক্ৰটোৱে ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে ধুবুৰীৰ আদাবাৰীৰ পৰা দুখন ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা ডি আই বাহন জব্দ কৰাৰ পাছতেই ছিণ্ডিকেটৰ গোপন অধ্যায় উন্মোচন হৈছে৷ প্ৰাক্তন কে এল অ’ দীপ সৰকাৰৰ নেতৃত্বতে প্ৰাক্তন উগ্ৰপন্থী গুৰুপদ বৰ্মনে বহিঃৰাজ্যিৰ পৰা অহা প্ৰতিখন ব্ৰইলাৰ কঢ়িওৱা বাহনৰ পৰা কমিচন সংগ্ৰহ কৰি সৰবৰাহ চলাই অহা বুলিও ডি আই বাহনৰ চালক-হেণ্ডিমেনে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷ ধুবুৰীত প্ৰৱেশ কৰিবলৈ এই ছিণ্ডিকেট চক্ৰটোৱে একোখন পিক আপ ভেনৰ পৰা ২০ হাজাৰ টকা আৰু ট্ৰাকৰ পৰা ৩০-৩৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ লক্ষণীয়ভাৱে ছাগলীয়া আৰু শ্ৰীৰামপুৰ দুয়ো স্থানৰে পশু-পালন বিষয়া আৰু বিক্ৰীকৰ বিষয়াক কমিচন দি চিণ্ডিকেট চক্ৰটোৱে ক’লা সাম্ৰাজ্য চলাই আহিছে৷